মোৰ মতে প্ৰবন্ধটোৰ শুদ্ধ লিপ্যন্তৰ "দেৱিকা ৰাণী"হে হ'ব লাগিছিল। দেৱিকা, চন্দিকা আদি শব্দত 'ী'কাৰ নহয়। (কিয় নহয়, তাৰ কাৰণটো অৱশ্যে মই এই মুহূৰ্তত বাখ্যা কৰিব নোৱাৰিম।) উক্ত ব্যক্তিগৰাকীৰ বাংলা, হিন্দী আৰু ইংৰাজী নামৰ লিপ্যন্তৰ ক্ৰমে এনেধৰণৰ- দেবিকা রাণী, (মন কৰিব বাংলাত ৱ বৰ্ণ নাই) देविका रानी আৰু Devika Rani. চাওক বাংলা আৰু হিন্দীত 'ী'কাৰ নাই। আনহাতে Devikaৰ V বৰ্ণটোৱে অসমীয়া ৱ বৰ্ণক প্ৰতিনিধিত্ব কৰে। বাবুল বৈশ্য (talk) 15:49, 11 april 2019 (ইউ.টি.চি.)

সমৰ্থন। "দেৱিকা ৰাণী" হ'ব লাগে। স্থানান্তৰ কৰিছোঁ। — গীতাৰ্থ বৰদলৈ (talk) 14:51, 23 april 2019 (ইউ.টি.চি.)
"দেৱিকা ৰাণী" পৃষ্ঠালৈ উভতি যাওক।