সোণোৱাল কছাৰী প্ৰবন্ধটো ৰাজু সোণোৱালৰ দ্বাৰা সম্পাদিত। ঠিকনাঃ হাতিমৰা গাওঁ, পোঃ বাণীপুৰ, ডিব্ৰুগড়- ৭৮৬০০১ দুৰভাষঃ ৯৪৩৫৪৭৬০৯৫ মেইলঃ rajoosonowal@ymail.com

তথ্যসূত্ৰ সম্পাদনা কৰক

ৰাজু সোণোৱাল ডাঙৰীয়া; প্ৰবন্ধটো আপুনি সুন্দৰকৈ সম্পাদনা কৰিছে। মাত্ৰ আৰু এটা কাম কৰক। তথ্যখিনি ক'ৰ ক'ৰ পৰা লৈছে সেয়া অন্য প্ৰবন্ধ চাই তাত Inline citation দিয়াৰ দৰে উল্লেখ কৰিব পাৰে। অসুবিধা হ'লে প্ৰবন্ধটোৰ তলত একেলগে কিতাপৰ নাম, লেখক, প্ৰকাশক, প্ৰকাশৰ চন, পৃষ্ঠা আদিবোৰ লিখি থ'ব পাৰে। Gitartha.bordoloi 09:34, 22 ডিচেম্বৰ 2011 (UTC)

ধন্যবাদ গিতাৰ্থ বৰদলৈ ডাঙৰীয়া, এইটো এটা মই নিজে কৰা গৱেষণামূলক এক প্ৰবন্ধ। This writing was done by myself and provided to Wikipedia English version was read in a seminar organised by North East Mongoloid Community at Milon Jyoti Sangha, Dibrugarh on 2nd October, 2008

Please mention the citations here explicitely. আপুনি তেন্তে সেইটোকে ৱিকিপিডিয়াত ইয়াৰ manual of style (en wiki) মতে লিখক। প্ৰভাকৰ শৰ্মা নেওগ 08:39, 23 ডিচেম্বৰ 2011 (UTC)

প্ৰভাকৰ দাদা, মই কথাবোৰ ভালদৰে বুজি উঠা নাই, অনুগ্ৰহ কৰি শিকাই দিব, আপোনালৈ অশেষ ধন্যবাদ থাকিল।

আপুনি http://en.wikipedia.org/wiki/Irish_people প্ৰবন্ধটো চাই লওক। মই সৰু এটা উদাহৰণ দিছোঁ: ধৰি লওক আমি "ভূমিপুত্ৰ" বুলি লিখিলোঁ। তেন্তে প্ৰশ্ন উঠিল, "ভূমিপুত্ৰ"ৰ সংজ্ঞা কি? তেতিয়া আমি তাত কোনো মান্যতাপ্ৰাপ্ত উৎসৰপৰা উৰ্দ্ধৃতি দিব লাগিব, যথা অমুক কিতাপখনৰ অমুক চনৰ ইমান সংস্কৰণত অমুক লিখকে এই বুলি লিখিছে, পৃষ্ঠা অমুক। কিন্তু তাৰো আগতে আপুনি এটা মূল কথা জানি লোৱা উচিত যে ৱিকিপিডিয়া মৌলিক গৱেষণাৰ ফলাফল প্ৰকাশ কৰা নহয়, অৰ্থাত আপোনাৰ নিজা তথ্য হ'লে যদি সেয়া আপোনাৰ নিজৰ বা অন্য কোনো গৱেষণামূলক কোনো কাকত বা থেচিচত সেই তথ্য প্ৰকাশ হোৱা নাই, তাক ৱিকিপিডিয়াত গ্ৰহণ কৰা নহয়। গতিকে আপোনাৰ প্ৰবন্ধত তেনে কোনো তথ্য থাকিলে সেয়া আঁতৰাই দিয়ক। প্ৰভাকৰ শৰ্মা নেওগ 18:19, 28 ডিচেম্বৰ 2011 (UTC)

এই লিখাটোত ফট দিব বিচাৰো, কেনেকৈ দিব লাগে শিকাই দিব নে

নিশ্চয়। আপুনি প্ৰবন্ধটোৰ ছবি দিব খোজা ঠাইত [[Image:Name.jpg|thumb|right|200px|]] বুলি লিখিব। Nameৰ ঠাইত আপল'ড কৰিব খোজা ফাইলটোৰ নাম আৰু একেবাৰে শেষৰ | চিনডালৰ সোঁফালে এটা শাৰীত ছবিখনৰ বিষয়ে লিখিব। পৃষ্ঠাখন সাঁচি ৰখাৰ পিছত ছবিখনৰ বাবে এটা লিংক দেখা পাব। তাত ক্লিক কৰি ছবিখন আপল'ড কৰিব পাৰিব। অ' আৰু এটা কথা। গৱেষণামূলক মৌলিক প্ৰবন্ধ সাধাৰণতে ৱিকিপিডিয়াত দিব নোৱাৰি। অসমীয়া ৱিকিপিডিয়াত নিয়ম অলপ শিথিল হ'লেও আপুনি অন্ততঃ সোণোৱাল কছাৰীৰ বিষয়ে থকা এখন গ্ৰন্থৰ নাম উল্লেখ কৰিলেহে প্ৰবন্ধটো বিশ্বাসযোগ্য হ'ব। লগতে প্ৰভাকৰ দায়ে এই প্ৰবন্ধটো তলা মাৰি থৈছে। তেওঁকো বাৰ্তা এটা দিয়ক। Gitartha.bordoloi 09:59, 28 ডিচেম্বৰ 2011 (UTC)

পুনৰ তথ্যসূত্ৰ সম্পাদনা কৰক

ৰাজু সোণোৱাল ডাঙৰীয়া, পুনৰ ক'ব খুজিছোঁ যে তথ্যসূত্ৰ উল্লেখ নকৰাৰ বাবে এই প্ৰবন্ধটোৱে মৌলিক গৱেষণা আৰু ব্যক্তিগত মতামতৰ ৰূপ পাইছে আৰু ৱিকিপিডিয়াত এনে হোৱা উচিত নহয়। প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰাখিবলৈ অনুগ্ৰহ কৰি সোণোৱাল কছাৰীৰ ওপৰত লিখা কিতাপৰ বা আন লেখাৰ উদ্ধৃতি দিয়ক। Gitartha.bordoloi 09:56, 5 ফেব্ৰুৱাৰী 2012 (UTC)

"সোণোৱাল কছাৰী" পৃষ্ঠালৈ উভতি যাওক।