মোহনদাস কৰমচান্দ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

174 নং শাৰী:
সৰু কালত গান্ধীয়ে পৰীক্ষামূলকভাৱে মাংস খায়। ইয়াৰ কাৰণ হয়তো তেওঁৰ বংশগত কৌতুহল বা তেওঁৰ বন্ধু শেখ মেহতা। নিৰামিষভোজনৰ ধাৰণাটো হিন্দু আৰু জৈন ধৰ্মত গভীৰভাৱে বিদ্যমান আৰু সেই সময়ত [[গুজৰাট]]ৰ বেছিভাগ হিন্দু লোকেই আছিল নিৰামিষাহাৰী। গান্ধীৰ পৰিয়ালো ইয়াৰ ব্যতিক্ৰম নাছিল। [[লণ্ডন]]লৈ পঢ়িবলৈ যোৱাৰ আগত গান্ধীয়ে তেওঁৰ মাক '''পুতলি বাই''' আৰু খুড়াক বেচাৰ্জীৰ সন্মুখত প্ৰতিজ্ঞাবদ্ধ হয় যে, তেওঁ মাংস, মদ আৰু নাৰীসংগৰপৰা আঁতৰত থাকিব। তেওঁ এই প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰিছিল আৰু খাদ্যাভ্যাসসম্পৰ্কে এক দৰ্শন লাভ কৰিছিল। গান্ধী পিছৰ জীৱনকালত এজন সম্পূৰ্ণ নিৰামিষাহাৰী হৈ উঠে। তেওঁ '''London vegetarian Society'''ৰ সভ্য হয় আৰু ছোছাইটিৰ পত্ৰিকা '''The Vegetarian'''ত নিৰামিষভোজনৰ সম্পৰ্কে বহুকেইটা প্ৰৱন্ধ লিখে। ইয়াৰ উপৰিও তেওঁ '''The Moral Basis of Vegetarianism''' নামৰ এখন গ্ৰন্থ লিখি উলিয়ায়।
 
গান্ধীয়ে মাজে মাজে নিৰামিষভোজনৰ পক্ষে আন্দোলনতো যোগদান কৰে। লণ্ডনৰপৰা অহাৰ পাছতো গান্ধীয়ে নিৰামিষ খাবলৈ মানুহক উৎসাহিত কৰে। গান্ধীৰ মতে, নিৰামিষ আহাৰৰপৰা আমিআহাৰে শৰীৰৰ চাহিদা পূৰণ কৰাৰ লগতে মাছ-মাংস কিনোতে হোৱা খৰচো ৰেহাই হয়। সেই সময়ত বহুতো ভাৰতীয় নিম্নবিত্তীয় হোৱাৰ কাৰণে নিৰামিষভোজনৰ আন্দোলন তেওঁলোকৰ কাৰণে কেৱল আদৰ্শগত আন্দোলনেই নাছিল, ইয়াৰ বাস্তৱ প্ৰয়োজনো আছিল। তেওঁ অধিক ভোজনৰ বিৰোধিতা কৰিছিল আৰু অনশনক ৰাজনৈতিক প্ৰতিবাদৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ নিজৰ দাবী পূৰণৰ কাৰণে মৃত্যুৰবহু সময়ত আগমূহুৰ্তলৈকেআমৰণ নোখোৱাৰঅনশনৰো পণোপণ কৰিছিল। তেওঁৰ জীৱনীত লিখা আছে যে, নিৰামিষভোজনেই আছিল তেওঁৰ ব্ৰহ্মচৰ্চাত গভীৰ মনোযোগৰ সূচনা। মুখৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিলে ব্ৰহ্মচাৰ্যব্ৰহ্মচৰ্য ব্যৰ্থ হ'ব পাৰে।
 
=== ব্ৰহ্মচৰ্য ===