জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ)
জগন্নাথ বৰুৱা মহাবিদ্যালয় বা চমুকৈ জে বি কলেজ (ইংৰাজী: Jagannath Barooah College) অসমৰ যোৰহাট জিলাৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ই উজনি অসমৰ প্ৰথমখন মহাবিদ্যালয়। যোৰহাট চহৰৰ মাজমজিয়াতে বৰপাত্ৰ আলিত যোৰহাট কাছাৰী ময়দানৰ ঠিক সন্মুখতে মহাবিদ্যালয়খন অৱস্থিত। জগন্নাথ বৰুৱা মহাবিদ্যালয়ক NAAC-ৰ A গ্ৰেড (CGPA মান ৩.১১) প্ৰদান কৰা হৈছে[1]। ২০১৫ চনৰ অক্টোবৰত বিশ্ববিদ্যালয় অনুদান আয়োগে মহাবিদ্যালয়খনক ২০১৬-১৭ শৈক্ষিক বৰ্ষৰ পৰা বলৱৎ হোৱাকৈ ছয় বছৰৰ বাবে স্বায়ত্ত্বশাসিত মৰ্যদা প্ৰদান কৰে।[2]
জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ) | |
---|---|
জে বি কলেজ | |
![]() | |
মূলমন্ত্ৰ | না হি জ্ঞানেন সদৃশম্ পৱিত্ৰমিহা বিদ্যতে The Light That Never Fails |
স্থাপিত | ১৯ আগষ্ট, ১৯৩০ |
অধ্যক্ষ | ড॰ বিমল বৰা |
স্থান | যোৰহাট, অসম, ভাৰত |
চৌহদ | চহৰাঞ্চল |
উপনাম | জে বি কলেজ |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | http://www.jbcollege.org.in/ |
ইতিহাসসম্পাদনা কৰক
উজনি অসম মহাবিদ্যালয় (Upper Assam College) নামেৰে ১৯৩০ চনৰ ১৯ আগষ্ট তাৰিখে মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। সেই বছৰৰে ৪ ছেপ্টেম্বৰ তাৰিখৰ আলোচনা সভাত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে লোৱা সিদ্ধান্তমৰ্মে শিক্ষানুষ্ঠানখনৰ নাম যোৰহাট মহাবিদ্যালয় ৰখা হয়। ১৯৩৮ চনত পুনৰ এক সিদ্ধান্তমৰ্মে এই নাম সলাই উজনি অসমৰ প্ৰথমগৰাকী স্নাতক জগন্নাথ বৰুৱাৰ নামত ৰখা হয়। অনুষ্ঠানটোৰ বাবে ভূমি আৰু বৰ্ত্তমানৰ কাৰ্যালয় ভৱন 'বৰপাত্ৰ কুটীৰ' দান কৰিছিল জগন্নাথ বৰুৱাৰ নাতি মুৰুলীধৰ বৰুৱাই।
প্ৰতিষ্ঠাপকসকলসম্পাদনা কৰক
জে বি কলেজৰ প্ৰতিষ্ঠাপক মুৰব্বী তথা অধ্যক্ষ আছিল পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ। সহকাৰী শিক্ষকসকল আছিল ক্ৰমে তুলসী নাৰায়ণ শৰ্মা, যজ্ঞেশ্বৰ শৰ্মা, ফণীধৰ দত্ত, প্ৰফুল্ল প্ৰাণ চাংকাকতী আৰু গুণগোবিন্দ দত্ত। এইকেইগৰাকী শিক্ষক আৰু ১৪ গৰাকী বিদ্যাৰ্থীৰে কলিকতা বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত মহাবিদ্যালয়খনত আই.এ. (Intermediate of Arts) শ্ৰেণীসমূহ আৰম্ভ কৰা হৈছিল। পিছলৈ ক্ৰমে আই. কম. (I. Com.), কলা শাখাৰ স্নাতক, বাণিজ্যৰ স্নাতক, আই. এছ. ছি. (I. Sc.) আৰু বিজ্ঞানৰ স্নাতক শ্ৰেণীসমূহ খোলা হয়। ১৯৪৮ চনত এই মহাবিদ্যালয় গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হয় আৰু শেষত ১৯৬৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন হোৱাৰ লগে লগে মহাবিদ্যালয়খনৰ পাঠ্যক্ৰম ইয়াৰ আওঁতালৈ আহে।
অধ্যক্ষৰ তালিকাসম্পাদনা কৰক
১৯৩০ চনৰপৰা ২০২০ চনলৈকে মহাবিদ্যালয়খনত মুঠতে সোতৰজন অধ্যক্ষই কাৰ্যনিৰ্বাহ কৰিছে।[3]
ক্ৰমিক নং | অধ্যক্ষ | কাৰ্যকাল |
---|---|---|
১ | কৃষ্ণকান্ত সন্দিকৈ | ১৯৩০-১৯৪৮ |
২ | তুলসী নাৰায়ণ শৰ্মা | ১৯৪৮-১৯৫২ |
৩ | গুণগোবিন্দ দত্ত | ১৯৫২-৯৬৪ |
৪ | এন. চি. গোস্বামী | ১৯৬৪-১৯৭৪ |
৫ | কৃষ্ণচন্দ্ৰ কাকতি | ১৯৭৪-১৯৭৯ |
৬ | কে. পি. চাংকাকতী | ১৯৭৯-১৯৮২ |
৭ | বি. কে. মিশ্ৰ | ১৯৮২-১৯৮৩ |
৮ | মাণিকলাল ফুকন | ১৯৮৩-১৯৯৫ |
৯ | মুকুল চন্দ্ৰ চলিহা | ১৯৯৫-১৯৯৬ |
১০ | আৰ. কে. বৰুৱা | ১৯৯৬-১৯৯৮ |
১১ | জি. দাস | ১৯৯৮-২০০০ |
১২ | জে. চি. বৰা | ২০০০-২০০০ |
১৩ | আৰ. এছ. আগৰৱালা | ২০০০-২০০১ |
১৪ | ড॰ অঞ্জনা চলিহা | ২০০১-২০০৩ |
১৫ | ড॰ এন. জি. গোস্বামী | ২০০৩-২০০৬ |
১৬ | ড॰ বিজয় চন্দ্ৰ শৰ্মা | ২০০৬-২০১১ |
১৭ | বিমল বৰা | ২০১১- |
বিভাগসমূহসম্পাদনা কৰক
মহাবিদ্যালয়খনত তলত উল্লিখিত ১৯টা বিভাগ আছে।
|
|
|
পাঠ্যক্ৰমসম্পাদনা কৰক
জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম ব্যৱস্থা আছে। তলৰ তালিকাত বৰ্তমানে উপলব্ধ পাঠ্যক্ৰমৰ উল্লেখ আছে:
উচ্চতৰ মাধ্যমিক[4]সম্পাদনা কৰক
- কলা
- বিজ্ঞান
- বাণিজ্য
স্নাতক পাঠ্যক্ৰম[5]সম্পাদনা কৰক
কলা শাখা
|
বিজ্ঞান শাখা
(ইয়াৰে ইলেকট্ৰনিক্ছ আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ত মেজৰ পাঠ্যক্ৰম উপলব্ধ নহয়। অইন প্ৰতিটো বিভাগতে মেজৰ পাঠ্যক্ৰম আছে। )
|
বাণিজ্য শাখা
|
স্নাতকোত্তৰ পাঠ্যক্ৰম[7]সম্পাদনা কৰক
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত
- ভূগোল
- দৰ্শন
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী শিক্ষাৰ অধীনত
|
|
অন্যান্য[8]সম্পাদনা কৰক
- সামূহিক আৰু আলংকৰিক মৎস্য পালন (এবছৰীয়া)
- হাৰ্ডৱেৰ মেইনটিনেন্স (এবছৰীয়া)
- আণ্ডাৰষ্টেণ্ডিং ফিল্ম ষ্টাডিজ এণ্ড ডিজিটেল ফিল্ম মেকিং
- পৰ্যটন আৰু ভ্ৰমণ ব্যৱস্থাপনা
- বিশেষ চিপিটি (CPT)
- টেলী চাৰ্টিফিকেট কোৰ্ছ
অন্যান্য সা-সুবিধাসমূহসম্পাদনা কৰক
পুথিভঁৰালসম্পাদনা কৰক
প্ৰতিষ্ঠাপক অধ্যক্ষ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ নামানুসৰি মহাবিদ্যালয়ৰ পুথিভঁৰালৰ নাম কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰাল ৰখা হৈছে। ২০১১ চনৰ তথ্য অনুসৰি ইয়াত ৩৬,১৭৪খন পাঠ্যপুথি, ১০,৪৮৬খন সহায়ক গ্ৰন্থ থকাৰ লগতে অসমীয়া, হিন্দী, আৰু ইংৰাজী ভাষাৰ ৭২খন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰিকা আৰ ১৬খন স্থানীয় তথা ৰাষ্ট্ৰীয় দৈনিক গ্ৰন্থাগাৰলৈ লোৱা হয়।[9]
গৱেষণাগাৰসম্পাদনা কৰক
বিজ্ঞান শাখাৰ বিভাগসমূহৰ একোটা আছুতীয়া গৱেষণাগাৰৰ লগতে কাৰ্যকৰী ইংৰাজী বিভাগৰ এক ভাষিক গৱেষণাগাৰ আছে।[9]
ইয়াৰ উপৰিও শিক্ষানুষ্ঠানখনৰ এটা ছাত্ৰাবাস, এটা ছাত্ৰীনিবাস, এক ইনড'ৰ ষ্টেডিয়াম (ফণীধৰ দত্ত খেলঘৰ), এটা ব্যায়ামগাৰ আৰু দুখন কেণ্টিন আছে।
আলোচনীসম্পাদনা কৰক
মহাবিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰ হৈছে জেবিয়ান। আলোচনীখনৰ অনলাইন সংস্কৰণো উপলব্ধ।[10] মূল প্ৰাচীৰ পত্ৰিকা স্পন্দনৰ উপৰিও ১৯টা বিভাগৰ প্ৰতিটোৰে একোখনকৈ প্ৰাচীৰ পত্ৰিকা আছে। লগতে প্ৰয়াস, তৰংগ ইত্যাদি বাৰ্ষিক হাতেলিখা আলোচনীও অন্যতম সংযোজন।
মহাবিদ্যালয়ৰ গীতসম্পাদনা কৰক
জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতীকত থকা "Light that never fails" শীৰ্ষক বিষয়বস্তুৰ আধাৰত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ সময়ৰ পৰা 'জ্যোতিৰ শিখা এই অনিৰ্বাণ' শীৰ্ষক গীত মহাবিদ্যালয়ৰ গীতৰূপে গ্ৰহণ কৰা হয়। গীতৰ গীতিকাৰ অমিয়ধৰ বৰুৱা, ৰোহিণীধৰ বৰুৱা আৰু যতীন্দ্ৰকুমাৰ বৰগোহাঞি আৰু সুৰকাৰ অমিয়ধৰ বৰুৱা।[11]
জ্যোতিৰ শিখা এই অনিৰ্বাণ
জ্ঞানৰ শিখা এই অনিৰ্বাণ
অনিৰ্বাণ পোহৰৰ মহা অভিযান॥
সত্য সুন্দৰ জ্ঞানেৰে মহান
বিনাশি অসুন্দৰ আন্ধাৰ অজ্ঞান
সোণোৱালী অতীতত জনাই প্ৰণাম
নতুন প্ৰভাৰ পথে হ'ম আগুৱান॥
কলা-কৃষ্টি জ্ঞান-বিজ্ঞান
সাধনাৰ লক্ষ্য জন কল্যাণ
প্ৰজ্বলিত হওক জুৰি চিৰকাল
জ্ঞানৰ শিখা চিৰ জ্যোতিষ্মান॥
মহাবিদ্যালয়ৰ সকলোবোৰ অনুষ্ঠানৰ আৰম্ভণিতে গীতটো পৰিবেশন কৰা হয়।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ [http://www.naac.gov.in/sites/naac.gov.in/files/Reaccreditation.pdf List of Institutions Re-Accredited by NAAC (on March 10, 2012)] আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
- ↑ "Autonomy for JB College". The Telegraph. 30 October 2015. http://www.telegraphindia.com/1151030/jsp/northeast/story_50478.jsp#.VjwvWkb01QM। আহৰণ কৰা হৈছে: 6 November 2015.
- ↑ Academic Calendar 2011-2012. Jagannath Barooah College
- ↑ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট, আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
- ↑ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট, আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
- ↑ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট, আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
- ↑ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৱেবচাইট, আহৰণ কৰা তাৰিখ: ২১-০৭-২০১২
- ↑ "Programmes Offered". Official Website. https://www.jbcollege.org.in/courses.php। আহৰণ কৰা হৈছে: 17 April 2020.
- ↑ 9.0 9.1 Jagannath Barooah College, UG & PG Prospectus (2010-2011
- ↑ "অনলাইন জেবিয়ান". জগন্নাথ বৰুৱা মহাবিদ্যালয়. http://jbcollege-opac.kohacloud.in/cgi-bin/koha/opac-detail.pl?biblionumber=71039। আহৰণ কৰা হৈছে: 18 April 2020.
- ↑ জেবিয়ান, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ, ৬৯তম সংখ্যা, ২০০৭-২০০৮ বৰ্ষ