বাৰ্তা:সত্ৰ
অনুগ্ৰহ কৰি প্ৰৱন্ধত তথ্যসূত্ৰ দৰ্শোৱাৰ চেষ্টা কৰিব । Gitartha.bordoloi ১১:০৪, ১০ চেপ্তেম্বৰ ২০১১ (UTC)
ইণ্টাৰনেটৰ তথ্য-সূত্ৰ দিলে, আহৰণ কৰা তাৰিখটোও দি থ'লে ভাল। ৱেবছাইটটো বন্ধ হৈ গ'লে বা আপডৈট কৰি দিলে লিংকটো কেতিয়াবা নাথাকিবো পাৰে। উদ্দীপতালুকদাৰ ২১:১৪, ১০ চেপ্তেম্বৰ ২০১১ (UTC)
বাৰু, দি দিম । Gitartha.bordoloi ২১:৩৪, ১০ চেপ্তেম্বৰ ২০১১ (UTC)
মই প্ৰৱন্ধটোত "সম্পাদনা" সাঁচ লগাই থৈছিলোঁ । অনুগ্ৰহ কৰি সম্পাদনা শেষ নোহোৱালৈকে সেইটো থাকিবলৈ দিব । Gitartha.bordoloi ০৮:২৯, ১১ চেপ্তেম্বৰ ২০১১ (UTC)
ব্ৰহ্ম সংহতি
সম্পাদনা কৰক"দামোদৰদেৱ, হৰিদেৱ অথবা তেওঁলোকৰ শিষ্যৰ দ্বাৰা প্ৰৱৰ্তিত সত্রসমূহেই ব্ৰহ্ম সংহতিৰ সত্র স্বৰূপে পৰিচিত। দামোদৰদেৱ ব্ৰহ্ম সংহতিৰ প্ৰৱৰ্তক। দামোদৰী আৰু হৰিদেৱী সুকীয়া সুকীয়া মাৰ্গ নহয়। দামোদৰী মাৰ্গৰেই আন এটি উল্লেখযোগ্য শাখা হৰিদেৱী। দামোদৰী মাৰ্গই যুক্তি আৰু আৱেগৰ ওপৰত সমানে গুৰুত্ব দিয়ে, কিন্তু হৰিদেৱীয়ে আৱেগতকৈ যুক্তিৰ ওপৰত তুলনামূলকভাৱে অধিক গুৰুত্ব দিয়ে। শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত 'ভাগৱতী বৈষ্ণৱ ধৰ্ম'ৰ সৈতে ব্ৰহ্ম সংহতিৰ মূলতঃ পাৰ্থক্য নাই। 'ভাগৱতী ধৰ্ম'ত যিদৰে শ্ৰীমদ্ভাগৱতেই ধৰ্মৰ মূলাধাৰ গ্ৰন্থ; তদ্ৰুপ ব্ৰহ্ম সংহতিতো 'শ্ৰীমদ্ভাগৱতে'ই অন্যতম প্ৰধান স্থান লাভ কৰিছে। অৱশ্যে ব্ৰহ্ম সংহতিত নিত্য-নৈমিত্তিকৰ প্ৰাধান্য স্পষ্ট। এই সংহতিৰ আচাৰ্যসকলে মনোময় পূজাৰ লগে লগে প্ৰতিমা-পূজাতো সমানে গুৰুত্ব প্ৰদান কৰে। পঞ্চদেৱতাৰ (আদিত্য, গণেশ, দেৱী, ৰুদ্ৰ, কেশৱ অথবা গণেশ, বিষ্ণু, শিৱ আৰু দুৰ্গা) পূজা আৰু বেদোক্ত কৰ্মাদিৰ স্থান ব্ৰহ্ম সংহতিত লক্ষ্য কৰা যায়। কোনো কোনো পণ্ডিতৰ মতে, ব্ৰহ্ম সংহতিত নাম বা শৰণ নিদিয়ে, দীক্ষা বা ভাগৱতোক্ত মন্ত্ৰ গ্ৰহণ পদ্ধতিৰে কৃষ্ণমন্ত্র দান কৰে। ভক্ত, ভাগৱত, গুৰু আৰু মূৰ্তি এই চাৰিবস্তুৰ প্ৰাধান্য ব্ৰহ্ম সংহতিত অতিকে স্পষ্ট।"
তথ্যসূত্র:- "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ" (দ্বিতীয় সংস্কৰণঃ নৱেম্বৰ, ২০১৭), পৃ: ৪১০, গ্ৰন্থকাৰ- ড° নবীন চন্দ্ৰ শৰ্মা। অভিজিৎ গোস্বামী (বাৰ্তা) 15:56, 15 January 2023 (ইউ.টি.চি.)