মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান শুদ্ধি (বাকী আছে আৰু অলপ)
110 নং শাৰী:
মহাত্মা গান্ধী কাৰাগাৰত থকা সময়চোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভেঁটি দুৰ্বল হ'বলৈ আৰম্ভ কৰে আৰু দুটা ভাগত বিভক্ত হৈ পৰে। [[চিত্তৰঞ্জন দাস]] আৰু [[মতিলাল নেহৰু]]ৰ নেতৃত্বাধীন এটা অংশই বিধায়িনী দলত অংশ লোৱাৰ পোষকতা কৰিছিল, আনহাতে [[চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী]] আৰু [[চৰ্দাৰ বল্লভভাই পেটেল]]ৰ নেতৃত্বাধীন আনটো গোটে ইয়াৰ বিৰোধিতা কৰিছিল। এই আচিলাতে কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হৈ পৰে। আনহাতে অহিংস আন্দোলনৰ আৰম্ভণিতে গঢ়ি উঠা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মাজতো ফাঁত মেলিবলৈ আৰম্ভ কৰে। মহাত্মা গান্ধীয়ে এই বিভাজন ৰোধ কৰিবলৈ ১৯২৪ চনত তিনি সপ্তাহ জোৰা অনশন কৰে, কিন্তু তেওঁ সম্পূৰ্ণ সফল হোৱা নাছিল।{{sfn|Gandhi|1990|p=131}} ১৯২৪ চনতে গান্ধীয়ে বেলগাঁৱত হোৱা কংগ্ৰেছ মহাসভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। কিন্তু গান্ধীয়ে চৰ্ত আৰোপ কৰিছিল যে তেখেতৰ সভাপতিত্বত হোৱা মহাসভাত সকলো কংগ্ৰেছ পন্থীয়ে খাদী পৰিধান কৰিব লাগিব। মহাত্মা গান্ধীৰ দীৰ্ঘ ৰাজনৈতিক কালত এই এবাৰেই কংগ্ৰেছৰ সভাৰ সভাপতি হৈছিল।<ref name="Gandhi, the forgotten Mahatma Belgaum Congress">{{cite book|last=Jain|first=Jagdishchandra|title=Gandhi, the forgotten Mahatma|year=1987|publisher=Mittal Publications|location=Delhi|isbn=81-7099-037-8|page=17|url=http://books.google.co.in/books?id=NurqxSttqjoC&pg=PA17}}</ref>
 
===লোণ সত্যাগ্ৰহ (দাণ্ডী যাত্ৰা) (Salt March)===
== স্বৰাজ আৰু লোণ অমান্য আন্দোলন ==
{{Main|লোণ সত্যাগ্ৰহ}}
[[চিত্ৰ:Salt March.jpg|thumb|200px|গান্ধী লোণ আইন অমান্য আন্দোলন ৫ এপ্ৰিল ১৯৩০ তাৰিখে ডাণ্ডিত।]]
[[File:Salt March.ogg|thumb|লোণ সত্যাগ্ৰহৰ বাবে গান্ধী আৰু অনুগামীসকলে কৰা দাণ্ডী যাত্ৰা মূল ভিডিঅ']]
{{empty section|4}}
১৯২০-ৰ দশকৰ বেছিভাগ সময়েই মোহনদাস গান্ধী সক্ৰিয় ৰাজনীতিৰপৰা আঁতৰত আছিল। লোকচক্ষুৰপৰা আঁতৰি তেখেতে স্বৰাজ পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত থকা বিভেদ আঁতৰ কৰি একলগ কৰাৰ প্ৰয়াস কৰি আছিল। ইয়াৰ লগতে তেওঁ অস্পৃশ্যতা, মাদক দ্ৰব্যৰ নিবাৰণ, অজ্ঞানতা আৰু দাৰিদ্ৰ দূৰ কৰাৰ বাবে চেষ্টা কৰিছিল। ১৯২৮ চনত তেখেত আকৌ সন্মূখ পটলৈ আহে। ইয়াৰ আগৰ বৰ্ষটোত ব্ৰিটিছে [[ছাৰ জন ছাইমন]]ৰ নেতৃত্বত এখন সংবিধান সংশোধনী সমিতি গঠন কৰে। এই সমিতিত কোন ভাৰতীয়ক সদস্য লোৱা হোৱা নাছিল। এই কাৰণতে ভাৰতৰ ৰাজনৈতিক দলসমূহে এই সমিতিক অস্বীকাৰ কৰিছিল। ১৯২৮ চনত হোৱা কংগ্ৰেছৰ কলিকতা অধিবেশনত মহাত্মা গান্ধীৰ চেষ্টাত ব্ৰিটিছ শাসনে ভাৰতক [[অংগৰাজ্য]]ৰ ([[:en:dominion|) মৰ্যদা দিয়াৰ দাবী তোলে, ইয়াৰ অন্যথা অন্য এক অসহযোগ আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰে যাৰ লক্ষ্য হ'ব ভাৰতৰ পূৰ্ণ স্বাধীনতা। কংগ্ৰেছৰ ডেকা নেতা সুভাষ চন্দ্ৰ বসু আৰু জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বাধীনতাৰ বাবে আন্দোলন কৰাৰ পক্ষপাতী আছিল। কিন্তু গান্ধীয়ে তেওঁলোকক সৈমান কৰাবলৈ সক্ষম হয়, কিন্তু আন্দোলনৰ বাবে তেখেতে নিজে বিচৰা অপেক্ষাৰ দুবছৰৰ পৰিৱৰ্তে এবছৰ কৰে।{{sfn|Gandhi|1990|p=172}}
 
 
ব্ৰিটিছ চৰকাৰে এই দাবীৰ প্ৰতি কোনো মন্তব্য কৰা নাছীল ১৯২৯ চনৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে [[লাহোৰ]]ত ভাৰতৰ পতাকা উন্মোচন কৰা হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে লাহোৰত ভাৰতীয় জাতীয় কংগ্ৰেছে [[ভাৰতৰ স্বাধীনতা দিৱস]] পালন কৰে। প্ৰায় প্ৰতিটো ভাৰতীয় দলেই এই দিনটোক বিভিন্ন ধৰণে উদ্‌যাপন কৰে। ইয়াৰ পাছতে গান্ধীয়ে নিমখৰ (লোণ) ওপৰত আৰোপ কৰা কৰৰ বিৰূদ্ধে এক নতুন সত্যাগ্ৰহ গঢ়ি তোলে। এই সত্যাগ্ৰহৰ অংশ হিচাপে গান্ধীয়ে ১২ মাৰ্চৰপৰা ৬ এপ্ৰিললৈ [[দাণ্ডী যাত্ৰা]] কৰে। এই যাত্ৰাত গান্ধীয়ে পদব্ৰজে ৩৮৮ কি.মি. ({{convert|388|km|mi}}) ভ্ৰমণ কৰি [[আহমেদাবাদ]]ৰপৰা [[দাণ্ডী]]ৰ সাগৰতীৰত উপস্থিত হয়, আৰু নিজহাতে নিমখ তৈয়াৰ কৰি যাত্ৰাৰ সমাপ্তি কৰে। কেবাহাজাৰ ভাৰতীয়ই গান্ধীৰ এই যাত্ৰাত অংশ লৈছিল। ভাৰতত ব্ৰিটিছৰ খোপনি দুৰ্বল কৰি জনসাধাৰণক উদ্বুদ্ধ কৰাত এই যাত্ৰাই বিশেষ ভূমিকা লৈছিল। চৰকাৰে ৬০,০০০-ৰো অধিক ব্যক্তিক এই যাত্ৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।<ref name="Hatt2002">Hatt, (2002). [http://books.google.com/books?id=f6vvy-J7vhcC&pg=PA33 p. 33].</ref>
 
====নাৰীৰ অংশগ্ৰহন====
ঘৰুৱা ব্যৱহাৰত নিমখৰ দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে স্ত্ৰীসকলো এই সত্যাগ্ৰহৰ প্ৰতি আকৰ্ষিত হৈছিল। গান্ধীয়ে নাৰীসকলৰ অংশগ্ৰহন পোষকতা কৰিছিল; তেখেতে কৈছিল: "মহিলাসকলে মোকো তেওঁলোকৰ মাজৰে এজন বুলি ভাবিব পাৰিছে।"("the women have come to look upon me as one of themselves.") গান্ধীয়ে নাৰীৰ বিৰূদ্ধে প্ৰচলিত সংস্কাৰ [[পৰ্দা প্ৰথা]], [[বাল্য বিবাহ]], অস্পৃশ্যতা আৰু [[সতীদাহ]]ৰ বিৰোধ কৰিছিল। লোণ সত্যাগ্ৰহ আৰু বিদেশী দ্ৰৱ্য বৰ্জন আন্দোলনৰ বাবে তেওঁ মহিলা কৰ্মী নিয়োগ কৰিছিল।<ref name="Norvell1997">Norvell, 1997.</ref> মহাত্মা গান্ধীৰ এই মতবাদে ভাৰতীয় নাৰীসকলৰ মনত আত্মসন্মানবোধ জগাই তোলাৰ লগতে ভাৰতীয় সমাজৰ মুখ্য ধাৰাত নাৰীক সন্মানীয় স্থান দিছিল।<ref name="Sarma1994">Sarma, (1994).</ref>
 
====লোক গাঁথাৰ বীৰ গান্ধী====
১৯২০ৰ দশকত কংগ্ৰেছে গান্ধীয়ে এগৰাকী ত্ৰাণকৰ্তা অৱতাৰৰৰ (messiah) ৰূপত তুলি ধৰিছিল। এই নীতিয়ে সাধাৰণ ভাৰতীয় কৃষকসকলক অহিংসা আন্দোলৰ প্ৰতি আগ্ৰহান্বিত কৰাত সহায় কৰিছিল। ভাৰতৰ বহুতো গাঁৱত প্ৰদৰ্শিত নাট-ভাওনাত গান্ধীক অতীজৰ ভাৰতীয় বীৰসকলৰ নৱজন্মৰ ৰূপ হিচাপে প্ৰদৰ্শন কৰাৰ লগতে কেতিয়াবা দেৱতাৰ ৰূপতো তুলি ধৰিছিল। ভাৰতৰ অশিক্ষিত সকলৰ মাজত এনে নাটবোৰে ব্যাপক প্ৰভাৱ পেলাইছিল। এনে নাটৰ বাহিৰেও ৰচিত গীত-মাত, কংগ্ৰেছে অনুস্থিত কৰা ধৰ্মীয় সভা আদিত মোহনদাস গান্ধীক এনে অৱতাৰী ৰূপত আলোচনা কৰা হৈছিল। ইয়াৰ আধৰতে গান্ধী সাধাৰণ লোকৰ মানত এক লোকবীৰত পৰিণত হৈছিল, লগতে কংগ্ৰেছ দল গান্ধীৰ পৱিত্ৰ অস্ত্ৰ হিচাপে পৰিগণিত হৈছিল।<ref name="Murali1985">Murali, (1985).</ref>
 
====আলোচনা====
[[File:Mahadev Desai and Gandhi 2 1939.jpg|thumb|ভাইচৰয়ে দিয়া চিঠি [[মহাদেৱ দেশায়}মহাদেৱ দেশায়ে]] গান্ধীক পঢ়ি শুনাইছে। বিৰলা হাউছ, বোম্বে, ৭ এপ্ৰিল ১৯৩৯]]
অৱশেষত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীৰ লগত আলোচনাত মিলিত হ'বলৈ মান্তি হয়। এই আলোচনাৰ মৰ্মে [[লৰ্ড এডৱাৰ্ড আৰউইন]] আৰু মহাত্মা গান্ধীৰ মাজত মাৰ্চ, ১৯৩১-ত [[গান্ধী-আৰউইন চুক্তি]] সম্পাদিত হয়। এই চুক্তি মৰ্মে ব্ৰিটিছ চৰকাৰে আইন অমান্য আন্দোলন বন্ধ কৰাৰ বিনিময়ৰ সকলো ৰাজনৈতিক বন্দীকে মুকলি কৰি দিবলৈ সন্মত হয়। এই চুক্তিৰ আধাৰতে মহাত্মা গান্ধীক লণ্ডনত অনুস্থিত [[ঘূৰণীয়া মেজমেল]]লৈ আমন্ত্ৰণ কৰা হয়। এই মেলত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল। অৱশ্যে এই ঘূৰণীয়া মেজমেলৰপৰা গান্ধী আৰু জাতীয়তাবাদী নেতাসকলে হতাশ হৈ উভতিব লগীয়া হয়। এই মেলত ক্ষমতাৰ সালসনিৰ কোনো আলোচনা হোৱাৰ সলনি ভাৰতত থকা ৰাজ্যসমূহৰ ৰাজপুত্ৰ আৰু সংখ্যালঘূসকলৰ বিষয়েহে আলোচনা কৰা হৈছিল। [[লৰ্ড ৱেলিংটন|লৰ্ড ৱেলিংটনে]] ভাৰতৰ জাতীয়তাবাদী নেতাসকলৰ প্ৰতি উগ্ৰ মোনোভাৱ প্ৰদৰ্শন কৰে আৰু জাতীয়তাবাদী আন্দোলন মষিমূৰ কৰাৰ বাবে নতুন পন্থা গ্ৰহন কৰ। মহাত্মা গান্ধীক আকৌ গ্ৰেপ্তাৰ কৰি অনুগামীসকলৰপৰা আঁতৰত ৰখাৰ প্ৰয়াস কৰে। কিন্তু চৰকাৰৰ এই চেষ্টা সফল নহ'ল।<ref name="Herman2008">Herman (20080. [http://books.google.com/books?id=tquxD6dk914C&pg=PA375 pp. 375–377].</ref>
 
== হত্যাকাণ্ড ==