৭ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | |||
২০২১ |
৭ জুন (ইংৰাজী: 7 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৮তম (অধিবৰ্ষত ১৫৯তম) দিন। বছৰ শেষ হ'বলৈ ২০৭ দিন বাকী থাকে।
জন্মসম্পাদনা কৰক
- লিবিয়াৰ ইজৰাইল-বিৰোধী আন্দোলনৰ নেতা মোৱাম্মাৰ মহম্মদ আবু মিনয়াৰ আল-গাড্ডাফিৰ জন্ম হৈছিল ১৯৪২ চনৰ আজিৰ দিনটোতেই।
- এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শন উপস্থাপক এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্ৰ জন্ম হৈছিল ১৯৭৪ চনৰ আজিৰ দিনটোতেই।
- বৰপেটা সত্ৰৰ দ্বিতীয় গৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাই পৃথিৱীৰ প্ৰথম পোহৰ দেখিছিল ১৪৯০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই। তেখেতৰ আদি নাম আছিল গোপাল তাঁতী।
মৃত্যুসম্পাদনা কৰক
- এগৰাকী আগশাৰীৰ অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ মৃত্যু হৈছিল ১৯৮৬ বৰ্ষৰ আজিৰ দিনটোতেই।
- অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, একাধাৰে কবি, গীতকাৰ তথা নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাই ইহলীলা সম্বৰণ কৰিছিল ১৯৬৪ বৰ্ষৰ আজিৰ দিনটোতেই।
- অসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ কৃষ্ণকান্ত সন্দিকৈৰ বিয়োগ হৈছিল ১৯৮২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই।
- ২০০০ চনৰ আজিৰ দিনটোতে সাংবাদিক ৰবীন বৰুৱাৰ মৃত্যু হয়।
- এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী এলান মেথিছন ট্যুৰিংৰ মৃত্যু হৈছিল ১৯৫৪ বৰ্ষৰ আজিৰ দিনটোতেই।
অনান্যসম্পাদনা কৰক
- শৰাইঘাট দলং অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং। ১৯৬৩ চনৰ আজিৰ দিনটোতেই সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল।
- ১৯৭২ চনৰ আজিৰ দিনটোতে অসম বিধানসভাৰ অধিৱেশনত শ্বিলংৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
- ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে ১৯৭৯ চনৰ আজিৰ দিনটোতে। ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।