চীনৰ আক্ৰমন সম্পাদনা কৰক

ইতিহাস অংশৰ দ্বিতীয় অনুচ্ছেদ অনুসৰি "বাদল দাস (৯ ছেপ্তেম্বৰ ২০১২). "শৰাইঘাট! শৰাইঘাট!". বসুন্ধৰা: ১০" উদ্ধৃতি অনুসৰি কোৱা হৈছে যে চীনা সৈন্য অৰুণাচল প্ৰদেশৰ টাৱাং, ব’মডিলা পাৰ অসমৰ বালিপাৰালৈকে আগুৱাই আহিছিল। .... এইটো সঁচা নহয়| মাজতে ম‍ই কেইবাজনো বয়োজেষ্ঠ ব্যক্তিক এই সম্পৰ্কে সোধা পোছা কৰিছিলো| সকলোৱে কৈছিল যে চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ টাৱাংৰ পৰাই উভতনি বাট লৈছিল| কিন্তু তেজপুৰলৈকে ইয়াৰ আতংক বিয়পিছিল সেইটো সঁচা| প্ৰায়বোৰ মানুহেই গুলি বাৰুদৰ পৰা বাচিবৰ বাবে মাটিৰ তলত গাত খান্দি লৈছিল| বহুতো মানুহে ব্ৰহ্মপুত্ৰৰ দাতি কাষৰীয়া অঞ্চললৈ ঢাপলি মেলিছিল যাতে যুদ্ধ হ’লে নদীয়েদি বাট ল’ব পাৰি| সেই সময়তে জৱহৰলাল নেহৰুৱেও কৈছিল: "My heart goes with the people of Assam"... এনে পৰিস্থিতিত আতংকিত হৈ তেজপুৰৰ ষ্টেট বেংকৰ কৰ্তৃপক্ষয়ো বেংকৰ টকা প‍ইচাও পদুম পুখুৰীৰ পেলাই দিছিল| কিন্তু চীনা সৈন্যই টাৱাংৰ পৰাই উভতনি বাট লোৱা বাবে আমি বৰ্তমান ভাৰতীয় নাগৰিক| বিষ্ণু শইকীয়া 11:08, 10 নৱেম্বৰ 2012 (UTC)

"শৰাইঘাট দলং" পৃষ্ঠালৈ উভতি যাওক।