অ
| -> ।
Bishnu Saikia (আলোচনা | বৰঙণি) অ (শ্ৰেণী:ভাৰতৰ চলচ্চিত্ৰ পৰিচালক যোগ কৰা হ’ল হটকেট ব্যৱহাৰৰ জৰিয়তে) |
অ (| -> ।) |
||
'''প্ৰমথেশ চন্দ্ৰ বৰুৱা''' (২৪ অক্টোবৰ ১৯০৩- ২৯ নৱেম্বৰ ১৯৫১) আছিল [[ভাৰত]]ৰ প্ৰাক্-স্বাধীনতা যুগৰ এজন অভিনেতা, [[চলচ্চিত্ৰ]] পৰিচালক আৰু [[চিত্ৰনাট্য]] লেখক । [[অসম]]ৰ [[গৌৰীপুৰ]]ত জন্ম লাভ কৰা বৰুৱাই [[বাংলা]] আৰু [[হিন্দী]] চলচ্চিত্ৰ উদ্যোগত এজন আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা ৰূপে প্ৰতিষ্ঠিত হৈছিল । বৰুৱাই ''"অপৰাধী"'' ছবিখনত ব্যৱহাৰ কৰা "কৃত্ৰিম পোহৰ"ৰ কৌশল ভাৰতীয় ছবিৰ ক্ষেত্ৰত আছিল প্ৰথম । আনহাতে বৰুৱাৰ ''[[দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)|দেৱদাস]]'' ছবিখনত ভাৰতৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে [[ফ্লাছবেক মন্তাজ]], [[টেলীপেথী শ্বট্]], আৰু [[চাবজেক্টতিভ কেমেৰা]]ৰ দৰে আধুনিক কৌশল ব্যৱহাৰ হৈছিল ।
<ref>{{cite web|url=http://www.calcuttaweb.com/cinema/pramatheshbarua.shtml|title=Calcuttaweb Cinema - Pramathesh Barua|publisher=www.calcuttaweb.com|accessdate=2008-10-23|last=|first=}}
</ref>
==প্ৰাৰম্ভিক জীৱন==
প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় [[অসম]]ৰ [[গোৱালপাৰা]] জিলাৰ [[গৌৰীপুৰ]]ৰ বিখ্যাত জমিদাৰ পৰিয়ালত
ঘৰতে প্ৰাথমিক শিক্ষা সাং কৰি [[কলিকতা]]ৰ হেয়াৰ স্কুলত পঢ়াৰ পিছত তেখেতে ১৯২৪ চনত [[প্ৰেচিডেন্সী কলেজ]]ৰ পৰা [[পদাৰ্থ বিজ্ঞান]]ৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯২১ চনত বৰুৱাই [[কলিকতা]]ৰ বীৰেন্দ্ৰনাথ মিত্ৰৰ কন্যা '''মাধুৰীলতা'''ৰ লগত বিবাশপাশত আৱদ্ধ হয়। ইয়াৰ পিছত তেখেত [[ইউৰোপ]] ভ্ৰমণ কৰে য’ত তেখেত প্ৰথমবাৰৰ বাবে [[চলচ্চিত্ৰ]]ৰ প্ৰতি আকৃষ্ট হয়
==চলচ্চিত্ৰ জীৱন==
কলিকতালৈ গৈ প্ৰমথেশ বৰুৱাই [[ধীৰেন্দ্ৰ নাথ গাংগুলী]]ৰ [[দা ব্ৰিটিছ ডমিনিয়ান ফিল্ম লিমিটেড]]ত কিছু ধন বিনিয়োগ কৰে আৰু অভিনেতা হিছাপেও কিছুদিন কাম কৰে। তাৰ পিছত তেখেত দ্বিতীয়বাৰৰ বাবে ইউৰোপ ভ্ৰমণলৈ যায়। তেখেতে [[লণ্ডন]]ত বোলছবিৰ নিৰ্মাণ সম্পৰ্কে কিছু অভিজ্ঞতা লাভ কৰাৰ উপৰিও [[পেৰিচ]]ত লাইট বয় হিছাপে কাম শিকে।
পেৰিচৰ পৰা অলপ বোলছবি নিৰ্মাণৰ সঁজুলি ক্ৰয় কৰাৰ পিছত ভাৰতলৈ আহি তেখেতে [[বৰুৱা পিক্চাৰ্ছ লিমিটেড]] স্থাপন কৰে। ১৯৩১ চনত এই ষ্টুডিঅ’টোৰ প্ৰথম চলচ্চিত্ৰ ''"অপৰাধী"''য়ে মুক্তি লাভ কৰে। এই [[অবাক চলচ্চিত্ৰ]]খনৰ পৰিচালক আছিল [[দেবকী বসু]]
নিউ থিয়েটাৰ্ছত থাকোঁতেই বৰুৱাই নিজৰ জীৱনৰ সকলোতকৈ উল্লেখযোগ্য ছবি ''[[দেৱদাস (১৯৩৫ চলচ্চিত্ৰ)|দেৱদাস]]'' নিৰ্মাণৰ সুযোগ পায়
বৰুৱাৰ ছবিবোৰত কেমেৰাৰ দায়িত্বত আছিল [[বিমল ৰয়]] যি পিছলৈ নিজেই এজন আগশাৰীৰ পৰিচালক ৰূপে জনাজাত হৈ পৰে।
প্ৰমথেশ বৰুৱাই ১৯৩৯ চনত নিউ থিয়েটাৰ্ছ ত্যাগ কৰে আৰু স্বাধীনভাৱে ছবি নিৰ্মাণ কৰিবলৈ লয়
==মৃত্যু==
|