বিলোপন প্ৰত্যাহ্বান সম্পাদনা কৰক

প্ৰবন্ধটো সাহিত্যিকগৰাকীৰ পৰিচয়ৰ লগতে উত্তৰসূৰী গৱেষকৰ বাবে গুৰুত্বপূৰ্ণ

প্ৰবন্ধটোত কোনো নিৰ্ভৰযোগ্য তথ্যসূত্ৰ নাই। তদুপৰি বিশ্বকোষীয় প্ৰবন্ধ হোৱাৰ বাবে যি উল্লেখযোগ্যতাৰ প্ৰয়োজন, সেই মাপকাঠিও প্ৰবন্ধটোেৱে পূৰণ কৰিব পৰা নাই। স্বাভাৱিকতে ই বিলোপনৰ যোগ্য। অনুগ্ৰহ কৰি এই দুটা পৃষ্ঠা চাওক- ১) ৱিকিপিডিয়া:বিশ্বাসযোগ্যতা, ২) ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি)বাবুল বৈশ্য (বাৰ্তা) 15:55, 5 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক
@প্ৰণীতা কাকতি:, প্ৰদীপ হাজৰিকা শীৰ্ষক প্ৰবন্ধটোৰ তথ্যসমূহ আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছে? ৱিকিপিডি়য়াৰ প্ৰবন্ধত তথ্যসূত্ৰ দিয়াটো অতিশয় জৰুৰী। যিহেতু আপুনি নবাগত, সম্ভৱতঃ আপুনি ৱিকিপিডিয়াত কেনেকৈ কেনেকৈ তথ্যসূত্ৰ দিব লাগে নাজানে। আপুনি বিচাৰিলে এই ক্ষেত্ৰত সম্পূৰ্ণ সহায় কৰা হ'ব। বাবুল বৈশ্য (বাৰ্তা) 14:29, 6 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক
@প্ৰণীতা কাকতি:, ৱিকিপিডিয়াৰ যিকোনো প্ৰবন্ধত তথ্যসূত্ৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। সেয়ে প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৰ্তাই ৰাখিবলৈ প্ৰয়োজন হোৱা তথ্যসূত্ৰ আছে যদি প্ৰবন্ধটোত যোগ কৰিবলৈ অনুৰোধ জনালোঁ লগতে “বঙালী ৰ” সলনি “অসমীয়া ৰ” ব্যৱহাৰ কৰে যেন। দিব্য দত্ত (বাৰ্তা) 18:17, 6 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰদীপ হাজৰিকা সম্পাদনা কৰক

অসমীয়া সাহিত্যৰ সৈতে জড়িত এগৰাকী সাহিত্যিক। একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ আৰু সাহিত্য সমালোচক আৰু সু-বক্তা। তেখেতৰ জন্ম হৈছিল ১৯৫১ চনৰ ৫ জুলাইত বৰ্তমানৰ চৰাইদেউ জিলাৰ মাহমৰা মৌজাৰ কচুমাৰি গাঁৱত। তেওঁৰ পিতৃ আছিল মিনাৰাম হাজৰিকা আৰু মাতৃ আছিল প্ৰেমলতা হাজৰিকা। তেখেতে অসমৰ বিভিন্ন মহাবিদ্যালয়ত শিক্ষকতা কৰি ২০১৯ চনত নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।

জন্ম : ৫ জুলাই, ১৯৫১

কচুমাৰি, চৰাইদেউ। 

মৃত্যু : ৫ জানুৱাৰী, ২০২০।

পেচা : গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ আৰু সাহিত্য সমালোচক।

ভাষা : অসমীয়া।

ৰাষ্ট্ৰীয়তা : ভাৰতীয়।

নাগৰিকত্ব : ভাৰতীয়।

শিক্ষা : এম.এ, পি.এইচ.ডি।

গৱেষণা গ্ৰন্থ : অসম বুৰঞ্জীৰ পটভূমিত ৰচিত অসমীয়া নাটক : এক সমীক্ষাত্মক অধ্যয়ন।

ধৰণ : অসমীয়া সাহিত্য।

উল্লেখযোগ্য সাহিত্য : প্ৰসঙ্গ : শ্ৰীমন্ত শংকৰদেৱ।

জন্ম :- ১৯৫১ চনৰ ৫ জুলাইত বৰ্তমানৰ চৰাইদেউ জিলাৰ মাহমৰা মৌজাৰ কচুমাৰি গাঁৱত জন্ম। পিতৃ মিনাৰাম হাজৰিকা আৰু মাতৃ প্ৰেমলতা হাজৰিকা। সম্পাদনা কৰক শিক্ষা ঃ কচুমাৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা প্ৰদীপ হাজৰিকাই পৰৱৰ্তী সময়ত কচুমাৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা বা উচ্চ প্ৰাথমিক, কচুমাৰি বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বা উচ্চতৰ মাধ্যমিক, মৰাণ মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হয়। ১৯৮১ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰায়ভেটকৈ পৰীক্ষা দি অসমীয়া বিভাগত প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভৈ কৰে। ইয়াৰ পিছত তেওঁ অধ্যাপক লীলা গগৈৰ তত্ত্বাৱধানত ১৯৮৮ চনত এম.ফিল. ডিগ্ৰী লাভ কৰে। ২০০১ চনত হাজৰিকাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই প্ৰহ্লাদ কুমাৰ বৰুৱাৰ তত্ত্বাৱধানত ‘অসম বুৰঞ্জীৰ পটভূমিত ৰচিত অসমীয়া নাটকঃ এক সমীক্ষাত্মক অধ্যয়ন’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। কৰ্ম জীৱন ঃ প্ৰদীপ চন্দ্ৰ হাজৰিকাই কৰ্মজীৱনৰ আৰম্ভণি ঘটাই ১৯৭১ চনত “দৈনিক জনমভূমি' কাকতৰ যোৰহাট সংস্কৰণৰ উপ-সম্পাদক হিচাপে। কচুমাৰি উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে ১৯৭৪ চনত। ১৯৭৫ চনত অসম চৰকাৰৰ সমবায় বিভাগৰ চাকৰিত যোগদান দিয়াৰ পিছত তেওঁ এই চাকৰি এৰি ১৯৭৭ চনৰ পৰা ১৯৮৬ চনলৈ অসম কৃষি বিশ্ববিদ্যালয়ত, যোৰহাটত প্ৰকাশন সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত তেওঁ ১৯৮৬ চনৰ পৰা ২০১১ চনলৈকে মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কাৰ্যত ব্ৰতী হয়। তাৰ পিছতে তেওঁ ৰাজগড় মহাবিদ্যালয়ত ২০১১ চনত অধ্যক্ষ হিচাপে যোগদান কৰে। হাজৰিকাই নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ২০১৬ চনত মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰি ২০১৯ চনত অৱসৰ গ্ৰহণ কৰে। সাহিত্য কৰ্ম ঃ প্ৰদীপ হাজৰিকাৰ দ্বাৰা ৰচিত চুটিগল্প সংকলন হৈছে- 'বাইদেউ' আৰু 'দৈনন্দিন'। তেওঁৰ ৰচিত উপন্যাসকেইন হ'ল 'অৱগাহন', ‘দোকমোকালি” আৰু ‘আবেলিৰ ছবি'। হাজৰিকাৰ প্ৰবন্ধ সংকলনকেইখন হ'ল- নাট্য সমীক্ষা’, ‘প্ৰসঙ্গঃ শ্ৰীমন্ত শংকৰদেৱ আৰু ‘প্ৰসঙ্গঃ নাটক'। তেওঁৰ একমাত্ৰ ভ্ৰমণ কাহিনীখন হৈছে ‘শীতৰ শেষত ওবামাৰ দেশত। হাজৰিকাৰ গৱেষণা গ্ৰন্থখনো প্ৰকাশ পায়। সেইখনা হৈছে “অসম বুৰঞ্জীৰ পটভূমিত ৰচিত অসমীয়া নাটক এক সমীক্ষাত্মক অধ্যয়ন। সেইদৰেই হাজৰিকাই কেইবাখনো গ্ৰন্থ সম্পাদনাও কৰি থৈ গৈছে। সেইসমূহ হ'ল- 'অন্য আকাশৰ তৰা', “চিন্তা বিচিত্ৰা', “চৰাইদেউ', 'শ্ৰীমন্ত শংকৰদেৱ আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠী’, ‘মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ অংকীয়া নাট আৰু ঝুমুৰা', শিৱসাগৰ দৰ্পন', 'জ্যোতিশংখ', 'ৰাধিকা', 'ৰঙ্গমঞ্চ” ইত্যাদি। প্ৰণীতা কাকতি (বাৰ্তা) 17:06, 4 February 2022 (ইউ.টি.চি.)উত্তৰ দিয়ক

"প্ৰদীপ হাজৰিকা" পৃষ্ঠালৈ উভতি যাওক।