বিবেকানন্দ কেন্দ্ৰ হৈছে স্বামী বিবেকানন্দৰ আদৰ্শৰে পৰিচালিত এটা হিন্দু আধ্যাত্মিক সংগঠন। শ্ৰী একনাথ ৰানাডেই ১৯৭২ চনৰ ৭ জানুৱাৰীত ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰীত ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ বৰ্তমানৰ সভাপতি হৈছে পি পৰমেশ্বৰম

বিবেকানন্দ কেন্দ্ৰৰ সমগ্ৰ ভাৰতবৰ্ষ জুৰি ১৮ খন ৰাজ্যত ২০৫ টা শাখা আৰু ২০০তকৈও বেছি পূৰ্ণকালীন কৰ্মী আছে। উত্তৰ-পূব ভাৰতত এই সংগঠনটোৰ প্ৰভাৱ সৰ্বাধিক। কৰ্মীসকলক তিনিটা শ্ৰেণীত ভাগ কৰা হয়:

  • জীৱনব্ৰতী (সংস্কৃত: जीवनव्रती) বা আজীৱন কৰ্মী, কেন্দ্ৰত জীৱনজুৰি কাম কৰিবলৈ যোগদান কৰা কম বসয়ৰ ল'ৰা-ছোৱালী;
  • সেৱাব্ৰতী (সংস্কৃত: सेवाव्रती), যিয়ে কেন্দ্ৰ নিৰ্দিষ্ট সময়ৰ বাবে যোগদান কৰে;
  • বানপ্ৰস্থী (সংস্কৃত: वानप्रस्थी), যিয়ে অৱসৰ গ্ৰহণৰ পিছত কেন্দ্ৰত যোগদান কৰে; আৰু
  • কাৰ্যকৰ্তা (সংস্কৃত: कार्यकर्ता), স্থানীয় কৰ্মী যি ব্যক্তিগত কাম-কাজ বাদ নিদিয়াকৈ কেন্দ্ৰত নিয়োজিত হয়।

কৰ্মীসকলক গঢ় দিবৰ বাবে কেন্দ্ৰই 'যোগ বৰ্গ' (পাঠদান), 'বাল-সংস্কাৰ বৰ্গ', স্বধ্যায় বৰ্গ' আৰু প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। ভাৰতৰ চাৰিও মণ্ডলতে প্ৰশিক্ষণ কেন্দ্ৰবোৰ বিয়পি আছে।

বাহ্যিক সংযোগ

সম্পাদনা কৰক