মূল মেনু খোলক

বিহু সংগীতময় উৎসৱ, সেয়ে বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্বও অপৰিসীম। বিহু উৎসৱ বহু বিৱৰ্তন,পৰিবৰ্তনৰ মাজেৰে আহি আজিৰ এই ৰূপ পাইছেহি। গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান পেচাদাৰী শিল্পীৰ মঞ্চৰ বিহু হৈছেহি। প্ৰথমতে চহা লোকশিল্পীয়ে নিৰ্মাণ কৰা বিহুৰ বাদ্য সমূহে বৰ্তমান দক্ষ লোকৰ হাতত পৰি পৰিপূৰ্ণ ৰূপ পাইছেহি।

বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ। বিহু অসমীয়া সংস্কৃতিৰ প্ৰাণ। অসমত তিনিটা বিহু পালন কৰা হয়, ব’হাগ বিহু বা ৰঙালী বিহু (বসন্তৰ বিহু), মাঘ বা ভোগালী বিহু (খেতি ছপোৱা বিহু) আৰু কাতি বা কঙালী বিহু (শৰতৰ বিহু)। ৰঙালী বিহুৰ আটাইতকৈ আকৰ্ষণীয় উপাদান হ’ল বিহুগীত। বিহুগীত অসমীয়া লোকসাহিত্যৰ এটি অমূল্য সম্পদ। ইয়াৰ বুকুত লুকাই আছে প্ৰাণৰ স্পন্দন, অসমীয়াৰ জীৱন বুৰঞ্জী আৰু সমাজৰ প্ৰতিচ্ছবি।

বিহুত সাধাৰণতে ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰসমূহসম্পাদনা কৰক

বিহুগীত গাওঁতে আৰু বিহুনৃত্য কৰোঁতে বিভিন্ন বাদ্য যন্ত্ৰ সংগত কৰা হয়। এই বাদ্যযন্ত্ৰ সমূহ সংগত কৰি বিহু গীত গোৱা আৰু বিহু নৃত্য কৰা হয়। বাদ্যযন্ত্ৰৰ জৰিয়তেহে বিহুগীত আৰু বিহুনৃত্যৰ স্বকীয়তা ফুটি উঠে। বিহু মাৰোতে ব্যৱহাৰ কৰা বাদ্যবোৰ তলত উল্লেখ কৰা হ’ল:-

ডেকা বা বিহুৱাই ব্যৱহাৰ কৰা বাদ্যসমূহ
গাভৰু বা নাচনীয়ে ব্যৱহাৰ কৰা বাদ্যসমূহ

ঢোলসম্পাদনা কৰক

 
ঢোলৰ সৈতে ঢুলীয়া

বিহুগীতত ব্যৱহাৰ হোৱা অতি প্ৰয়োজনীয় বাদ্য হ’ল ঢোল।[1] ঢোলৰ তালি(বাওঁ হাতেৰে বজোৱা ফাল) কোবনী (সোঁহাতেৰে বজোৱা ফাল) ফালত কৈ কিছু ডাঙৰ হয়। আম, কঁঠাল, ক’লা জামু আৰু গমাৰি আদি গছৰ পৰা ঢোলৰ খোলাটো সজা হয় আৰু দুয়োটা মূৰ চামৰাৰে চোৱা হয় । দমৰা বা চেঁউৰী গৰুৰ ছালেই ঢোলৰ বাবে উত্তম। বিহুঢোল দীঘলে ৪৫ চে:মি: আৰু ব্যাস প্ৰায় ৩০ চে:মি: বা তাতকৈ অলপ বেচি হব পাৰে । ঢোলৰ কোবনীৰ ছালখন জাতি বাঁহৰ এটা বাও সাজি তাত টানকৈ ছালখন মেৰিয়াই খোলাটোৰ মুখত লগোৱা হয় আৰু তালি ফালৰ ছালখনৰ লগত মজবুট বৰতীৰে (বুঢ়া গৰু ছালৰ ডাঠ ৰচী) কোবনী ফালৰ ছালখনৰ লগত টনা টনি কৰি টানকৈ বন্ধা হয় ।এই বৰতীবোৰ যিমানে টনা হয় ঢোলৰ সুৰো উচ্চ গ্ৰামলৈ গৈ থাকে । কোবনীৰ ছালখন তালিৰ ফালে আহিব নোৱাৰাকৈ ৰাখিবৰ বাবে খোলাত এটা খাঁজ কাটি বাঁহৰ কিছুমান ফৰিঙা লগোৱা হয় । কোবনী বাঁহৰ বাওটোক মলোৱা আৰু তালি ফালৰ বৰতিৰে পকাই পকাই গথা সীয়নিটোক গুঠনি বুলি কোৱা হয় । ঢোলটো কান্ধত ওলোমাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰচীডালক কান্ধজৰী বা ঢোলজৰী বুলি কোৱা হয়। বিহুঢোলৰ মাৰিডাল ৯/১০ ইঞ্চিমান দীঘলকৈ জাতি বাঁহৰ গুৰিৰ পৰা চাঁচি উলিওৱা হয়, এইডালৰ নাম মাহিতা। অসমৰ অতিকৈ আদৰৰ এই ঢোলত বিভিন্ন লাগ, ঘাত, জুৰণি, ৰগৰ, চুচনি, বিভিন্ন ছেও, চালনা, ওজাহাত আদি বজোৱা হয়।

বাঁহীসম্পাদনা কৰক

বিহুৰ আন এবিধ জনপ্ৰিয় বাদ্য হ’ল বাঁহী।[1] ইয়াক ফু দি বজোৱা হয়। বাঁহী বাঁহৰ চুঙাৰে সজা হয়। ইয়াৰ ভিতৰটো ফোঁপোলা আৰু নিদিষ্ট দূৰত্বত কিছুমান বিন্ধা থাকে। মিচিংসকলে বাঁহীক কুৰুলি পুলি, বড়োসকলে বাঁহীক চিফুং বোলে, চিফুঙৰ মাত মধুৰ আৰু শুৱলা। তিৱাসকলৰ বাঁহী দুবিধ-পাংছি আৰু থুৰাং।

তালসম্পাদনা কৰক

বিহুত ব্যৱহাৰ কৰা আন এবিধ বাদ্য হ’ল তাল[1], এই বিধ বাদ্য ধাতুৰে নিৰ্মিত। নৃত্যগীতত তাল ৰাখিবৰ বাবে এই বিধ বাদ্য ব্যৱহাৰ কৰা হয়। বিহুৰ বাবে তাল এবিধ অতি অপৰিহাৰ্য্য বাদ্য। ঢোলৰ লগত তাল যোৰ ব্যৱহাৰ নকৰিলে ঢোলৰ চেওবোৰ কিবা উকা উকা লাগে। বিহুত সাধাৰণতে তাল অকলে ব্যৱহাৰ কৰা নহয়। ইয়াক সদায় ঢোলৰ লগতহে বজোৱা হয়। তালযোৰে ঢোলৰ চেওবোৰক অধিক স্পষ্ট কৰাৰ লগতে শ্ৰুতিমধুৰ কৰে। অসমৰ এই লোকবাদ্য বিধ কেইবাপ্ৰকাৰ খুটিতাল, ভোৰতাল আদি।

পেঁপাসম্পাদনা কৰক

 
পেঁপাৰ সৈতে বিহুৱা

ব’হাগ বিহুত বজোৱা লোকবাদ্যসমুহৰ ভিতৰত ঢোলৰ পাচতে পেঁপা[1]। বিহু সংস্কৃতিৰ বৰঘৰত ম’হৰ শিঙৰ পেঁপাটো লাইখুটা স্বৰূপ। ম’হৰ শিঙৰ পেঁপাত সুৰৰ লহৰ তুলিবলৈ বিজুলী বাঁহৰ আগৰ পৰা চাৰি আঙুলমানৰ এপাব কাটি তাত বিন্ধনাৰে চাৰিটা বিন্ধা উলিয়াই লোৱা হয় । ইয়াক পেপাৰ নলীচা বোলা হয়। এই নলীচা ডালৰ এফালে নল আৰু এফালে গাঁঠি থকা পাব এটা পাতলকৈ ফালি "চুপহি" সাজি মুখেৰে ফুঁ দি বজোৱা হয়। এই চুপহিৰ ফলা অংশ মুখেৰে ফুঁ দিলে পেঁ কৈ বাজি উঠে আৰু সেই শব্দক নলীচাৰ বিন্ধা কেইটাৰ সহায়ত - "টিহিঁটি-টিটলৌ- টিঁহিটি ৰম ৰম” সুৰৰ লহৰি তোলা হয়। ম’হৰ শিঙত পেঁপা বজোৱাৰ এটা বৈশিষ্ট্য হৈছে-পেঁপা বজাওঁতে মাজত যতি নপৰে । অৰ্থাৎপেঁপা বজাই থাকোতে এক বিশেষ কৌশলেৰে উশাহ ঘূৰাই পেঁপাবাদন বন্ধ নকৰাকৈ বজোৱা হয়। বিহুত এৰাব নোৱাৰা এইবিধ বাদ্য কেৱল পুৰুষেহে বজোৱাৰ নিয়ম। বিহুৰ উপৰিও ম’হৰ শিঙৰ পেঁপা অতীতত ম’হৰ পিঠিত উঠি গৰু, ম’হ চৰাওঁতে গৰখীয়া সকলেও বজাইছিল।

গগণাসম্পাদনা কৰক

 
গগনা বজাই থকা দুজনী বিহু নাচনী।

বিহুগীত আৰু বিহুনৃত্যত মুখেৰে ফুঁ দি বজোৱা আন এবিধ বাদ্যযন্ত্ৰ হ’ল গগণা[1]। আগলি বাঁহৰ লাহৰি গগণাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। বিহুৰ পৰম্পৰা অনুসৰি ৰূপহী নাচনীয়ে কঁকালৰ খোঁচনিত লুকুৱাই হলেও, প্ৰিয়জনক মৰমৰ বিহুৱানখন নিদিয়ালৈকে যেনেকৈ হৃদয় শাত নপৰে, ঠিক তেনেকৈ বিহুৱা ডেকাটিয়ে হাতৰ টিপতে প্ৰেয়সীক নিজ হাতে সজা লাহৰি গগণাখন নিদিয়ালৈকে যেন মনত শান্তি নাই । গগণাক দাঁতেৰে কামুৰি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি। গগনা দুবিধ - গাভৰুৱে বজোঁৱা গগণা বিধক কোৱা হয় লাহৰী বা ৰূপহী গগণা আৰু ডেকাই বজোৱা বিধক কোৱা হয় ৰামধন গগণা। মিচিং ভাষাত গগনাক ‘গুংগাং’ বোলা হয় । গগণা তিনি/চাৰি বছৰীয়া পকা জাতি বাঁহৰ পৰা চাঁচি উলিওৱা হয় । লোক বিশ্বাস মতে মুখচোকা তিৰোতাৰ তাঁত শালৰ পৰা ‘ব’ তোলা চূঙা চুৰ কৰি আনি গগণা সাজিলে তাৰ মাত ভাল হয় । যিমানে তিৰোতা গৰাকীয়ে গালি পাৰে সিমানে হেনো গগণাৰ মাত ওলায় ।

টকাসম্পাদনা কৰক

 
টকা বাদ্য

বিহুৰ নাচ-গানক অধিক তালবদ্ধ আৰু উৎসাহ যোগোৱা এবিধ বিহু বাদ্য হ’ল নাচনীৰ অতিকে চেনেহৰ আগলি বাঁহৰ এপবীয়া "টকা" টি[1]। বিহুৰ লগত এৰাব নোৱাৰা সম্পৰ্ক থকা আগলি বাঁহৰ এই সৰল বাদ্য বিধৰ নিৰ্মাণ প্ৰণালীও অতি সহজ। বিহুখনক অধিক প্ৰাণৱন্ত আৰু জীপাল কৰি তোলা এই টকা নামৰ বাঁহৰ বাদ্য বিধ সাজিবলৈ জাতি বা বিজুলী বাঁহ এপাবহে লাগে। পৈনত ভাল জাতি বা বিজুলী বাঁহৰ দুই মুৰে গাঁঠি থকা এপাব বাঁহ দুয়োফালে প্ৰায় আধা অংশ মান কাটি বাকী অংশ সমানে দুফাল কৰি মেলিব আৰু জপাব পৰা হ’লেই এটা উপযুক্ত টকা প্ৰস্ত্তত হয়। সাধাৰণতে মহিলা সকলৰ বিহুত ব্যৱহাৰ হোৱা টকাৰ টক-টক শব্দই বিহুখনৰ পাগ‍ উঠায়। টকা হাতেৰে বজোৱা হয়, বজাওঁতে টক্ টক্‌ শব্দ কৰে বাবে এই বাদ্যযন্ত্ৰ বিধক টকা নাম দিয়া হ’ল।

সুতুলিসম্পাদনা কৰক

 
সুতুলি

বাঁহীৰ দৰে ফুঁ দি বজোৱা আন এবিধ বাদ্যযন্ত্ৰ হ’ল সুতুলি[1]। বিহুৰ বাদ্য হিচাবে সুতুলিৰ অসমীয়া সমাজত এক সুকীয়া আসন আছে। জাকিমাৰি ওলোৱা নাচনী পখিলীৰ কঁকালৰ খোঁচনিত সুমোৱাই অনা মাটিৰ সুতুলিটোয়ে আমাৰ বিহুখনিৰ জেউতি চৰায়। সুতুলি মাটিৰে তৈয়াৰ কৰা বাদ্য। ইয়াৰ নিৰ্মাণ প্ৰনালীও অতি সহজ। সুতুলি সাঁজিবলৈ আলতীয়া মাটি (কুমাৰ মাটি, কেঁকোৰা গাঁতৰ মাটি, পুখুৰী তলৰ কোমল মাটি হ’লে ভাল হয়) এলডা লৈ প্ৰথমে দুহাতেৰে চেপেটা কৰি মাজত খালি ঠাই ৰোৱাকৈ চাৰিওফালে বন্ধ কৰি দিব লাগে। তাৰ পাচত এবেলা ৰ’দত শুকুৱাই লোৱাৰ পিচত তাত তিনিটা বিন্ধা কৰি ল’লেই সুতুলি সজাৰ কাম সম্পূৰ্ণ হয়। তাৰে এটাত ফুঁ দি বাকী দুটাত আঙুলি বুলাই সুৰৰ সৃষ্টি কৰা হয়। সুতুলি মহিলাই বজোৱা বাদ্য যদিও আজি কালি পুৰুষেও বজোৱা দেখা যায়।

লগতে পঢ়কসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "লোকবাদ্য তুমি নাথাকিলে বসন্তক আদৰিম কিদৰে". ৬ এপ্ৰিল, ২০১২. পৃষ্ঠা ৯. http://www.pratidinassam.com/scripts/weeka.asp?id=9,75,99,1062,1593। আহৰণ কৰা হৈছে: ১০ এপ্ৰিল, ২০১২. 

বাহ্যিক সংযোগসম্পাদনা কৰক

  • anvesha.co.in ৱেবছাইটত অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহৰ বিষয়ে থকা তথ্য সম্ভাৰ।