বাৰ্তা:বনগাঁও সভা মহোৎসৱ

সময়ৰ অভাৱত একেবাৰে লিখিব নোৱাৰা বাবে এই প্ৰবন্ধটিৰ তলত (সম্পাদনা চলি আছে) বুলি লিখা হৈছিল, যিটো বিষ্ণু শ‍ইকীয়াই কোনো বাৰ্তা নপঠোৱাকৈ সম্পাদনা কৰি আঁতৰাই দিছে| দ্বিতীয়তে, লেখাটো বিজ্ঞাপন বুলি কব বিচৰা হৈছে| তেন্তে কামাখ্যা মন্দিৰত বছৰি হোৱা অম্বুবাচী মেলাৰ কথা লিখিলে সেয়াও বিজ্ঞাপন হব নেকি ? লগতে অসমৰ্থিত ভাষ্য কি ব্যৱহাৰ কৰা হৈছে জনাবলৈ অনুৰোধ জনালো|

ধ্ৰুৱজ্যোতি শৰ্ম্মা 11:43, 25 মে' 2012 (UTC)


এতিয়া জ্যোতিয়ে অলপ সালসলনি কৰি দিছে। আপুনি লিখিবৰ বাবে অলপ দীঘলীয়া সময় ল'লে প্ৰবন্ধটোত ওপৰত {{সম্পাদনা দ্বন্দ}} বা {{under construction}} বুলি লিখি থ'ব। এনে ধৰণৰ প্ৰবন্ধ লিখিলে কাৰ্যসূচীখন দিয়াৰ প্ৰয়োজন নাই। তৃতীয়তে তথ্যসূত্ৰত উল্লেখ কৰা স্মৰণিকাখনৰ প্ৰকাশৰ বছৰ, পৃষ্ঠা সংখ্যা, লিখনি আদি সকলো ইয়াত লিখি দিব লাগিব। — গীতাৰ্থ বৰদলৈ (talk) 17:48, 25 মে' 2012 (UTC)

ধন্যবাদ | - ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 04:34, 28 মে' 2012 (UTC)


ধ্রুৱদা, সৰু কথা এটা কৈছোঁ দেই। "কৈহটীয়া ঢুলীয়া" বুলি নিদি "কৈহাটীৰ ঢুলীয়া" বুলি দিব পাৰে । কৈহাটী পৃষ্ঠাখন ইতিমধ্যে সৃষ্টি কৰা আছেই যেতিয়া এনেকৈ দিলে কোনোবাই সেইখন পৃষ্ঠা চাব বিচাৰিলেও চাব পাৰিব। মই নিজেই সলাই দিব পাৰিলোঁহেতেন, কিন্তু সম্পাদনা নকৰিবলৈ টেগটো দি থোৱা বাবে নকৰিলোঁ । - স্যামন্ত কুমাৰ গোস্বামী বার্তা 04:09, 12 জুন 2012 (UTC)
শ্যামন্ত, ধন্যবাদ| এতিয়া সম্পাদনা টেগ আঁতৰাই দিয়া হ’ল| প্ৰয়োজন সাপেক্ষে প্ৰয়োজনীয় সা-সলনি তুমিও কৰি দিব পাৰিবা| ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 08:18, 12 জুন 2012 (UTC)


নাই নাই, সুন্দৰ প্রৱন্ধটো লিখা বাবে আপোনালৈহে ধন্যবাদ। মই তথ্যসূত্রখিনি ঠায়ে-ঠায়ে মিলাই দিছিলোঁ। পাৰিলে এবাৰ চকু ফুৰাবচোন। [1] মানে বনগাঁও সভা মহোৎসৱৰ স্মৃতিগ্ৰন্থ, বনগাঁও সভা মহোৎসৱৰ ইতিবৃত্তি, অখিল চন্দ্ৰ শৰ্মা, পৃ. ১২ আৰু [2] খন হ'ল বনগাঁও সভা মহোৎসৱৰ স্মৃতিগ্ৰন্থ, বিহঙ্গম দৃষ্টিত বনগাঁওৰ শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ, শ্ৰীকনক চন্দ্ৰ মধি, পৃষ্ঠা ১৯ । মই অনুমানতহে দিছোঁ - ভুল আছে যদি মানে ক'ৰবাত [1] ৰ ঠাইত [2] দিছোঁ যদি জনাবচোন বা আপুনি সলাই দিলেও হ'ব। - স্যামন্ত কুমাৰ গোস্বামী বার্তা 09:16, 12 জুন 2012 (UTC)
আচলতে দুয়োটা প্ৰবন্ধতে গোটেই কথাখিনি আছে| কোনোৱাটোত নিয়ম-নীতিৰ কথা বেছিকৈ আছে আৰু কোনোৱাটোত ইতিবৃত্ত বেছিকৈ আছে| গতিকে সেইখিনি নিদিলেও হ’লহেতেন | তথাপি দিছা যেতিয়া থাকক বাৰু| ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 09:35, 12 জুন 2012 (UTC)
আচ্ছা ! স্যামন্ত কুমাৰ গোস্বামী বার্তা 10:57, 12 জুন 2012 (UTC)
"বনগাঁও সভা মহোৎসৱ" পৃষ্ঠালৈ উভতি যাওক।