ইন্দিৰা গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
41 নং শাৰী:
ইন্দিৰা গান্ধীৰ জন্ম হয় ১৯১৭ চনৰ ১৯ নবেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ আনন্দ ভৱনত। তেওঁৰ পিতৃ বিশ্ব বৰেণ্য নেতা, ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু মাতৃ কমলা নেহেৰু। তেওঁৰ মাক সৰুকালতেই ঢুকোৱাত, পিতাকৰ মৰম-স্নেহতে ডাঙৰ দীঘল হয়। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰেই সৰুতে ইন্দিৰাক নাম দিছিল প্ৰিয়দৰ্শিনী। তেওঁৰ ককাকৰ নাম আছিল মতিলাল নেহেৰু। সৰুৰে পৰা তেওঁ নানা শিক্ষাৰে শিক্ষিত হৈছিল। ঘৰুৱা পৰিবেশৰ পৰাই তেওঁ সৰুতেই ৰাজনৈতিক শিক্ষা আয়ত্ত কৰিছিল। সেইসময়ত আনন্দ ভৱন কংগ্ৰেছৰ প্ৰধান কাৰ্য্যালয় আছিল। ১৯৪২ চনত ইন্দিৰা গান্ধীয়ে অসম অইল কোম্পানীৰ মূৰব্বী বিষয়া ফিৰোজ গান্ধীৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু তেতিয়াৰে পৰাই তেওঁ গান্ধী উপাধি গ্ৰহণ কৰিছিল। তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী আছিল দুই সন্তান ক্ৰমে--সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধী।<ref name="ইন্দিৰা গান্ধী"/>
 
=='''শিক্ষা জীৱন'''==
 
ইন্দিৰা গান্ধীয়ে স্কুলীয়া শিক্ষা একাধিকক্ৰমে লাভ কৰিব পৰা নাছিল। পোনতে পুনাৰ গুজৰাটী বিদ্যালয় এখনত শিক্ষা আৰম্ভ কৰি পাছত শান্তিনিকেতনলৈ যায়। ১৯৩৪ চনত মোম্বাই বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিকুলেচন পাছ কৰে আৰু বিশ্বভাৰতীত ভৰ্তি হয় ১৯৩৪ চনৰ জুলাই মাহত। শান্তিনিকেতনত কবিগুৰু ৰবীন্দ্ৰী নাথ ঠাকুৰৰ তত্বাবদানত সংগীত-নৃত্যকলা সাধনাৰ শিক্ষা লাভ কৰে। তেওঁ ১৯৩৫ চনত অধ্যয়নৰ বাবে চুইজাৰলেণ্ডলৈ যায়। তাৰ পিছত তেওঁ ১৯৩৬ চনত অক্সফোৰ্ড বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰে। নানা অসুবিধাত তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু জেলৰ পাৰ পিতাকে বিশ্বসাহিত্য-সভ্যাত-কৃষ্টি-ৰাজনীতি বিষয়ৰ যিবোৰ চিঠি প্ৰেৰণ কৰিছিল সেই চিঠিৰ সাৰমৰ্ম পাঠ্য-পুথিৰ শিক্ষাতকৈ কোনোগুণে হীন নাছিল আৰু সেই শিক্ষাকে কণ্ঠস্থ কৰিছিল ইন্দিৰা গান্ধীয়ে। তদুপৰি স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ, বিদেশ ভ্ৰমণৰ অভিজ্ঞতা, বিশ্বভাৰতীৰ শিক্ষা, বৃটিছ শ্ৰমিক পাৰ্টি আৰু ছাত্ৰ আন্দোলনৰ লগত স্থাপন হোৱা সম্পৰ্কৰ অভিজ্ঞতাও ভবিষ্যত্ জীৱনৰ সমাজবাদী আদৰ্শৰ ভেটি স্বৰূপ আছিল।<ref name="ইন্দিৰা গান্ধী"/>