বিমল বৰা
বিমল বৰা (ইংৰাজী: Bimal Borah) ভাৰত অসমৰ এজন ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিবিদ। ২০১৬ আৰু ২০২১ চনত টিংখাং সমষ্টিৰ নিৰ্বাচিত বিধায়ক। বৰ্তমান অসম চৰকাৰৰ এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰী।[1][2][3]২০২১ চনৰ ১০ মে’ত তেওঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। [4]
কৰ্ম আৰু প্ৰতিশ্ৰুতি পালনত ব্ৰতী উজনিৰ এজন স্বনামধন্য মন্ত্ৰী বিমল বৰা ৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ আলোচনীৰ পৃষ্ঠাত কেইবছৰ মান পূৰ্বে প্ৰশংসাৰে আলোচনীত উপচাই তোলা টিংখাং বিধান সভা সমষ্টিৰ উদ্যমী যুৱ বিধায়ক তথা মন্ত্ৰী বিমল বৰা ৷ কৰ্মে,ধৰ্মে,বানিজ্য,শিক্ষা,সাংস্কৃতিক, উদ্যোগিক বিকাশৰ চিন্তাৰে উজ্জ্বীৱিত মনৰ অধিকাৰীৰ ব্যক্তিত্বৰে সমাজত কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ বুকুত সঠিক নমূনা ৷ সমাজ, দেশ,জ্ঞাতি,জাতিক আগুৱাই নিয়াই যেন তেখেতৰ লক্ষ্য আৰু মহাধৰ্ম ৷ দিনে-ৰাতিয়ে কেৱল কৰ্মৰ নতুন ৰূপ দিয়াৰ মনত অযুত চিন্তা ৷ সেয়েহে বিভিন্ন সময়ত বিভিন্ন চিন্তাক বিভিন্ন ৰূপ দিয়াৰ তেখেতৰ একমাত্ৰ লক্ষ্য ৷সেয়েহে কেৱল সকলোতকৈ আগত কৰ্মকেই ধিয়াই নিজে আগলৈ যোৱাৰ লগতে সমাজ তথা দেশকো প্ৰগতিৰ পথত সমানে আগুৱাই লৈ যোৱাৰ বুকুত যেন লক্ষ্য বান্ধিছে ৷ তাৰেই গতিৰে বিভিন্ন প্ৰচেষ্টাৰ ফলস্বৰূপে বিভিন্ন কাৰ্যপন্থাক লৈ সময়ৰ গতিত তেখেতে আগবাঢ়িছে ৷ "আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক " ----------এই চিন্তাক ৰূপ দিয়াৰ প্ৰয়াসত ছাত্ৰ-ছাত্ৰীৰ দক্ষতা ,মানসিক, বৌদ্ধিক বিকাশৰ উৎকৰ্ষ সাধনৰ প্ৰচেষ্টাৰে বিভিন্ন সময়ত অসম চৰকাৰৰ মাননীয় উদ্যোগ,বানিজ্য প্ৰতিষ্ঠানৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা ডাঙৰীয়াই নিজা সমষ্টিত বিভিন্ন দিশ সমূহক লৈ ছাত্ৰ-ছাত্ৰী সকলক আগুৱাই নিয়াৰ প্ৰয়াস কৰি আহিছে ৷ এগৰাকী কেৱিনেট মন্ত্ৰী হিচাপে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন বিভাগীয় দায়িত্বৰ ব্যস্ততাৰ মাজতো ছাত্ৰ-ছাত্ৰী সকলৰ বিকাশ যাত্ৰাৰ হকে কাম কৰি আহিছে ৷ বিগত কাৰ্যকালচোৱাত তেখেতৰ পৃষ্ঠপোষকতাত ২০২৩ চনৰ পৰা প্ৰতি বছৰে টিংখাং বিধানসভা সমষ্টিৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই অহাৰ লগতে শিক্ষা জগতৰ বিশাল ক্ষেত্ৰ খনৰ অৱলোকন কৰি ভৱিষ্যত জীৱনৰ সফলতাৰ বাবে কৰণীয় কাৰ্যৰ বিষয়েও পৰ্যালোচনা কৰি আহিছে ।এই সম্পৰ্কত নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ চলিত বৰ্ষৰ যোৱা ২৫ মে'ত তেখেতে নিজা সমষ্টিৰ অন্তৰ্গত "মৰাণ বানিজ্য মহাবিদ্যালয়"লৈ নিমন্ত্রণ কৰি আনিছিল আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিশিষ্ট লেখক, প্ৰেৰণা উদ্দীপক বক্তা শ্ৰী শিৱ খেৰা ডাঙৰীয়াক। সেই শুভ দিনটোত বিশেষ অনুষ্ঠানটোৰ নাম ৰাখিছিল "সাহস আৰু প্ৰত্যয় ভৰা এদিন ৷" শিৱ খেৰা ডাঙৰীয়াৰ দ্বাৰা লিখিত বিশ্ব বিখ্যাত গ্ৰন্হ 'YOU CAN WIN' তথা প্ৰেৰণা দায়ক বক্তব্যই কিমান জনৰ যে জীৱনক সুন্দৰ গতি প্ৰদান কৰিছে তাৰ সীমা সংখ্যা নাই। ৰাষ্ট্ৰীয় পেক্ষাপটত জিলিকি থকা এনে এজন মহান ব্যক্তিৰ ভাষণ স্বচক্ষে উপভোগ কৰিবলৈ পোৱাটো ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সঁচাই পৰম সৌভাগ্যৰ কথা। তাৰোপৰি মন্ত্ৰী ডাঙৰীয়াৰ এক প্ৰশংসনীয় পদক্ষেপ ৷ মন্ত্ৰী বিমল বৰাৰ চিন্তা আৰু প্ৰচেষ্টাত তেখেতৰ হাতৰ পৰশত লহ-পহকৈ ক্ৰমাৎ বৃহৎ আকাৰ ৰূপে গঢ় লৈ উঠিৱ খোজা স্বেচ্ছাসেৱী ন্যাস Growth frrom Grassroots এ প্ৰকৃতি আৰু মানুহৰ বাবে কাম কৰি আহিছে।
তাৰোপৰি ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশৰ কাৰণে মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্বেচ্ছাসেৱী ন্যাস Growth from Grassroots এ আয়োজন কৰা শৈক্ষিক কৰ্মসূচী 'অন্বেষণ' নামৰ ১২ দিনীয়া কাৰ্যসূচীত বিশেষ ভাৱে ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে IIT গুৱাহাটীৰ জনসংযোগ আৰু ব্ৰেণ্ডিঙৰ প্ৰশাসনিক অধ্যক্ষ পৰমেশ্বৰ কৃষ্ণন আয়েৰ ডাঙৰীয়া আৰু ৰয়েল গ্লোবেল ইউনিভাৰ্ছিটিৰ আচাৰ্য ড° অশোক কুমাৰ পাঞ্চাৰী ডাঙৰীয়াকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন দিশত মাৰ্গ দৰ্শন দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট পৰিমাণে উৎসাহিত কৰাৰ অহৰহ প্ৰয়াস কৰি আহিছে ৷
মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত স্বেচ্ছাসেৱী ন্যাস Growth frrom Grassrootsৰ উদ্যোগত বিধায়ক শৈক্ষিক উপদেষ্টা সমিতিৰ সহযোগত আয়োজিত শৈক্ষিক কৰ্মশালা 'অন্বেষণ' ৰ সামৰণি অনুষ্ঠানত যোৱা ২৩ জুলাইত বিশেষভাৱে মহামহিম ৰাজ্যপাল শ্ৰীযুত গোলাব চান্দ কাটাৰীয়া ডাঙৰীয়াৰ উপস্থিতি আৰু ছাত্ৰ-ছাত্ৰী সকলক ৰাজ্যপাল গৰাকীয়ে দিয়া মাৰ্গ দৰ্শনে অনুষ্ঠানটো অধিক মহিমামণ্ডিত কৰি তুলিছিল ৷
উক্ত স্বেচ্ছাসেৱী ন্যাস Growth From Grassroots ৰ উদ্যোগত আৰু বিধায়ক শৈক্ষিক উপদেষ্টা সমিতিৰ সহযোগত অনুষ্ঠিত হৈ যোৱা 'অন্বেষণ' সংগতি ৰাখি আয়োজিত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল কৰা টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী সকলৰ ১৮০ গৰাকী শিক্ষার্থীক পাঁচখন বিলাসী বাছেৰে গুৱাহাটীলৈ শিক্ষামূলক ভ্রমণ হিচাপে নিয়াৰ ব্যৱস্থা কৰে ৷
এক কথাত কৱলৈ গলে বৰ্তমানৰ ৰাজনৈতিক ক্ষেত্ৰখনত তথা উজনি অসমত বহুল প্ৰসাৰিত এক নাম মন্ত্ৰী বিমল বৰা ৷ কৰ্মই যাৰ পৰিচয় ৷ সেইবাবে তেখেত কণ কণ শিশুৰ পৰা জেষ্ঠ,বৃদ্ধ সকলৰ মাজত এজন সমল ব্যক্তি ৷ কৰ্মোদ্যমী বাঘজৰীৰে সুদীৰ্ঘ দিন ৰাজনীতিৰ ৰথত উঠি নিজৰ দায়িত্ব আগত ৰাখি দেশ,সমাজ,জ্ঞাতি,জাতিৰ হিতাৰ্থে কৰি যোৱা সৎ কৰ্মবোৰত আছে চেতনাৰ উৰ্বৰ শক্তি, প্ৰগতিৰ নতুন দিগন্ত ৷ যাৰ উৎসবোৰৰ মাজেৰে জনপ্ৰিয়তাৰ ইন্ধনত ঘূৰিৱ লাগিছে তেখেতৰ ৰাজনীতিৰ ৰথৰ চকা সুদুৰ দূৰণিলৈ… …কৰ্মই যায় ধৰ্ম, প্ৰতিশ্ৰুতি পুৰণত আৰু পালনত কোনোদিন পিচ নুহুকা এগৰাকী সৰল মৃদুভাষী মাটিৰ মানুহ ৷ নৱ -নৱ চিন্তাৰে নৱ প্ৰজন্মক তথা বৰ্তমান সমাজখনত শিক্ষা,সংস্কৃতি,বানিজ্য,কৃষি ইত্যাদি মাধ্যমৰ জৰিয়তে নতুন গতিৰে প্ৰৱাহিত কৰি উদ্ভাস,উৎসাহৰ কঠিয়াৰে মনৰ চেতনাক উদ্যমী কৰি তোলাৰ হেপাহ আৰু প্ৰচেষ্টাবোৰ চিৰসেউজ ৰূপত সমাজৰ দশোদিশে প্ৰসাৰতা লাভ কৰক ৷ তেখেতৰ প্ৰগতিশীল চিন্তাৰ ভাস্কৰ্য্যবোৰ সময়ৰ বাকৰিত খোদিত হওক,উদ্যমশীলতাৰ আদৰ্শ হওক,চিৰদিন জাতিৰ স্বাভিমানৰ কিৰিতি স্তম্ভ হৈ ৰওক ৷৷
ব্যক্তিগত জীৱন আৰু শিক্ষা
সম্পাদনা কৰকবিমল বৰাৰ পিতৃ আছিল স্বৰ্গীয় হৰিপ্ৰসাদ বৰা। ১৯৯৬ চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক সম্পূৰ্ণ কৰে।
তথ্যসূত্ৰসমূহ
সম্পাদনা কৰক- ↑ "Assam Candidate List for Assembly Elections 2016". Archived from the original on 26 November 2016. https://web.archive.org/web/20161126132002/http://www.stateselections.in/info/assam-election-candidate-list.html। আহৰণ কৰা হৈছে: 26 November 2016.
- ↑ My Neta
- ↑ "Sonowal campaigns in Tingkhong". Archived from the original on 26 November 2016. https://web.archive.org/web/20161126132428/http://www.assamtribune.com/scripts/mdetails.asp?id=mar2516%2Fstate059। আহৰণ কৰা হৈছে: 26 November 2016.
- ↑ "Here is the List of 13 New Assam Cabinet Ministers". The Sentinel. 10 May 2021. https://www.sentinelassam.com/amp/north-east-india-news/assam-news/here-is-the-list-of-13-new-assam-cabinet-ministers-537830। আহৰণ কৰা হৈছে: 16 May 2021.