বিক্ৰম ঔৰ বেতাল (ধাৰাবাহিক)

হিন্দী ভাষাৰ ধাৰাবাহিক

বিক্ৰম ঔৰ বেতাল (ইংৰাজী: Vikram Aur Betaal) হ’ল ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে সম্প্ৰচাৰ কৰা এখন ধাৰাবাহিক।[1] ইয়াত হিন্দুু পৌৰাণিক কথা সন্নিৱিষ্ট আছে। ধাৰাবাহিকখন বেতাল পঞ্চবিংশতিৰ আধাৰত নিৰ্মিত৷ কিংবদন্তি ৰজা বিক্ৰম (বিক্ৰমাদিত্য বুলি অনুমান কৰা হয়) আৰু বেতাল[2] (পশ্চিমীয়া সাহিত্যত পিশাচৰ অনুৰূপ আত্মা)-ক লৈ ২৬টা খণ্ডত ধাৰাবাহিকখন প্ৰচাৰ কৰিছে। ধাৰাবাহিকখন বিক্ৰম-বেতাল নামেৰেও জনা যায়৷ ধাৰাবাহিকখন দিনৰ চাৰি বজাত (ভাৰতীয় মান সময়) সম্প্ৰচাৰ কৰা হৈছিল।

বিক্ৰম ঔৰ বেতাল
শৈলী অলীক কল্পনা
নিৰ্মাতা সাগৰ আৰ্টচ্‌ লিমিটেড
পৰিচালক প্ৰেম সাগৰ
অভিনয়ত মুখ্য চৰিত্ৰসমূহ
(অধিক চাওক)
দেশ ভাৰত
ভাষা হিন্দী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ২৬
প্ৰযোজনা
প্ৰযোজক ৰামানন্দ সাগৰ
কেমেৰাৰ ছেটআপ মাল্টি-কেমেৰা
দৈৰ্ঘ্য ২২ মিনিট (প্ৰায়)
সম্প্ৰচাৰ
মূল ছেনেল দূৰদৰ্শন কেন্দ্ৰ
দৃশ্যৰ ফৰমেট ৪৮০
প্ৰদৰ্শনৰ সময় ১৯৮৫
কালক্ৰম
সংশ্লিষ্ট ধাৰাবাহিক বেতাল পঞ্চবিংশতি
বাহ্যিক সংযোগ
ৱেবছাইট

বিক্ৰম ঔৰ বেতাল একাদশ শতাব্দীত কাশ্মীৰী কবি সোমদেব ভট্টৰ “বেতাল পঞ্চবিংশতি”ৰ আধাৰত ৰচিত।[3] এই ধাৰাবাহিকখনত মুঠ ২৬টা খণ্ড আছে।[4][5] প্ৰত্যেকটো খণ্ডতে একটাকৈ সাধু আছে।

অভিনয়ত সম্পাদনা কৰক

ক্ৰমিক নং চৰিত্ৰসমূহ অভিনয়ত
বিক্ৰমাদিত্য অৰুণ গোবিল
বেতাল সাজ্জান
তান্ত্ৰিক অৰবিন্দ ত্ৰিবেদী

তথ্য সংগ্ৰহ সম্পাদনা কৰক