সত্ৰ

অসমীয়া নৱবৈষ্ণৱ ধর্মীয় আনুষ্ঠানিক কেন্দ্ৰ

"সত্ৰ" হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান[1]। ইষ্টদেৱতাক উপাসনা কৰা, ধৰ্মীয় তত্ত্ব চৰ্চা কৰা আৰু প্ৰসাৰ ঘটোৱা সত্ৰৰ ঘাই লক্ষ্য।[2] ধৰ্ম চৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতি যেনে বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্য আদিৰ লগতে পুৰণি পুথি-পাজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ ভঁৰাল[3]। প্ৰথমতে অসমত ৬৬৫খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই। এইকেইখনৰ ভিতৰত ৬৫খন কেৱল মাজুলীতে স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনহে আছে[4]

ইতিহাসসম্পাদনা কৰক

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম প্ৰচাৰৰ আদিকালতে সত্ৰৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰা হয়। শঙ্কৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। নতুনকৈ ধৰ্ম প্ৰচাৰ কৰা ঠাইত তেওঁ "প্ৰাৰ্থনা ঘৰ" (হৰি গৃহ) স্থাপন কৰিছিল যি পিছলৈ সাংস্কৃতিক কেন্দ্ৰৰ ৰূপ লয়। ইয়াক "থান"(সংস্কৃত- স্থান) বুলি কোৱা হৈছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ধৰ্ম প্ৰচাৰৰ বাবে যাত্ৰা কৰোঁতে তেওঁ ঠায়ে ঠায়ে থান স্থাপন কৰিছিল।[1]

বৰদোৱাৰ পিছতে শংকৰদেৱে আহোম ৰজাৰ ৰোষত পৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি ধুৱাহাট বেলগুৰিত সত্ৰ প্ৰতিষ্ঠা কৰাৰ কথা চৰিত পুথিত উল্লেখ আছে। তাৰপিছত দক্ষিণ পাৰত ক্ষেত্ৰী, কাপালত, চুণপোৰা, পালেদি, কমাৰকুছি আদি ঠাইলৈ গৈ সত্ৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছতে সমসাময়িকভাৱে শংকৰদেৱে পাটবাউসীত, হৰিদেৱে মানৰিত, দামোদৰদেৱে বৈকুণ্ঠপুৰত আৰু মাধৱদেৱে সুন্দৰীদিয়া, গণককুছি আৰু বৰপেটাত সত্ৰ প্ৰতিষ্ঠা কৰে। শংকৰদেৱে দিয়া দায়িত্ব পালন কৰি গোপালদেৱে পৰৱৰ্ত্তীকালত উজনি অসমৰ ডেবেৰাপাৰত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰে।[2]

সত্ৰৰ প্ৰতিষ্ঠাৰ কম সময়ৰ ভিতৰতে ধৰ্ম প্ৰচাৰৰ উপৰিও সাহিত্য, সংগীত, নৃত্য, নাট, স্থাপত্য, ভাস্কৰ্য্য আদি কলাসমূহৰ চৰ্চা আৰু অনুশীলনৰ কেন্দ্ৰৰূপে পৰিগণিত হৈ উঠে। তদুপৰি, নামঘৰ, মণিকুট, গুৰুগৃহ, ভকতৰ হাটী, ভঁৰাল ঘৰ, অতিথিশালা, কৰাপাট আদি নিৰ্মাণেৰে সত্ৰৰ পৰিসৰ বৃ্দ্ধি কৰা হ’ল। এনেদৰে পূৰ্ণ পৰ্য্যায়ৰ সত্ৰ স্থপনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল মাধৱদেৱ আৰু দামোদৰদেৱে।[2]

শঙ্কৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱ বৰপেটাত স্থাপন কৰা থানখনেই আছিল সৰ্ববৃহৎ। মাধৱদেৱে এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ দায়িত্ব ন্যস্ত কৰা বাৰজন মুখ্য শিষ্যইও অসমৰ ভিন ভিন ঠাইত থান স্থাপন কৰে। এই থানবোৰেই কালক্ৰমত বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ "সত্ৰ" নামেৰে জনাজাত হয়।[1]

সত্ৰ নামৰ উৎপত্তিসম্পাদনা কৰক

 
মাজুলীৰ গড়মূৰ সত্ৰ

"সত্ৰ" শব্দটোৰ আভিধানিক অৰ্থ হৈছে অধিবেশন, হোম-যজ্ঞানুষ্ঠান, নিবাসস্থান।[2] এই শব্দ প্ৰথমে "শতপথ ব্ৰাহ্মণ"ত "আহুতি" বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। ভাগৱত গীতাতো এই শব্দটো ভিন ভিন ঠাইত ব্যৱহাৰ কৰা হৈছে। গীতাত উল্লেখ থকা অনুসৰি বিষ্ণুক্ষেত্ৰ নৈমিষাৰণ্যত শৌনকাদি ঋষিসকলে স্বৰ্গপ্ৰাপ্তিৰ কাৰণে হাজাৰ বছৰ ধৰি যি অনুষ্ঠান পাতি আছিল সেয়ে সত্ৰ।[2] কিন্তু অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ আমোলত শঙ্কৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে কিছুকাল থকা স্থানসমূহেই "সত্ৰ" বুলি জনাজাত হয়। গতিকে অসমত সত্ৰ শব্দটো বৈষ্ণৱ ধৰ্ম পালন আৰু প্ৰচাৰৰ বাবে গুৰু-শিষ্য সমন্বিতে থকা কেন্দ্ৰ অৰ্থত ব্যৱহাৰ হয়। সত্ৰ অনুষ্ঠানৰ মূল স্বৰূপ নিৰ্ণয় কৰি সত্ৰ শব্দৰ পূ্ৰ্ণ ব্যাখ্যা প্ৰথমবাৰৰ বাবে ’শৰণ মালিকা’ত ভট্টদেৱে উল্লেখ কৰিছিল।[2]

সত্ৰৰ আন এক অৰ্থ হ’ল ধৰ্ম, শৰণ আদি আধ্যাত্মিক শিক্ষা দিয়া কাৰ্য্য। শংকৰদেৱে ব্ৰাহ্মণক পোনপটিয়াকৈ নিজে শৰণ নিদি ব্ৰাহ্মণৰ দ্বাৰা দিয়া কাৰ্য্যত সত্ৰ শব্দ ব্যৱহাৰ কৰা দেখা যায়।[2] অৱশ্যে সেই সময়ত সত্ৰ শব্দৰ বহুল প্ৰয়োগ হোৱা নাছিল। তাৰ পৰিৱৰ্ত্তে কীৰ্তন ঘ, হৰিগৃহ, থান আদি শব্দৰহে ব্যাপক প্ৰচলন আছিল।[2]

গুৰুজনাই বৰদোৱা বা বট্ৰদৱাত স্থাপন কৰা সত্ৰখনেই প্ৰথম সত্ৰ। তাত তেওঁ এটা প্ৰাথনা ঘৰ সজায় য'ত নাম-কীৰ্তনৰ লগতে ধৰ্মীয় আলোচনাও হৈছিল। শঙ্কৰদেৱৰ পিছৰ যুগত তেওঁ বা আন আন গুৰুসকলে কিছুকাল থকা সত্ৰসমূহ যেনে বৰদোৱা, বেলগুৰি, বৰপেটা আদিক সত্ৰৰ সলনি "থান" বুলি কোৱা হ'ল। কোনো কোনো জীৱনীকাৰে অৱশ্যে "সত্ৰ" আৰু "থান"ৰ প্ৰভেদ নাৰাখে[1]

সত্ৰৰ পদসমূহসম্পাদনা কৰক

 
সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী

সত্ৰাধিকাৰ আৰু তেওঁৰ সহকাৰীসকলে সত্ৰ এখনৰ কাম-কাজ পৰিচালনা কৰে। সত্ৰত তলত দিয়া সদস্যসকল থাকে[1]:

  • অধিকাৰ : তেওঁ হৈছে সত্ৰৰ ধাৰ্মিক আৰু আধ্যাত্মিক দিশৰ মুৰব্বী। দীক্ষা গ্ৰহণৰ অনুষ্ঠান "শৰণ" আৰু "ভজন" তেওঁৰ প্ৰত্যক্ষ তত্ত্বাৱধানত অনুষ্ঠিত হয়। তেওঁক "সত্ৰীয়া" বা "মহন্ত" বুলিও কোৱা হয়।
  • ডেকা-অধিকাৰ : সহ মুৰব্বী। ক্ষমতা আৰু সন্মানৰ ক্ষেত্ৰত অধিকাৰৰ পিছতেই তেওঁৰ স্থান। অধিকাৰৰ মৃত্যু হ'লে বা অধিকাৰৰ অনুপস্থিতিত ডেকা-অধিকাৰেই সত্ৰৰ দায়িত্বভাৰ গ্ৰহণ কৰে।
  • ভকত : যদিও যিকোনো ভক্তকে "ভকত" বুলি ক'ব পাৰি তথাপি সত্ৰৰ পৰিচালনাত সহযোগ কৰা বা সত্ৰৰ চোহদতে বসবাস কৰা ভক্তসকলকহে "ভকত" বুলি কোৱা হয়। অবিবাহিত এই ভকতসকলক "কেৱলীয়া ভকত" বুলিও কোৱা হয়।
  • শিষ্য : সত্ৰৰ আন আন ভক্তসকলক শিষ্য বুলি কোৱা হয়। অসমৰ বহুতো বৈষ্ণৱ পৰিয়ালৰ সত্ৰৰ প্ৰতি আনুগত্য থাকে।

ইয়াৰ উপৰিও ব্যৱস্থাপনা আৰু ধৰ্মীয় কাৰ্য সুকলমে চলাবলৈ বিভিন্ন পদ থাকে। ডাঙৰ সত্ৰত থকা এনে পদসমূহ হ'ল :

  • বৰ-ভাগতী
  • বৰ-শ্ৰাৱণী
  • বৰ-পাঠক
  • বৰ-নাম লগোৱা
  • বৰ-গায়ন
  • বৰ-বায়ন
  • বৰ-ভাণ্ডাৰী
  • চাউল-ভঁৰালী
  • গুৱা-ভাণ্ডাৰী
  • বৰ-আলধৰা
  • বৰ-কাকতী
  • বৰ-মেধি
  • বৰ-খাটনিয়াৰ

সত্ৰৰ গঠনসম্পাদনা কৰক

সত্ৰসমূহ গঠনৰ তিনিটা মুখ্য স্তৰ থাকে- মূলসত্ৰ, আজ্ঞাপৰ সত্ৰ আৰু শাখা সত্ৰ[2] কোনোবা এগৰাকী মহাপুৰুষৰ পোনপটীয়া আজ্ঞাৰে প্ৰতিষ্ঠা হোৱা সত্ৰক মূলসত্ৰ, সেই সত্ৰৰ গুৰুৰ আজ্ঞালৈ প্ৰসিদ্ধ শিষ্য বা ভক্তই আন এঠাইত প্ৰতিষ্ঠা কৰিলে সেই সত্ৰক আজ্ঞাপৰ সত্ৰ আৰু মুল সত্ৰৰ বিশেষ প্ৰতীক লৈ সত্ৰীয়া আৰ্হি ৰাখি আন এঠাইত সত্ৰ প্ৰতিষ্ঠা কৰিলে সেই সত্ৰক শাখা সত্ৰ বুলি কোৱা হয়।

 
দক্ষিণপাত সত্ৰৰ মূল তোৰণৰ ফটো

সত্ৰৰ মূল অংশসমূহসম্পাদনা কৰক

 
চটাই সত্ৰৰ অন্তৰ্ভাগ। চটাই সত্ৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পূবত অৱস্থিত দক্ষিণপাট সত্ৰৰ এক শাখা।

সত্ৰৰ মূল অংগসমূহ হৈছে- নামঘৰ আৰু মণিকুট, গুৰু গৃহ, ভঁৰাল, বৈষ্ণৱ-গৃহ চাৰিহাটী, কৰাপাট, অতিথিশালা, নাট্যশালা আৰু ভোগঘৰ।[2]

নামঘৰ আৰু মণিকুটসম্পাদনা কৰক

নামঘৰ আৰু মণিকুট সত্ৰৰ কেন্দ্ৰবিন্দু। এই নামঘৰ আৰু মণিকুট সাধাৰণতে সত্ৰৰ প্ৰায় মাজভাগত পূবা-পশ্চিমাকৈ থাকে। নামঘৰৰ চাৰিওকাষে ভক্তসকলৰ প্ৰদক্ষিণৰ বাবে চালি থাকে। সত্ৰবিশেষে এই চালি মুকলি বা বেৰি ৰখা হয়। নামঘৰৰ মাজভাগতে চৈধ্য প্ৰসংগ, ভাগৱত পাঠৰ বাবে ভাগৱতৰ আসন, পদ পাঠৰ বাবে পদৰ আসন আদি নিৰ্দিষ্ট স্থানত থাকে। নামঘৰৰ মূল খুঁটাৰ কাষত গুৰুৰ আসন থাকে। নামঘৰৰ লগত সংলগ্ন কৰি সুকীয়াকৈ এক পৃথক ঘৰ নিৰ্মাণ কৰি ভাগৱত বা মূৰ্তি ৰখা হয় আৰু এই ঘৰক মণিকুট বুলি কোৱা হয়। ঈশ্বৰ উপাসনাৰ বাবে সিংহাসন প্ৰতিষ্ঠা কৰি তাতে ভাগৱত স্থাপন কৰা হয়। এই স্থান সৰ্বোচ্চৰূপে গণ্য কৰা হয়। মণিকুটক বৰপেটা কমলাবাৰী আদি সত্ৰত ভাঁজঘৰ বুলি কোৱা হয়। মূলত: ভাঁজ দি পৃথককৈ সঁজা হয় বাবেই এই নাম।[2]

সত্ৰৰ মণিকুটত অষ্টপ্ৰকাৰৰ মূৰ্তিৰ যিকোনো এবিধ মূৰ্ত্তি স্থাপন কৰাৰ নিয়ম। এই অষ্টপ্ৰকাৰ হৈছে- শিলৰ,কাঠৰ, অষ্ট ধাতুৰ, লেপন,লেখন (আখৰ), বালি-মাটি, মনৰ কল্পিত আৰু মণিৰে তৈয়াৰী মূৰ্তি। সাধাৰণতে সত্ৰৰ মণিকুটত শিল, সোণ বা পিতলৰ মূৰ্তি থাকে।[2]

 
হেমচন্দ্ৰ গোস্বামী

নামঘৰৰ সম্মুখ ভাগত মুকলিকৈ সঁজা আৰু চিত্ৰ-বিচিত্ৰ ৰূপত সঁজোৱা অংশটোক ৰাঙলী চ’ৰা বুলি কোৱা হয়। এই চ’ৰাত ধৰ্মীয় বিচাৰ আদি নিষ্পত্তি কৰা হয়।[2]

গুৰু গৃহসম্পাদনা কৰক

সত্ৰীয়া জীৱনৰ পথ প্ৰদৰ্থক হ’ল গুৰু। সত্ৰৰ সকলো কমৰ পৰিচালনা আৰু সত্ৰ সংৰক্ষণৰ দায়িত্ব গুৰুৰ ওপৰত থাকে। সেয়ে গুৰুক সত্ৰাধিকাৰ বুলি কোৱা হয়। সত্ৰাধিকাৰৰ বাবে সত্ৰৰ সোঁমাজতে নামঘৰৰ মণিকুটৰ কাষত স্থান নিৰ্দিষ্ট কৰি থোৱা থাকে। বহু সত্ৰত অৱশ্যে অন্যন্য বৈষ্ণৱ বা ভকতসকলে থকা হাটীৰ লগতে সত্ৰাধিকাৰৰ বাসভৱন থাকে।[2]

ভঁৰালসম্পাদনা কৰক

ঈশ্বৰ উপাসনাৰ উপাচাৰসমূহ, সত্ৰৰ যাবতীয় সমপ্দ আৰু ভৰণ-পোষণৰ সামগ্ৰীসমূহ ভঁৰালত ৰখা হয়। এই ভঁৰাল-গৃহ সাধাৰণতে সত্ৰৰ মাজভাগত নামঘৰৰ আশে পাশে থাকে। কোনো কোনো সত্ৰত এই ভঁৰালৰ ভাগ দুটা- চাউলকে আদি কৰি অন্য সা-সামগ্ৰী ৰখা স্থানক চাউল ভঁৰাল আৰু ধন-সম্পত্তি আদি ৰখা স্থানক ধন ভঁৰাল বুলি কোৱা হয়। সত্ৰৰ কৰ-বৰঙনিৰ বাবদ ৰাইজৰ পৰা আৰু সত্ৰত খাট-পাম আদিৰ পৰা অহা ধান-চাউল আদি চাউল ভঁৰালত জমা থাকে, তেনেদৰে টকা-পইচা, অলংকাৰ, সোণ-ৰূপ, কাঁহ-পিতলৰ বাচন-বৰ্তন, কাপোৰ, গামোচা আদি ধন ভঁৰালত জমা থাকে।[2]

বৈষ্ণৱ-গৃহ চাৰিহাটীসম্পাদনা কৰক

নামঘৰ-মণিকুট স্থানক সন্মুখত লৈ সত্ৰৰ চাৰিওফালে বৈষ্ণৱসকলে একোটা বহা পৰিচালনা কৰি সমূহীয়াভাৱে বাস কৰে আৰু এই ঠাইক ’হাটী’ অৰ্থাৎ শাৰী পাতি থকা ঘৰৰ সমষ্টি বুলি কোৱা হয়। চাৰিওদিশত চাৰিটা হাটী থাকে বাবে এই হাটীসমূহক পূব হাটী, পশ্চিম হাটী, উত্তৰ হাটী আৰু দক্ষিণ হাটী বুলি জনা যায়। পূ্ৰ্বতে হাটী ঘৰ এখন চালিৰ তলত এটা দীঘল ঘৰ হিচাপে নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান হাটীৰ গঠনৰ কিছু পৰিৱৰ্তন হৈছে। হাটীৰ অন্তৰ্গত প্ৰত্যেকটো ঘৰক একোটা ’বহা’ বুলি কোৱা হয়।

কৰাপাটসম্পাদনা কৰক

সত্ৰৰ সন্মুখত সত্ৰলৈ সোমোৱা পথৰ আৰম্ভণিতে থকা মুখ্য তোৰণখনক কৰাপাট বুলি জনা যায়। কৰাপাট দুখন-সত্ৰলৈ সোমোৱা পথৰ আৰম্ভণিতে ’বহি: কৰাপাট’ আৰু সত্ৰীয়া পৰিৱেশৰ ভিতৰলৈ সোমোৱা ঠাইত থকা ’অন্ত: কৰাপাট’। কৰাপাটত সাধাৰণতে হাতী, সিংহ, ম’ৰা আদি প্ৰতীক চিহ্ন থাকে। ভিতৰ কৰাপাটৰ আগতেই যানবাহন আৰু পাদুকা আদি ত্যাগ কৰিহে প্ৰবেশ কৰাৰ নিয়ম।

অতিথিশালাসম্পাদনা কৰক

 
মাজুলীৰ আউনিআটী সত্ৰৰ সিংহাসন ভাগ

সত্ৰলৈ অহা শিষ্য বা অন্য অতিথিৰ বাবে সত্ৰত অতিথিশালা থাকে। অতিথিশালাৰ সুবিধা নথকা সত্ৰ সমূহত বৈষ্ণৱ বহাবিলাকতে থকাৰ ব্যৱস্থা কৰা হয়।

নাট্যশালাসম্পাদনা কৰক

সত্ৰত তিথি, ভাওনা আদিৰ আখৰা কৰাৰ বাবে সুকীয়াকৈ নাট্যশালা বা আখৰা ঘৰ থাকে। এই আখৰা ঘৰ সাধাৰণতে নামঘৰৰ লগত সংলগ্ন থাকে।

ভোগঘৰসম্পাদনা কৰক

ঈশ্বৰৰ সিদ্ধ ভোগ আৰু নৈবদ্য আদি প্ৰস্তুত কৰাৰ বাবে সুকীয়াকৈ থকা ঠাইক ভোগঘৰ নামেৰে জনা যায়।

ইয়াৰোপৰি সত্ৰৰ আন দুটা মূল অংশ হৈ প্ৰয়াত সত্ৰাধিকাৰসকলৰ স্মৃতিত নিৰ্মাণ কৰা থানঘৰ আৰু মহাপুৰুষসকলৰ পদ-চিহ্ন আৰু প্ৰয়াত সত্ৰাধিকাৰৰ ব্যবহৃত বিশেষ সামগ্ৰী আদি ৰখা পদশিলা ঘৰ। থানঘৰ সাধাৰণতে বহি: কৰাপাটৰ পৰা অন্ত: কৰাপাটৰ ভিতৰত পথৰ কাষত নিৰ্মাণ কৰা হয়। থানঘৰত দৈনিক ধূপ-দীপ প্ৰজ্বলন কৰি সত্ৰাধিকাৰক শ্ৰদ্ধা জনোৱাৰ নিয়ম।

সত্ৰৰ বিভাজনসম্পাদনা কৰক

সম্প্ৰদায় আৰুআচাৰ ভেদেসম্পাদনা কৰক

শংকৰদেৱৰ প্ৰয়ানৰ পিছত সম্প্ৰদায় আৰু আচাৰভেদে অসমৰ সত্ৰসমূহ বিভিন্ন সংহতিত বিভক্ত হয়। ইয়াৰ মূল ভিত্তি হ’ল গুৰু, দেৱ, নাম, ভকত-এই চাৰিবিধ প্ৰধান আধাৰৰ সত্ৰভেদে তুলনামূলক গুৰুত্ব। বৰ্তমান প্ৰচলিত মূল সংহতিসমূহ হ’ল[2]-

  • ব্ৰহ্ম সংহতি: ব্ৰাাহ্মণ্য নিয়ম নীতিৰ প্ৰাধান্য থাকে। এই সংহতিৰ প্ৰৱৰ্তক দামোদৰদেৱ আৰু তেওঁৰ সহযোগী হৰিদেৱ। উদাহৰণ- পাটবাউসী সত্ৰ, দক্ষিণপাট সত্ৰ, খুদিয়া সত্ৰ।
  • পুৰুষ সংহতি: ব্ৰহ্ম আৰু নামৰ প্ৰাধন্যৰ ওপৰত প্ৰতিষ্ঠিত। এই সংহতিৰ প্ৰৱৰ্ত্তক শংকৰদেৱৰ নাতি পুৰুষোত্তম ঠাকুৰ বুলি জনা যায়। উদাহৰণ- এলেঙী সত্ৰ, নৰোৱা, কোৱামৰা, চামগুৰি সত্ৰ।
  • কাল সংহতি : গুৰুৰ প্ৰাধান্যৰ ওপৰত সৃষ্টি হৈছে। এই সংহতিৰ মূল স্ৰষ্টা ভাৱানীপুৰীয়া গোপাল আতা। উদাহৰণ- চৰাইবাহী সত্ৰ,আঁহতগুৰি সত্ৰ।
  • নিকা সংহতি: নাম আৰু ভকতৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত। বাদুলা পদ্ম আতা আৰু মথুৰা দাস বুঢ়া আতা এই সংহতিৰ প্ৰৱৰ্ত্তক। উদাহৰণ- কমলাবাৰী সত্ৰ, জৰাবাৰী সত্ৰ।
 
চামগুৰি সত্ৰৰ মুখা শিল্পৰ ফটো

জীৱন ধাৰণৰ প্ৰণালী ভেদেসম্পাদনা কৰক

সকলো সত্ৰে লক্ষ্য আৰু উদেশ্য একে হ’লেও জীৱন ধাৰণৰ প্ৰণালী অনুসৰি সত্ৰত মূল তিনিটা ভাগ থাকে[2]-

  • উদাস সত্ৰ: এনে সত্ৰত সত্ৰাধিকাৰ, ডেকাকে ধৰি বৈষ্ণৱসকলে বিষয় সুখ ত্যাগ কৰি আধ্যাত্মিক জীৱনধাৰা পালন কৰে। উদাহৰণ-আউনীআটী, দক্ষিণপাট, নতুন কমলাবাৰী, উত্তৰ কমলাবাৰী আদি।
  • অৰ্ধ উদাস সত্ৰ: এনে সত্ৰৰ দুটা ভাগ থাকে। সত্ৰৰ মূল সীমাৰ ভিতৰত উদাসীনসকলৰ আৰু সত্ৰৰ গাতে লাগি থকা বাহিৰ অংশত গৃহস্থীসকলৰ বাসস্থান থাকে। উদাসীনসকলে উদাস ৰীতি নীতিৰে আৰু গৃহস্থীসকলে গাৰ্হস্থ্য জীৱন যাপন কৰে। উদাহৰণ- বৰপেটা সত্ৰ।
  • গৃহস্থী সত্ৰ: সত্ৰত বসবাস কৰিও সম্পূৰ্ণ সাংসাৰিক জীৱন অতিবাহিত কৰিব পাৰে। উদাহৰণ-গড়মূৰ সত্ৰ।

সত্ৰৰ দৈনন্দিন কৰ্ম আৰু অনুষ্ঠানসম্পাদনা কৰক

সামূহিক কামসম্পাদনা কৰক

নামঘৰ-মণিকুটৰ কৰ্ম: প্ৰতিদিনে পুৱাতে নামঘৰৰ দুৱাৰ খুলি নামঘৰ, মণিকুট আৰু নামঘৰৰ পিৰালি সৰা-মচা কৰা হয়। ইয়াৰ পিছতে মণিকুটৰ পূজাৰী, দেউৰী, আঠপৰীয়া, মলিয়া, ধূপীয়া আদি মণিকুটলৈ আহে। নৈবদ্য সজোৱা দেউৰীয়ে নৈবদ্যৰ সামগ্ৰী মাহ-প্ৰসাদ ধুই আৰু কল-কুঁহিয়াৰ উপকৰণ আদি কাটি-ছিঙি শৰাইত সজাই আগবঢ়ায়। চন্দন পিহা দেউৰীয়ে চন্দন বটি পূজাৰ কাৰণে যোগান ধৰে। শলা লগোৱা দেউৰীয়ে প্ৰত্যকে আসনত পূজাৰ বাবে শলা-বন্তি লগাই দিয়ে। ভাগৱত পদ থাপনাৰ সন্মুখতো শলা-বন্তি প্ৰস্তুত কৰি দিয়ে। মণিকুটত জ্বলি থকা অখণ্ড বন্তিতো এই দেউৰীয়ে তেল-শলিতাৰ নিয়মিত যোগান ধৰে। তেনেদৰে ফুললতুলীয়াই ফুল ছিঙি পূজাৰ বাবে যোগান ধৰে আৰু মলিয়াই বিগ্ৰহৰ মালা যোগান ধৰে। প্ৰাথমিক প্ৰস্তুতি হৈ উঠাৰ লগে লগে কাঁহ-ধ্বনি বা ডবাৰে পুৱাৰ প্ৰসংগৰ জাননী দিয়া হয়। লগে লগে পূজাৰী আহি মণিকুটত পূজা সম্পন্ন কৰে। লগতে নাম লগোৱা আৰু শ্ৰবণ-কীৰ্তনকাৰী বৈষ্ণৱসকল আহি নামঘৰত নাম-কীৰ্ত্তনত ভাগ লয়হি। নাম সামৰণিৰ আগে আগে আশীৰ্বাদীয়াই আশীৰ্বাদ দিয়ে। নামৰ সামৰণিত ডবা বজাই জাননী দিয়াৰো নিয়ম। সামৰণিত প্ৰসাদ বিতৰণ কৰা হয়।[2]

ভঁৰালৰ কৰ্ম:

সত্ৰাধিকাৰৰ বাসভৱনৰ কৰ্ম:

ব্যক্তিগত কামসম্পাদনা কৰক

সত্ৰস্থসকলে দৈনন্দিন জীৱনৰ কাম-কাজসমূহ চাৰিটা অৱস্থাৰ মাজেৰে পালন কৰে- ধূতি বা সজ, বিশুদ্ধি বা ফুৰা, বাহী আৰু চুৱা।[2]

বাহী: আগনিশা শুবলৈ যোৱাৰ পৰা পিছদিনা পুৱা শৌচাচাৰ কৰাৰ আগ মুহূৰ্ত্তলৈকে এই সময়ছোৱা বাহী অৱস্থা। সূৰ্যোদয়ৰ লগে লগে বিছনা ত্যাগ কৰাটো সত্ৰৰ অধিবাসীসকলৰ এক ধৰা-বন্ধা নীতি। সাৰ পায়ে পদ্মাসন অৱস্থাত গুৰু স্মৰণ কৰিব লাগে। বিছনাৰ পৰা নামাৰ সময়ত সোঁহাতেৰে পৃথিৱীক নমস্কাৰ জনাই দক্ষিণে ভৰি মাটিত দিয়ে। বিছনা ত্যাগ কৰি বাহিৰলৈ গৈ মু্খ-হাত ধুই, হাত ভৰি তিয়াই মূৰত পানী লয়। এইখিনি সময়ৰ পৰা শৌচাচাৰ কৰালৈকে নিজ বহাৰ বাহী কাম যেনে ঠাই সৰা, মচা, বাচন-বৰ্তন ধুৱা আৰু গাই-গৰু চোৱা আদি কাম কৰে। বাহী অৱস্থাত উপাসনাৰ থলীলৈ আৰু পাগ পত্ৰ কৰা স্থান বা ভোজনশালালৈ যোৱা নিষেধ।

চুৱা:শৌচাচাৰ কৰিবলৈ যোৱাৰ পৰা গা-ধোৱালৈকে এইখিনি সময়ক চুৱা অৱস্থা বুলি কোৱা হয়। সত্ৰীয়া জীৱনত পুৱা গধূলি দুবাৰ শৌচাচাৰ কৰাৰ নিয়ম। গতিকে দিনটোত দুবাৰ চুৱা অৱস্থা থাকে। পুৱা এই অৱস্থাত শৌচাচাৰ কৰি দাঁত ঘঁহা, মাটি-পানী লোৱা আৰু তৈলমৰ্দন কৰাৰ নিয়ম। গধূলিদাঁত ঘঁহা আৰু তৈল মৰ্দন নিষেধ। স্নান কৰাৰ সময়ত ’নাৰায়ণ’ নাম উচ্চাৰণ কৰি এচলু পানীৰে মূৰৰ ওপৰত ঘূৰাই, তাৰ পিছত চাৰি বস্তু গুৰু, দেউ, নাম, ভকতৰ নামত চাৰি চলু পানী শিৰত লৈ গাত ঢালে।

ধুতি: স্নান কৰি উঠি তিয়নি সলাই পৰিষ্কাৰ কাপোৰ পিন্ধাৰ পৰা ধুতি অৱ্স্থা আৰম্ভ হয়। এই অৱস্থাতে প্ৰাৰ্থনা , ভোজন আদি কাম সমাপন কৰে। সেইদৰে সন্ধিয়া স্নান কৰাৰ পৰা ৰাতি ভোজন কৰালৈকে এইখিনি সময়ো শুতি অৱস্থা।

বিশুদ্ধি: দিনৰ প্ৰথম ভোজনৰ পিছৰ পৰা সন্ধিয়া গা ধুৱা সময়লৈকে বিশুদ্ধি অৱস্থা। এই অৱস্থাত ভকতসকলে মুকলিকৈ ফুৰিব পাৰে। ধুতি ঠাই, গা ধুৱা ঠাই আৰু অস্পৃশ্য ঠাইৰ বাহিৰে সকলোতে এই অৱস্থাত ফুৰা-চকা কৰিব পাৰে। সেয়ে এই অৱস্থাক ’ফুৰা’ বুলিও কোৱা হয়।

 
চামগুৰি সত্ৰৰ মুখা শিল্পৰ ফটো

সত্ৰৰ সাজ-পোছাকসম্পাদনা কৰক

সত্ৰৰ অধিবাসীসকলে সাধাৰণতে কপাহী ধুতি, কপাহী চোলা, চাদৰ, খনীয়া, চেলেং আদি সাজ পৰিধান কৰে। উৎসৱ-পৰ্বত বা বিশেষ উপলক্ষ্যত পাটৰ বা মুগাৰ ধুতি, চোলা বা চাদৰৰ ব্যৱহাৰ হয়। উৎসৱ বা অন্য বিশেষ উপলক্ষ্যত সত্ৰাধিকাৰে পাগমৰা আৰু খনীয়া বা বৰ কাপোৰ লোৱাটো অপৰিহাৰ্য্য। পাগৰ ওপৰত খনীয়া, নিৰ্মালি, গলত গলমালা থাকে। এগৰাকী গোঁসাই বা বৈষ্ণৱ ভকতৰ সাজ হ’ল, থোৰ মৰা চুৰীয়া, গাত চেলেং বা খনীয়া চাদৰ, কপালত ফোঁট, মূৰত চুলিৰ খোপা, চুলিৰ খোপা বা শিৰৰ মাজত নিৰ্মালি আদি।[2]

সত্ৰত সাধাৰণতে সকলোৱে বিশুদ্ধি অৱস্থাতহে চোলা পিন্ধে। ধুতি অৱস্থাত কেৱল চুৰীয়া আৰু চেলেং বা খনীয়া কাপোৰ পিন্ধে। সত্ৰত প্ৰসঙ্গৰত অৱস্থাত চুৰীয়া গাঁঠি দি পিন্ধা নিষেধ। দুয়োফালে দুটা মূৰ খোঁচনা মাৰিহে পিন্ধিব লাগে।[2]

সত্ৰৰ ভিতৰত সত্ৰাধিকাৰৰ বাহিৰে কোনেও পাদুকা ব্যৱহাৰ কৰিব নোৱাৰে।[2]

বিভিন্ন সত্ৰসমূহসম্পাদনা কৰক

অসমৰ চাৰিখন ৰাজ সত্ৰ হ'ল:-

  1. আউনীআটী সত্ৰ
  2. দক্ষিণপাট সত্ৰ
  3. গড়মূৰ সত্ৰ
  4. কুৰুৱাবাহী সত্ৰ

যদিও এই চাৰি ৰাজসত্ৰ সমশ্ৰেণীত পৰে তথাপিও আউনীআটী সত্ৰ প্ৰথম শ্ৰেণী, দ্বিতীয়ত দক্ষিণপাট সত্ৰ, তৃতীয়ত গড়মূৰ সত্ৰ, চতুৰ্থত কুৰুৱাবাহী সত্ৰ হয়।

নৱবৈষ্ণৱ ধৰ্মৰ চাৰি সংহতিৰ অন্তৰ্গত কালসংহতিৰ সত্ৰসমূহে মধ্যযুগীয় অসমৰ ইতিহাসত বিশেষ স্থান অধিকাৰ কৰিছে।

চিত্ৰভঁৰালসম্পাদনা কৰক

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "Satras". atributetosankaradeva. 2009-09-03. http://www.atributetosankaradeva.org/satra.htm। আহৰণ কৰা হৈছে: 2013-03-24. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 2.15 2.16 2.17 2.18 2.19 2.20 2.21 ’সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য’ (২০০২)- ড॰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী; কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়
  3. "Assam. Jorhat". Travelmasti.com. http://www.travelmasti.com/domestic/assam/jorhat.htm। আহৰণ কৰা হৈছে: 2013-03-24. 
  4. The Government of Assam official website আহৰণ কৰা তাৰিখ: ১০ ছেপ্টেম্বৰ, ২০১১[সংযোগবিহীন উৎস]

বাহ্যিক সংযোগসম্পাদনা কৰক