জৱাহৰলাল নেহৰু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
58 নং শাৰী:
 
==শিক্ষা জীৱন==
জৱাহৰলাল নেহৰুৰ সৰুকালৰ শিক্ষা আৰম্ভ হয় এজন ঘৰুৱা শিক্ষকৰ দ্বাৰাই। সৰুতে তেওঁক বিদ্যালয়ত দিয়া নাছিল। পিতাকৰ উদ্দেশ্য আছিল সৰুৰে পৰা তেওঁক ইংৰাজী ল'ৰাৰ দৰে গঢ়ি তোলাৰ। সেয়ে '''মতিলাল নেহৰুৱেনেহৰু'''ৱে চোৱা-চিতাৰ দায়িত্ব দিছিল এগৰাকী '''ইংৰাজ মহিলাক।মহিলা'''ক। ১১ বছৰত তেওঁক পঢ়ুৱাবলৈ '''টি. ফাৰ্ডিনাণ্ড ব্ৰুকচ''' নামৰ এজন আইৰিচ লোকক গৃহশিক্ষক নিযুক্ত কৰিছিল। ব্ৰুকচৰ তলতে তেওঁ ইংৰাজী ভাষা সুন্দৰকৈ আয়ত্তলৈ আনিছিল। '''থেকাৰে''', '''এইচ. জি. ওৱেলছ''', '''স্কট''', '''ডিকেন্স''' আদি আনেকলোকৰ মূল্যবান ৰচনা সম্ভাৰো এই সময়তে তেওঁ পঢ়িছিল। আন এজন শিক্ষকৰ তলত তেওঁ [[সংস্কৃত]], [[হিন্দী]] আৰু [[উৰ্দু]] ভাষাৰ জ্ঞান আৰ্জিছিল। ব্ৰুকচৰ তলতে [[ৰাসায়ন]], [[উদ্ভিদ]], [[পদাৰ্থ]] বিদ্যাৰ গূঢ় কথাবোৰ তেওঁ হৃদয়ঙ্গম কৰিছিল আৰু বিশ্বৰ প্ৰতি জানিবলৈ কৌতূহল জাগিছিল। মাত্ৰ তেৰ বছৰ বয়সত তেওঁ যোগদান কৰিছিল থিয়চফিকেল সংঘত আৰু এই সংঘৰ জৰিয়তে তেওঁ প্ৰাচীন ধৰ্মপুথিবোৰ পঢ়িছিল। বিশেষকৈ [[উপনিষদ]] আৰু গীতাৰ[[গীতা]]ৰ আলোচনাবোৰে তেওঁক অনুপ্ৰাণিত কৰিছিল। মুন্সী মোবৰকৰ পৰা শুনিছিল কৰিছিল [[চিপাহী বিদ্ৰোহ]] আৰু আৰৱীয় উপন্যাসৰ সাধু । তাৰ পিছত [[ৰামায়ণ]] আৰু মহাভাৰতৰ[[মহাভাৰত]]ৰ লগতে নানা আখ্যান-উপাখ্যান। সৰুকালৰ স্বভাৱ আছিল ব্যায়াম চৰ্চা, [[সাঁতোৰ]] আৰু ঘোঁৰাত[[ঘোঁৰা]]ত উঠা। ডেকা বয়সত তেওঁ [[হিমালয় পৰ্বততপৰ্বত]]ত ১১,৫০০ ফুট বগাইছিল। ১৯০৫ চনৰ মে মাহত তেওঁ মাত্ৰ ১৫ বছৰ বয়সত ইংলেণ্ডলৈ[[ইংলেণ্ড]]লৈ যায় আৰু ইংলেণ্ডৰ '''হেৰ' পাব্লিক স্কুলতস্কুল'''ত ভৰ্তি হয়। সম্ভ্ৰান্ত ইংৰাজ পৰিয়ালৰ লৰা-ছোৱালীয়ে পঢ়া স্কুলৰ পৰিবেশটো মুঠেই ভাল নাপাইছিল। হেৰ'ত পঢ়ি থকাৰ সময়তো তেওঁ ভাৰতৰ নানা ৰাজনৈতিক খৱৰো ৰাখিছিল। হেৰ'ৰ নিয়ম কানুনবোৰ অতি কঠিন হোৱা কাৰণে বহু সময়ত তেওঁৰ মন বিৰাগপূৰ্ণ হৈছিল। সেয়ে তেওঁ হেৰ' এৰাৰ মনস্থ কৰি পিতাকক সেই কথা জনাই কেম্ব্ৰিজৰ[[কেম্ব্ৰিজ]]ৰ [[ট্ৰিনিটি কলেজতকলেজ]]ত ভৰ্তি হৈছিল। ১৯১০ চনত তেওঁ ট্ৰিনিটিৰ পৰাই দ্বিতীয়া শ্ৰেণীৰ অনাৰ্ছসহ ডিগ্ৰী লৈ ভাৰতলৈ উভতি আহে।<ref name="জৱাহৰলাল নেহৰু"/>
 
==কৰ্মৰাজনৈতিক জীৱন==
জৱাহৰলাল নেহৰুৱে শিক্ষা সমাপ্ত কৰি লণ্ডনৰ পৰা ভাৰতলৈ উভতি আহি ১৯১২ চনত ওকালতি আৰম্ভ কৰে। লগে লগেই স্বাধীনতা সংগ্ৰামত সক্ৰিয় হয় আৰু সদস্য হয় জাতীয় কংগ্ৰেছ মহাসভাৰ। ১৯১৬ চনত তেওঁ পোন প্ৰথম বাৰৰ বাবে [[মহাত্মা গান্ধীকগান্ধী]]ক লগ পাইছিল [[লক্ষ্ণৌ]] কংগ্ৰেছত। তেওঁৰ দৃষ্টিত মহাত্মা গান্ধী আছিল বিশ্বৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ মানৱ। তেওঁ কেইবাবাৰো কংগ্ৰেছৰ সভাপতি আছিল আৰু তেওঁৰ সভাপতিত্বতেই পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তেওঁ কংগ্ৰেছৰ সাধাৰণ সম্পাদকো আছিল। ১৯৪৬ চনৰ১৭ আগষ্টত গৱৰ্ণৰ জেনেৰেল ওৱাভেলে সেই সময়ৰ কংগ্ৰেছ সভাপতি জৱাহৰলালক অন্তৰ্ৱতী চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ মৰ্মে তেওঁ অন্তৰ্ৱতী চৰকাৰ গঠন কৰি নেতা নিৰ্বাচিত হয় আৰু ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰি '''লৰ্ড মাউণ্ট বেটেনে''' স্বতন্ত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে নিযুক্ত কৰিলে জৱাহৰলাল নেহৰুক।<ref name="জৱাহৰলাল নেহৰু"/>
==স্বাধীনতা যুঁজাৰু ৰূপে==
স্বাধীনতা সংগ্ৰামত যোগদান কৰা কাৰণে তেও কেইবাবাৰো জেল জীৱন কটাবলগীয়া হয়। জালিয়ানৱালাবাগত নিৰ্দোষী অগণন ভাৰতবাসীক জেনেৰেল ডায়াৰে নিষ্ঠুৰভাবে হত্যা কৰাৰ পিছত ভাৰতত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। তেতিয়াই ভাৰতবাসীৰ মাজত শান্তিৰ বাতাবৰণ ৰচনাৰ বাবে ইংলেণ্ডৰ '''ৰাজকুমাৰ প্ৰিন্স অব্ ৱেলচ''' ভাৰত ভ্ৰমণলৈ আহিছিল। সেইদিনাই ৰাজকুমাৰৰ আগত ক'লা [[পতাকা]] দেখুৱালে [[মতিলাল নেহৰু]] আৰু জৱাহৰলাল নেহৰুৱে। ফলত বৃটিছ চৰকাৰে তেওঁলোকক জেললৈ পঠালে। জৱাহৰলালাৰ সেয়ে প্ৰথম জেল যাত্ৰা। এইদৰে তেওঁ ১৯৪৫ চনলৈকে স্বাধীনতাৰ সংগ্ৰামৰ নানা পৰ্য্যায়ত অংশ গ্ৰহণ কৰাৰ বাবে অনেক দিন কাৰাবৰণ কৰিছিল। ঘাইকৈ তেওঁ [[নৈনী]], [[আলীপুৰ]], [[ডেৰাডুন]] আৰু আহমেদাবাদৰ[[আহমেদাবাদ]]ৰ জেলত অধিক দিন কটাইছিল। এই দীঘলীয়া জেল জীৱনতে তেও কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।১৯৪৬ চনৰ ১৭ আগষ্ট তাৰিখে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে জৱাহৰলাল নেহৰুক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী নিযুক্তি দিয়ে। নেহৰুৱে গণতন্ত্ৰৰ বিধি আৰু কাৰ্যৰ প্ৰতি সদায় আস্থাশীলতা প্ৰকাশ কৰি গৈছে। তেওঁ বিৰোধীপক্ষৰ সমালোচনাৰ প্ৰতিও বেয়া মনোভাৱ ৰখা নাছিল। ১৯৫৪ চন আৰু ১৯৫৮ চনত তেওঁ প্ৰধানমন্ত্ৰী পদ ইস্তাফা দিবলৈ বিচৰাত ৰাইজৰ স্নেহে সেইপদলৈ তেওঁক পুনৰ ঘূৰাই আনিছিল। নেহৰুৰ দিনতেই আন্তৰ্জাতিক ৰাজনীতিৰ পৰিধিও অতিক্ৰম কৰিছিল। ইণ্ডোনেছিয়াৰ[[ইণ্ডোনেছিয়া]]ৰ '''বাণ্ডুং''' চহৰত ২৯ খন দেশৰ সহযোগত পঞ্চশীল আৰু সহ অৱস্থানৰ বৈদেশিক নীতি ৰচনা কৰিলে আৰু ইয়াত মুখ্যভূমিকা গ্ৰহণ কৰিলে নেহৰু, টিটো আৰু নাচেৰে। ১৯৬২ চনৰ চেপ্তেম্বৰ মাহত [[চীনে]] ভাৰত আক্ৰমন কৰিছিল। উত্তৰ পূৱ সীমান্তত '''থাংগালা পাহাৰমালাপাহাৰ'''মালা দখল কৰি ধলা পোষ্ট পৰ্যন্ত আক্ৰমণ কৰিছিল। ই [[মেকমোহন]] লাইনৰ সীমা। তাৰপিছত [[বমডিলা]] হৈ ভাৰতৰ ভালেমান সমতল ভূমি দখল কৰাৰ পিছত হাঠাত্ ১৯৬২ চনৰ ২৪ অক্টোৱৰত চীনে একতৰফীয়া সৈন্য অপসৰণৰ নীতি ঘোষনা কৰি উভতি যায়।<ref name="জৱাহৰলাল নেহৰু"/>
==নেহৰুৰ দিনপঞ্জী==
70 নং শাৰী:
==পুৰস্কাৰ প্ৰাপ্ত বঁটা==
*ভাৰত-ৰত্ন বঁটা, (১৯৫৫)
 
==নেহৰুৰ ৰচনাৱলী==
*বিশ্ব ইতিহাসৰ জিলিঙনি (Glimpses of World History)
*ভাৰত আবিস্কাৰ (Discovery of India)
*আত্মকথা,
 
==মৃত্যু==
মৃত্যুৰ আগলৈকে প্ৰধানমন্ত্ৰীৰ পদত থকা জৱাহৰলাল নেহৰুৰ ১৯৬৪ চনৰ ২৭ মে তাৰিখে পৰলোকপ্ৰাপ্তি হয়।