বাৰ্তা:ভাৰতৰ প্ৰতিলিপ্যধিকাৰ আইন

Latest comment: 4 বছৰৰ পূৰ্বে by দিব্য দত্ত

Copy-প্ৰতিলিপি, Right-অধিকাৰ, Act-অধিনিয়ম, Law- আইন। প্ৰবন্ধটোৰ শুদ্ধ শিৰোনাম হ'ব লাগিছিল- 'ভাৰতৰ প্ৰতিলিপি-অধিকাৰ অধিনিয়ম' বা শুৱলাকৈ কব লাগিলে- 'ভাৰতৰ প্ৰতিলিপ্যধিকাৰ অধিনিয়ম'। বাবুল বৈশ্য (talk) 18:03, 25 July 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

আলোচনা কৰি REDIRECT কৰি দিব লাগে। ইংৰাজী মূল (যিটোৰ পৰা অনুবাদ কৰা হৈছে) প্ৰবন্ধটো Copyright law of India বুলি আছে, আৰু ভিতৰত "The copyright act 1957" বুলি আছে। − দিব্য দত্ত (বাৰ্তা) 11:38, 26 July 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
কপিৰাইট এক্টখন সংসদত গৃহীত হৈছিল ১৯৫৭ত। সেয়েহে কপিৰাইট এক্টখনৰ বিষয়ে উল্লেখ কৰোঁতে Indian Copyright Act, 1957 বুলিয়ে কোৱা হয়। কিন্তু পিছৰ পৰ্যায়ত ইয়াৰ অনেক সংশোধন হৈছে। এইখন আইন নে অধিনিয়ম, সেয়া এই মুহূৰ্তত কব নোৱাৰিম, যিহেতু মোৰ আইনৰ সৈতে বিশেষ সম্পৰ্ক নাই। বাখ্যা কৰিবলৈ অলপ পঢ়াশুনা কৰিব লাগিব। কিন্তু কপিৰাইট এক্টৰ হিন্দী ভাৰ্চনৰ চৰকাৰী লিংক এটা দিছো। সেইটো চালে হয়তো কথাবোৰ অলপ স্পষ্ট হ'ব। http://copyright.gov.in/Documents/Copyright_Act_Hindi.pdf বাবুল বৈশ্য (talk) 16:51, 26 July 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
প্ৰৱন্ধটোত যিহেতু আটাইকেইটা সংশোধনী অধিনিয়মৰ উল্লেখ কৰা আছে, সেইবাবে শিৰোনামটোত "আইন" (ভাৰতৰ প্ৰতিলিপ্যধিকাৰ আইন) ৰখা হওক, বাকী "স্বত্বাধিকাৰ"টো "প্ৰতিলিপ্যধিকাৰ" কৰি দিব লাগে। নিৰ্দিষ্ট Act খনৰ বাবে "অধিনিয়ম" শব্দটো ব্যৱহাৰ কৰিব লাগে, যেনে "প্ৰতিলিপ্যধিকাৰ অধিনিয়ম ১৯৫৭", "প্ৰতিলিপ্যধিকাৰ অধিনিয়ম ২০১২" ইত্যাদি। − দিব্য দত্ত (বাৰ্তা) 17:10, 26 July 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক
"ভাৰতৰ প্ৰতিলিপ্যধিকাৰ আইন" পৃষ্ঠালৈ উভতি যাওক।