বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ত্ZWJ -> ৎ
45 নং শাৰী:
{{Main|ম'হৰ শিঙৰ পেঁপা}}
[[File:Bihu dancer with a horn.jpg|thumb|200px|পেঁপাৰ সৈতে বিহুৱা]]
ব’হাগ বিহুত বজোৱা লোকবাদ্যসমুহৰ ভিতৰত ঢোলৰ পাচতে পেঁপা<ref name="সাদিন"/>| বিহু সংস্কৃতিৰ বৰঘৰত ম’হৰ শিঙৰ পেঁপাটো লাইখুটা স্বৰূপ| ম’হৰ শিঙৰ পেঁপাত সুৰৰ লহৰ তুলিবলৈ বিজুলী বাঁহৰ আগৰ পৰা চাৰি আঙুলমানৰ এপাব কাটি তাত বিন্ধনাৰে চাৰিটা বিন্ধা উলিয়াই লোৱা হয় | ইয়াক পেপাৰ নলীচা বোলা হয়| এই নলীচা ডালৰ এফালে নল আৰু এফালে গাঁঠি থকা পাব এটা পাতলকৈ ফালি "চুপহি" সাজি মুখেৰে ফুঁ দি বজোৱা হয়| এই চুপহিৰ ফলা অংশ মুখেৰে ফুঁ দিলে পেঁ কৈ বাজি উঠে আৰু সেই শব্দক নলীচাৰ বিন্ধা কেইটাৰ সহায়ত - "টিহিঁটি-টিটলৌ- টিঁহিটি ৰম ৰম” সুৰৰ লহৰি তোলা হয়| ম’হৰ শিঙত পেঁপা বজোৱাৰ এটা বৈশিষ্ট্য হৈছে-পেঁপা বজাওঁতে মাজত যতি নপৰে | অৰ্থাত্‍পেঁপাঅৰ্থাৎপেঁপা বজাই থাকোতে এক বিশেষ কৌশলেৰে উশাহ ঘূৰাই পেঁপাবাদন বন্ধ নকৰাকৈ বজোৱা হয়| বিহুত এৰাব নোৱাৰা এইবিধ বাদ্য কেৱল পুৰুষেহে বজোৱাৰ নিয়ম| বিহুৰ উপৰিও ম’হৰ শিঙৰ পেঁপা অতীতত ম’হৰ পিঠিত উঠি গৰু, ম’হ চৰাওঁতে গৰখীয়া সকলেও বজাইছিল|
 
===গগণা===
55 নং শাৰী:
[[File:টকা বাদ্য.JPG|thumb|টকা বাদ্য]]
{{Main|টকা (বাদ্য)}}
বিহুৰ নাচ-গানক অধিক তালবদ্ধ আৰু উত্‍সাহউৎসাহ যোগোৱা এবিধ বিহু বাদ্য হ’ল নাচনীৰ অতিকে চেনেহৰ আগলি বাঁহৰ এপবীয়া "টকা" টি<ref name="সাদিন"/>| বিহুৰ লগত এৰাব নোৱাৰা সম্পৰ্ক থকা আগলি বাঁহৰ এই সৰল বাদ্য বিধৰ নিৰ্মাণ প্ৰণালীও অতি সহজ| বিহুখনক অধিক প্ৰাণৱন্ত আৰু জীপাল কৰি তোলা এই টকা নামৰ বাঁহৰ বাদ্য বিধ সাজিবলৈ জাতি বা বিজুলী বাঁহ এপাবহে লাগে| পৈনত ভাল জাতি বা বিজুলী বাঁহৰ দুই মুৰে গাঁঠি থকা এপাব বাঁহ দুয়োফালে প্ৰায় আধা অংশ মান কাটি বাকী অংশ সমানে দুফাল কৰি মেলিব আৰু জপাব পৰা হ’লেই এটা উপযুক্ত টকা প্ৰস্ত্তত হয়| সাধাৰণতে মহিলা সকলৰ বিহুত ব্যৱহাৰ হোৱা টকাৰ টক-টক শব্দই বিহুখনৰ পাগ‍ উঠায়| টকা হাতেৰে বজোৱা হয়, বজাওঁতে টক্ টক্‌ শব্দ কৰে বাবে এই বাদ্যযন্ত্ৰ বিধক টকা নাম দিয়া হ’ল|
 
===সুতুলি===