ফুলেশ্বৰী কুঁৱৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
27 নং শাৰী:
| dynasty = আহোম ৰাজবংশ
}}
'''[https://sites.google.com/view/as-buranjipedia/assam-history-short-type-question-answers#h.hepc3w4koagn ফুলেশ্বৰী]''' ([[ইংৰাজী ভাষা]]:Phuleswari) আহোম ৰজা [[শিৱ সিংহ]]ৰ প্ৰধান ৰাণী আছিল। [[আহোম ৰাজ্য]] প্ৰত্যক্ষভাৱে শাসন কৰা তেখেত প্ৰথম মহিলা।<ref name="indian review">{{cite web | url=https://indianreview.in/nonfiction/womens-role-in-administration-and-politics-in-early-assam/ | title=Women’s Role in Administration and Politics in Early Assam | publisher=Indian Review | accessdate=29 March 2019 | author=Baruah, Mrs. S. L.}}</ref> পূৰ্বে তেওঁ দেৰগাঁৱৰ শিৱ মন্দিৰৰ এগৰাকী নৰ্তকী আছিল। আচল নাম আছিল ফুলমতী। শিৱ সিংহই তেওঁক দেখি মুগ্ধ হৈ বিয়া কৰায়। পাছত জ্যোতিষীৰ ভৱিষ্যতবাণীত শংকিত হৈ শিৱ সিংহই শাসনভাৰ ফুলেশ্বৰীৰ হাতত অৰ্পণ কৰিছিল। কঠোৰ শাক্ত-ধৰ্মী ফুলেশ্বৰীয়ে শাক্ত ধৰ্মক ৰাজ্যৰ প্ৰধান ধৰ্ম কৰিবলৈ বিচাৰিছিল আৰু ইয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপবোৰে বৈষ্ণৱ-মোৱামৰীয়াসকলৰ মনত অসন্তোষ জগাইছিল। ইয়েই হয়তো পাছলৈ [[মোৱামৰীয়া বিদ্ৰোহ]]ৰ সূত্ৰপাত ঘটায়।
 
==সিংহাৰোহণ==
[[ৰুদ্ৰ সিংহ]]ৰ ইচ্ছা অনুসৰি তেওঁৰ মৃত্যুৰ পাছত জ্যেষ্ঠ পুত্ৰ [[চুতানফা]] (১৭১৪-১৭৪৪) ৰাজপাটত উঠে। ৰজা হৈ তেওঁ হিন্দু শিৱ সিংহ নাম গ্ৰহণ কৰে। শিৱ সিংহ ঘোৰ শাক্ত আছিল আৰু ব্ৰাহ্মণ-জ্যোতিষীসকলৰ কথা বৰ বিশ্বাস কৰিছিল। ১৭২২ চনত তেওঁৰ জ্যোতিষীসকলে ৰজাক কয় যে ''ছত্ৰ-ভংগ যোগ''ৰ বাবে তেওঁৰ শাসনকাল অচিৰেই শেষ হ'ব। তেতিয়া ৰজাই ব্ৰাহ্মণ আৰু মন্দিৰসমূহলৈ নানা দান-দক্ষিণা দিয়াৰ লগতে নিজৰ প্ৰধান [https://sites.google.com/view/as-buranjipedia/assam-history-short-type-question-answers#h.hepc3w4koagn ৰাণী ফুলেশ্বৰীকফুলেশ্বৰী]ক '''বৰ ৰজা''' ঘোষণা কৰে।<ref name="Gait">{{cite book | title=A History of Assam | publisher=Thacker, Spink & Co. | author=Gait, E. A. | year=1906 | location=Calcutta | pages=177-78}}</ref> ৰজা হৈ ফুলেশ্বৰীয়ে প্ৰমথেশ্বৰী দেৱী নাম লয় আৰু ৰজাৰ লগত যুটীয়াভাৱে নিজৰ নামৰ মোহৰ প্ৰচলন কৰে।
 
ফুলেশ্বৰী চুতানফাতকৈও অধিক শাক্ত ধৰ্মত বিশ্বাসী আছিল আৰু পৰ্বতীয়া গোসাঁইৰ ভক্ত আছিল। পৰ্বতীয়া গোসাঁইৰ কথামতেই তেওঁ ৰাজ্যত শাক্ত ধৰ্মৰ প্ৰসাৰ কৰিবলৈ বিচাৰিছিল। আন দেৱ-দেৱীৰ পূজা বাৰণ কৰি তেওঁ আনকি বৈষ্ণৱ গোসাঁইসকলকো দুৰ্গা পূজা কৰিবলৈ নিৰ্দেশ দিছিল। শূদ্ৰ মহন্তসকল একশৰণ ধৰ্মত ঘোৰ বিশ্বাসী বাবে ফুলেশ্বৰীয়ে [[ৰংপুৰ (আহোম ৰাজধানী)|ৰংপুৰ]]ত দুৰ্গা পূজাৰ আয়োজন কৰে। পূজাত মোৱামৰীয়া আৰু আন গোসাঁইসকলক সেৱা কৰিবলৈ বাধ্য কৰি কপালত বলিৰ তেজৰ ফোটো দিয়ায়। এই কথাত মোৱামৰীয়াসকল অপমানিত হয়। তেওঁলোকৰ মনত পুহি ৰখা অসন্তোষেও ইয়াৰ আধা শতিকাৰ পাছত হোৱা [[মোৱামৰীয়া বিদ্ৰোহ]]ৰ সূত্ৰপাত কৰে।<ref name="Gait"/> কোনো কোনো লেখক আৰু বুৰঞ্জীবিদে অৱশ্যে মোৱামৰীয়া বিদ্ৰোহৰ বাবে ফুলেশ্বৰীক দোষাৰূপ কৰা নাই।<ref name="IJAHMS">{{cite journal | title=Bar Raja Phuleswari Kunwari: The Centre or the Periphery in Case of Moamoaria Rebellion- a Study from Gender Perspective, and Some Issues. | author=Gogoi, Debo Prasad | journal=International Journal of Arts, Humanities and Management studies | year=2016 | month=December | volume=2 | issue=12 | pages=58}}</ref>