বিয়েৰ গ্ৰিলচ্
এডৱাৰ্ড মাইকেল "বিয়েৰ" গ্ৰিলচ্ এজন দু:সাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শন উপস্থাপক। মেন ভাৰ্চেচ ৱাইল্ড নামৰ দূৰদৰ্শন ধাৰাবাহিক খনৰ বাবে সৰ্বাধিক পৰিচিত। এই ধাৰাবাহিক খনক ব্ৰিটেইনত বৰ্ণ চাৰ্ভাইভৰ: বিয়েৰ গ্ৰিলচ হিচাপেও জনা যায়। যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ, অৰণ্যত জীয়াই থকাৰ কলা-কৌশলক মূল হিচাপে লৈ নিৰ্মাণ কৰা ভালেকেইখন দূৰদৰ্শন ধাৰাবাহিকত তেওঁ জড়িত হৈ আছে।
বিয়েৰ গ্ৰিলচ্ | |
---|---|
![]() বিয়েৰ গ্ৰিলচ্, অক্টোবৰ ২০১২ | |
জন্ম | এডৱাৰ্ড মাইকেল গ্ৰিলচ্ ৭ জুন, ১৯৭৪ ইং চন যুক্তৰাজ্য |
শিক্ষানুষ্ঠান |
|
পেচা |
|
দাম্পত্যসঙ্গী | শ্বাৰা কেনিংচ্ নাইট |
পিতৃ-মাতৃ |
|
ৱেবছাইট | |
beargrylls |
২০০৯ চনত ৩৫ বছৰ বয়সত তেওঁ সৰ্বকনিষ্ঠ স্কাউত প্ৰধান হিচাপে নিযুক্ত হয়।
ব্যাক্তিগত জীৱনসম্পাদনা কৰক
গ্ৰিলচ্ ৪ বছৰ বয়সলৈ উত্তৰ আয়াৰলেণ্ডৰ কাউন্টী ডাউনৰ ডোনাঘাডিত ডাঙৰ দীঘ্ল হৈছিল। ইয়াৰ পিছত তেওঁলোকৰ পৰিয়ালটো ইলে অৱ ৱইটৰ বেমব্ৰিজ অঞ্চললৈ উঠি যায়। গ্ৰিলচ্ কঞ্জাৰভেটিভ পাৰ্টীৰ নেতা ছাৰ মাইকেল গ্ৰিলচ্ আৰু লেডী চাৰাহ গ্ৰিলচ্ৰ সন্তান আছিল। লাৰা ফ'চেট নামৰ গ্ৰিলচ্ৰ এজনী বায়েকো আছে। উল্লেখযোগ্য যে এৱেই গ্ৰিলচ্ক ঘৰত মতা 'বিয়েৰ' নামটো দিছিল যেতিয়া তেওঁৰ বয়স এসপ্তাহ হৈছিল।
গ্ৰিলচে্ ইটন হাউচ, লাডগ্ৰোভ স্কুল আৰু ইটন কলেজৰ পৰা শিক্ষা লাভ কৰিছিল। ইটন কলেজৰ প্ৰথমটো পৰ্বাতৰোহী ক্লাব তেওঁৰ সহযোগত গঢ় লৈ উঠিছিল। ২০০২ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা Hispanic বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
উল্লেখযোগ্য যে তেওঁৰ আজোককা ৱাল্টাৰ ডৰ্লিং স্মাইলচ্ অসম লেজিচলেটিভ কাউঞ্চিলৰ সদস্য আছিল
২০০০ চনত গ্ৰিলচ্ শ্বাৰা কেনিংচ্ নাইটৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ তিনিজন ল'ৰা সন্তান আছে।
সামৰিক সেৱাসম্পাদনা কৰক
স্কুল এৰাৰ পিছত গ্ৰিলচে্ ভাৰতীয় সেনাত যোগদান কৰাৰ কথা ভাবিছিল। এই সময়ত কেইমাহমান তেওঁ চিক্কিম, পশ্চিমবংগ আৰু অসমত থাকি হিমালয় পৰ্বত আৰোহণ কৰি কটাইছিল। ইয়াৰ পিছত ১৯৯৭ চনলৈ ৩ বছৰ ব্ৰিটিছ সেনা বাহিনীত কাম কৰে।
১৯৯৬ চনত গ্ৰিলচ্ এক পেৰাচুট দুৰ্ঘটনাত পতিত হৈ বেয়াকৈ আঘাতগ্ৰ্স্ত হয়। তেওঁ পুণৰ খোজ কাঢ়িব পাৰিব নে নোৱাৰে তাত সন্দেহ আহি পৰিছিল। সুস্থ হৈ উঠালৈ প্ৰায় ১২ মাহ লাগিছিল। ইয়াৰ পিছত তেওঁ এভাৰেষ্ট আৰোহণ কৰা শৈশৱৰ স্বপ্ন পূৰ্ণ কৰাৰ বাবে উঠিপৰি লাগিছিল।
সন্মানসূচক ভাৱে তেওঁক ২০০৪ চনত লেফটেনেন্ট কামাণ্ডাৰ আৰু ২০১৩ চনত লেফটেনেন্ট কৰ্ণেল পদ প্ৰদান কৰা হয়।
এভাৰেষ্ট জয়সম্পাদনা কৰক
দুৰ্ঘটনাৰ ১৮ মাহ পিছত গ্ৰিলচে্ তেওঁৰ শৈশৱৰ সপোন পূৰ্ণ কৰি ১৯৯৮ চনৰ ১৬ মে' তাৰিখে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহণ কৰে। ২৩ বছৰ বয়সত এই শৃংগ আৰোহণ কৰি গ্ৰিলচ্ এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা সৰ্বকনিষ্ঠ লোকসকলৰ মাজৰ এজন হিচাপে পৰিচিত হয়। দাবী কৰা ধৰণে তেওঁ আটাইতকৈ কনিষ্ঠ ব্ৰিটন হয় নে নহয় কথাটোত কিছু বিতৰ্ক হোৱা দেখা যায়। কাৰণ ১৯৯৫ চনত জেমচ্ আলেন নামৰ অষ্ট্ৰেলিয়া আৰু ব্ৰিটেইনৰ দ্বিনাগৰিকত্ব থকা ২২ বছৰীয়া যুৱক এজনে এই শৃংগ জয় কৰিবলৈ সক্ষম হৈছিল।