অসম ষ্টাৰ থিয়েটাৰ ১৯৭০ চনৰ ১১ ছেপ্তেম্বৰত প্ৰতিষ্ঠা হোৱা এটা ভ্ৰাম্যমাণ থিয়েটাৰ দল। নটৰাজ থিয়েটাৰ আৰু মঞ্চৰূপা থিয়েটাৰৰ পিছত পাঠশালাত আৰম্ভ হোৱা নাট্যদল হ'ল অসম ষ্টাৰ থিয়েটাৰ। পাঠশালাৰ কুমুদ শৰ্মাৰ প্ৰযোজনাত এই থিয়েটাৰ প্ৰতিষ্ঠা হয়।[1] আশীৰ দশকৰ মাজভাগত এই থিয়েটাৰে ইয়াৰ নাট্যযাত্ৰাৰ যৱনিকা পেলায়।

অসম ষ্টাৰ থিয়েটাৰ
ঠিকনা পাঠশালা, বৰপেটা জিলা, অসম
চহৰ বৰপেটা
দেশ ভাৰত
স্বতাধিকাৰী কুমুদ শৰ্মা
প্ৰাৰম্ভ ১৯৭০ চন
মুঠ সক্ৰিয় সময় ১৯৭০ চন -
বন্ধ আশীৰ দশকৰ মাজভাগ

নাট্য পৰিক্ৰমাসম্পাদনা কৰক

প্ৰথম বৰ্ষসম্পাদনা কৰক

অসম ষ্টাৰ থিয়েটাৰে ইয়াৰ প্ৰথম বৰ্ষত মঞ্চস্থ কৰা নাটসমূহ হ'ল- ৰাজলক্ষ্মী সীতা, সম্ৰাট জাহাঙ্গীৰ, ভক্ত বীৰ, হিন্দুবীৰ, অপৰাধী কোন, মাতৃ পূজা আৰু নগাকোঁৱৰ। ইয়াৰে আটাইকেইখন নাটকেই পৰিচালনা কৰিছিল ভ্ৰাম্যমান নাট্যদলৰ চিৰসেউজ অভিনেতা-পৰিচালক চন্দ্ৰ চৌধুৰীয়ে। । এই নাটকসমূহ আছিল 'বিজয় বসন্ত', 'শেষ আফগান', 'শ্ৰী বৎসচিন্তা' আৰু 'কাৰবালা'। অৱশ্যে ইয়াৰে দুখনমান নাটক নাট্যদলটিয়ে পাছৰ পৰ্যায়ত বাদ দিছিল। অসম ষ্টাৰ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ শিল্পীসকল আছিল- চন্দ্ৰ চৌধুৰী, সুৰেন পাটগিৰী, বলদেৱ শইকীয়া, ৰমা শীল, অনিল ৰয়, সুমিত্ৰা বৰুৱা, ফুলকুমাৰী ভূঞা আদিয়ে। এই বৰ্ষৰ সংগীত পৰিচালক আছিল প্ৰভাত শৰ্মা আৰু পৰিচালনা কৰিছিল যতীন গোস্বামীয়ে।[1]

পৰৱৰ্তী নাট্যবৰ্ষসম্পাদনা কৰক

অসম ষ্টাৰ থিয়েটাৰত মঞ্চস্থ হোৱা কেইখনমান উল্লেখযোগ্য নাটক হ'ল- দেবযানী, নৰ্ত্তকী, অপৰাধী কোন, আদিলশ্বাহ, কল্যাণী, হিটলাৰ, কলংকিনী, বোৱাৰীৰ চকুলো, ৰাধা অনুৰাধা আদি।[1]

লুপ্তিসম্পাদনা কৰক

আশীৰ দশকৰ মাজভাগত অসম ষ্টাৰ বন্ধ হৈ যায়।[1]

কাৰ্য্যালয়সম্পাদনা কৰক

অসম ষ্টাৰ থিয়েটাৰে যদিও পাঠশালাতেই প্ৰতিষ্ঠা লাভ কৰিছিল, পিছলৈ ইয়াৰ আখৰা শিবিৰ গুৱাহাটীতো আৰম্ভ কৰিছিল।[1]

লগতে চাওকসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 কিশোৰ কুমাৰ কলিতা (লেখক), পাঠশালা, (স: কিশোৰ কুমাৰ কলিতা আৰু ড° ৰনজিৎ ডেকা) আনন্দৰাম বৰুৱা একাডেমী প্ৰকাশন, পাঠশালা, ডিচেম্বৰ, ২০১১, পৃষ্ঠা ১৬৫