বিলম্বি টেঙা

কৰ্দৈ গছৰ নিকট সম্পৰ্কীয় উদ্ভিদ

বিলম্বি টেঙা বা বিলম্বি (ইংৰাজী: bilimbi', cucumber tree, tree sorrel[2], বৈজ্ঞানিক নাম: Averrhoa bilimbi) Oxalidaceae পৰিয়ালৰ এবিধ ফলসম্ভৱা গছ। ই কৰ্দৈ গছৰ নিকট সম্পৰ্কীয় উদ্ভিদ।

বিলম্বি টেঙা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Oxalidales
পৰিয়াল: Oxalidaceae
গণ: Averrhoa
প্ৰজাতি: A. bilimbi
বৈজ্ঞানিক নাম
Averrhoa bilimbi
Carl Linnaeus
সমাৰ্থক[1]
  • Averrhoa abtusangulata Stokes
  • Averrhoa obtusangula Stokes

বিৱৰণ সম্পাদনা কৰক

বিলম্বি টেঙা মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ স্থানীয় এবিধ সৰু গ্ৰীষ্মমণ্ডলীয় গছ। ইয়াৰ উচ্চতা ১৫ মিটাৰ পৰ্যন্ত হয়।[3] গছজোপা ভালেমান শাখা-প্ৰশাখাত বিভক্ত। বিলম্বিৰ ঠানিসমূহ প্ৰায় ৩০–৬০ চে.মি. দীঘল হয়। প্ৰতিটো ঠানিত ১১-৩৭খিলা পাত থাকে। পাতসমূহ ডিম্বাকৃতিৰ পৰা দীঘলীয়া, ২–১০ চে.মি. দীঘল আৰু ১–২ চে.মি. বহল হয়।[4] ইয়াৰ পাতসমূহৰ সৈতে পৰা আমলখিৰ পাতৰ যথেষ্ট মিল আছে। গা গছজোপা বা ডালতে ফুল ফুলে আৰু একোটা থোপাত ১৮–৬৮পাহ ফুল থাকে। ফুলবোৰ সুগন্ধি আৰু ৫টা পাহিযুক্ত ১০–৩০ মিলিমিটাৰ দীঘল হয়। ইয়াৰ ৰং হালধীয়া সেউজীয়াৰ পৰা ৰঙা বেঙুনীয়া ৰঙৰ।[5] ফলটো উপবৃত্তাকাৰ, দীঘলীয়া আৰু ই প্ৰায় ৪ – ১০ চে.মি. দৈৰ্ঘ্যৰ। কেতিয়াবা ই ৫ কোণীয়া হয়।[6] পকিলে পাতল সেউজীয়াৰ পৰা হালধীয়া সেউজীয়ালৈ ৰং ধৰে।[4] ফলবোৰ সাধাৰণতে কেঁ‌চাকৈ ফল হিচাপে খোৱা নহয়। ফলবোৰ প্ৰায়ে সংৰক্ষিত কৰি সোৱাদবৰ্ধক হিচাপে ব্যৱহাৰ কৰা হয়। ই ইণ্ডোনেছিয়াৰ বহুতো খাদ্য সামগ্ৰীৰ এটা মূল উপাদান।[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl1.1/record/kew-2666745। আহৰণ কৰা হৈছে: May 16, 2014. 
  2. USDA, ARS, Germplasm Resources Information Network. 6157 বিলম্বি টেঙা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service.
  3. "Averrhoa bilimbi Linn", SpringerReference (Springer-Verlag), 2011, doi:10.1007/springerreference_68116 
  4. 4.0 4.1 "Averrhoa bilimbi L.". Singapore Government, National Parks Flora & Fauna Web. https://florafaunaweb.nparks.gov.sg/special-pages/plant-detail.aspx?id=2735. [সংযোগবিহীন উৎস]
  5. Ahmed, QamarUddin; Alhassan, AlhassanMuhammad (2016). "Averrhoa bilimbiLinn.: A review of its ethnomedicinal uses, phytochemistry, and pharmacology" (en ভাষাত). Journal of Pharmacy and Bioallied Sciences খণ্ড 8 (4): 265–271. doi:10.4103/0975-7406.199342. ISSN 0975-7406. PMID 28216948. 
  6. "Buy BILIMBI Fruit Tree - Averrhoa bilimbi". www.daleysfruit.com.au. https://www.daleysfruit.com.au/fruit%20pages/bilimbi.htm। আহৰণ কৰা হৈছে: 2018-10-25. 
  7. Xu, Eren; Wijaya, Christofora; Faridah, Didah (2017). "Characterization of aroma compounds in Indonesian traditional seasoning (asam sunti) made from Averrhoa bilimbi L.". Emirates Journal of Food and Agriculture: 1. doi:10.9755/ejfa.2016-11-1577. ISSN 2079-052X. https://www.ejmanager.com/fulltextpdf.php?mno=248012.