অসম ষ্টাৰ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
34 নং শাৰী:
| website =
}}
'''অসম ষ্টাৰ থিয়েটাৰ''' ১৯৭০ চনৰ ১১ ছেপ্তেম্বৰত প্ৰতিষ্ঠা হোৱা এটা [[ভ্ৰাম্যমাণ থিয়েটাৰ]] daদল।দল। [[নটৰাজ থিয়েটাৰ]] আৰু [[মঞ্চৰূপা থিয়েটাৰ]]ৰ পিছত [[পাঠশালা]]ত আৰম্ভ হোৱা নাট্যদল হ'ল অসম ষ্টাৰ থিয়েটাৰ। [[পাঠশালা]]ৰ কুমুদ শৰ্মাৰ প্ৰযোজনাত এই থিয়েটাৰ প্ৰতিষ্ঠা হয়। <ref name=hist>কিশোৰ কুমাৰ কলিতা (লেখক), ''পাঠশালা'', (স: কিশোৰ কুমাৰ কলিতা আৰু ড° ৰনজিৎ ডেকা) আনন্দৰাম বৰুৱা একাডেমী প্ৰকাশন, পাঠশালা, ডিচেম্বৰ, ২০১১, পৃষ্ঠা ১৬৫ </ref> আশীৰ দশকৰ মাজভাগত এই থিয়েটাৰে ইয়াৰ নাট্যযাত্ৰাৰ যৱনিকা পেলায়।
 
==নাট্য পৰিক্ৰমা==
===প্ৰথম বৰ্ষ===
অসম ষ্টাৰ থিয়েটাৰে ইয়াৰ প্ৰথম বৰ্ষত মঞ্চস্থ কৰা নাটসমূহ হ'ল- ''ৰাজলক্ষ্মী সীতা'', ''সম্ৰাট জাহাঙ্গীৰ'', ''ভক্ত বীৰ'', ''হিন্দুবীৰ'', ''অপৰাধী কোন'', ''মাতৃ পূজা'' আৰু ''নগাকোঁৱৰ''। ইয়াৰে আটাইকেইখন নাটকেই পৰিচালনা কৰিছিল ভ্ৰাম্যমান নাট্যদলৰ চিৰসেউজ অভিনেতা-পৰিচালক [[চন্দ্ৰ চৌধুৰী]]য়ে। । এই নাটকসমূহ আছিল 'বিজয় বসন্ত', 'শেষ আফগান', 'শ্ৰী বৎসচিন্তা' আৰু 'কাৰবালা'। অৱশ্যে ইয়াৰে দুখনমান নাটক নাট্যদলটিয়ে পাছৰ পৰ্যায়ত বাদ দিছিল। অসম ষ্টাৰ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ শিল্পীসকল আছিল- চন্দ্ৰ চৌধুৰী, সুৰেন পাটগিৰী, বলদেৱ শইকীয়া, ৰমা শীল, অনিল ৰয়, সুমিত্ৰা বৰুৱা, ফুলকুমাৰী ভূঞা আদিয়ে। এই বৰ্ষৰ সংগীত পৰিচালক আছিল প্ৰভাত শৰ্মা আৰু পৰিচালনা কৰিছিল যতীন গোস্বামীয়ে। <ref name=hist />
 
===পৰৱৰ্তী নাট্যবৰ্ষ===
অসম ষ্টাৰ থিয়েটাৰত মঞ্চস্থ হোৱা কেইখনমান উল্লেখযোগ্য নাটক হ'ল- ''দেবযানী'', ''নৰ্ত্তকী'', ''অপৰাধী কোন'', ''আদিলশ্বাহ'', ''কল্যাণী'', ''হিটলাৰ'', ''কলংকিনী'', ''বোৱাৰীৰ চকুলো'', ''ৰাধা অনুৰাধা'' আদি। <ref name=hist />
 
==লুপ্তি==
আশীৰ দশকৰ মাজভাগত অসম ষ্টাৰ বন্ধ হৈ যায়। <ref name=hist />
 
==কাৰ্য্যালয়==
অসম ষ্টাৰ থিয়েটাৰে যদিও পাঠশালাতেই প্ৰতিষ্ঠা লাভ কৰিছিল, পিছলৈ ইয়াৰ আখৰা শিবিৰ গুৱাহাটীতো[[গুৱাহাটী]]তো আৰম্ভ কৰিছিল। <ref name=hist />
 
==লগতে চাওক==
* [[অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকা|অসমত গঢ়ি উঠা ভ্ৰাম্যমাণ থিয়েটাৰৰ এখন তালিকা।]]<br />
* [[ভ্ৰাম্যমাণ থিয়েটাৰ|ভ্ৰাম্যমাণ থিয়েটাৰৰ সবিশেষ।]]
* [[নটৰাজ থিয়েটাৰ|নটৰাজ থিয়েটাৰৰ ইতিবৃত্তি।]]
* [[মঞ্চৰূপা থিয়েটাৰ|মঞ্চৰূপা থিয়েটাৰৰ ইতিবৃত্তি]]
 
==তথ্য সংগ্ৰহ==