আবুল কালাম আজাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
16 নং শাৰী:
 
=='''জন্ম আৰু বংশ পৰিচয়'''==
মৌলানা আবুল কালাম আজাদৰ জন্ম হয় ১৮৮৮ চনৰ ১১ নৱেম্বৰ তাৰিখে [[মক্কা]]ত। তেওঁৰ পিতাকৰ নাম মহম্মদ খইৰুদ্দিন। মহম্মদ খইৰুদ্দিনে মক্কাৰ প্ৰখ্যাত পণ্ডিত শেখ মহম্মদ জাহিৰ ওৱাত্ৰিৰ কন্যাক বিয়া কৰাইছিল। ১৯৫৭ চনৰ [[চিপাহী বিদ্ৰোহ]]ৰ ফলত দেশত ঘটা এক অভাৱনীয় পৰিস্থিতিত পৰি বহুলোক প্ৰাণৰ ভয়ত বিদেশলৈ পলায়ন কৰিবলগীয়া হৈছিল। আজাদৰ পিতৃ মহম্মদ খইৰুদ্দিনো এইঘটনাৰ বলি হৈ বহুদিন আত্মগোপন কৰি থকাৰ পিছত, মক্কালৈ গুচি যায় আৰু তাত বস-বাস কৰি থাকিবলৈ লয়। মহম্মদ খইৰুদ্দিন এগৰাকী সম্ভ্ৰান্ত মুছলমান বংশৰ লোক আছিল। তেওঁলোকৰ পূৰ্বপুৰুষৰ কেইবাজনো লোকে মোগল ৰাজত্ব কালত পণ্ডিতৰ খিতাপ লাভ কৰিছিল। [[মোগল]] ৰাজত্ব কালত আজাদৰ ককাদেউতাকক জ্ঞানৰ স্তম্ভৰূপে ৰকণ-উল-মাদ্ৰাচিম সন্মানেৰে সন্মানিত কৰা হৈছিল। আজাদৰ পিতৃ মহম্মদ খইৰুদ্দিনো এজন প্ৰখ্যাত লেখক আছিল। তেওঁ [[আৰবী]] আৰু [[পাৰ্ছী]] ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।</ref>
 
=='''শিক্ষা'''==
 
মৌলানা আবুল কালাম আজাদৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা মক্কাতে আৰম্ভ হয়। কিন্তু পিতাক খইৰুদ্দিনে মক্কাত স্থায়ীভাবে জীৱন নিৰ্বাহ কৰাৰ কথা নেভাবিলে। তেওঁ আকৌ ভাৰতলৈ আহি কলকাতাত স্থায়ীভাবে বস-বাস কৰিবলৈ লয়। আজাদৰ পিতাকে তেওঁক কোনো স্কুললৈ নপঠিয়াই ঘৰতে নিজে উৰ্দু ভাষাৰ উপৰিও ন্যায়, দৰ্শন, ভূগোল, অংক শাস্ত্ৰ, ইতিহাস আদি আৰবী আৰু পাৰ্ছী ভাষাত শিকাইছিল।
১৯০৫ চনত তেওঁ মিছৰৰ আল-আজ-হাৰ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। তাতে তেওঁ দুবছৰকাল অধ্যয়ন কৰাৰ পিছত ১৯০৭ চনত ভাৰতলৈ উভতি আহে। পিতাকে তেওঁক ইংৰাজী শিকিবলৈ মানা কৰিছিল যদিও ভাষাটোৰ গুৰুত্ব উপলদ্ধি কৰি এজন বন্ধুৰ ওচৰত তেওঁ ইংৰাজী ভাষা শিকি, কমদিনতে ইংৰাজী ভাষাত তেওঁ ব্যুত্পত্তি লাভ কৰিছিল।</ref>