ৱিকিপিডিয়া:সৰল সহায়িকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ফৰ্মেটিং, বানান
No edit summary
2 নং শাৰী:
==ৱিকিপিডিয়াত কি লিখিব==
 
[[অসমীয়া ৱিকিপিডিয়া]]ত একাউণ্ট খুলি সাধাৰণভাৱে প্ৰবন্ধ এটাৰ সালসলনি কৰিব পৰা সদস্যসকলৰ বাবে এই সহায়িকা যুগুত কৰা হৈছে। একেবাৰে নতুন সদস্যক কিদৰে একাউণ্ট খুলিব লাগে, প্ৰবন্ধ এটা বিচাৰিব লাগে, সালসলনি কৰিব লাগে এইবোৰ কথা আন[[সহায়:নতুন ডক্‌প্ৰবন্ধ ফাইলআৰম্ভ কৰক|আন এখনতঠাইত]] কোৱা হৈছে।
 
ৱিকিপিডিয়াত একাউণ্ট খোলাকে আদি কৰি প্ৰাথমিক কামবোৰ কৰা পিছত কি কথানো লিখিব সেয়া ভাবি সদস্য এজন কেতিয়াবা অলপ দোমোজাত পৰে। বহুতে উচ্ছাসত নিলিখিবলগীয়া বাক্য কিছুমান লিখে, বহুতে বিষয়বস্তুৰ সঠিক বাছনি কৰিব নোৱাৰে বা বহুতে ভাল বিষয় এটা ভালকৈ লিখিব নোৱাৰে! ইয়াত তেওঁলোকৰ কোনো ভুল নাই, মানুহে জন্মতেতো সকলো কথা শিকি নাহে! আহক, ৱিকিপিডিয়াত কি লিখিব আৰু কি নিলিখিব তাৰ বিষয়ে অলপ আলোচনা কৰোঁ।
8 নং শাৰী:
===১) ৱিকিপিডিয়াত কি লিখিম?===
 
> সদস্য হোৱাৰ পিছত লগে লগে আপুনি নতুন প্ৰবন্ধ এটা আৰম্ভ কৰিব নালাগে। নতুনকৈ লিখাৰ আগতে পুৰণি প্ৰবন্ধ এটা অলপ সালসলনি কৰিব পাৰিছেনে নাই চাই লওক, নহয় জানো? সম্পাদনা টেব্‌টোত ক্লিক কৰা, লেখা যোগ কৰা, সাঁচি থোৱা এইখিনি কাম আপুনি ইতিমধ্যে পাৰিছেনে? নাইপৰা যদি এতিয়াই কোনো অভিজ্ঞ সদস্যক সুধি লওক! [[ৱিকিপিডিয়া:পৰীক্ষাগাৰ|পৰীক্ষাগাৰএই লিংকটোত]]ৰো সহায়ক্লিক কৰিও নিজে পৰীক্ষা-নিৰীক্ষা ল'বকৰিব পাৰে।
 
> অলপ কামত পকা হোৱাৰ পিছত এতিয়া আপুনি নতুন প্ৰবন্ধ এটা আৰম্ভ কৰিব পাৰে। আচলতে যিকোনো বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব পাৰি, মাত্ৰ সেই বিষয়টো ৱিকিপিডিয়াত অন্তৰ্ভুক্ত হোৱাৰ উপযুক্ত হ'ব লাগিব। কেনেকৈ গম পাব বিষয়টো উপযুক্ত হয়নে নহয়? আপুনি এটা কাম কৰিব পাৰে। অসমীয়া বা ইংৰাজী ৱিকিপিডিয়াৰ যিকোনো কেইটামান প্ৰবন্ধ মেলি চাওক। দেখিব তাত গহীন ভাষাৰে, নিৰ্দিষ্ট গতত বিষয় এটাৰ ওপৰত লিখা হৈছে। এটা উদাহৰণো দিওঁ- আপুনি [[হোমেন বৰগোহাঞিৰবৰগোহাঞি]]ৰ কথা লিখিব পাৰিব; তেখেতৰ জন্ম, শিক্ষা, চাকৰি, সাহিত্যকৰ্ম আদিৰ ওপৰত। কিন্তু তেখেতক ক'ৰবাত লগ পোৱা কথা, একেলগে চাহ খোৱা কথা লিখিব নোৱাৰিব! বিষয়টো উপযুক্ত বুলি গম পাবলৈ আন এটা উপায় আছে- সেইটো বিষয়ত আপুনি কিতাপ, বাতৰি কাকত, ৱেবছাইট আদিত তথ্যাদি পাব। এতিয়া আই পি এল[[IPL]] চলি আছে। সেইটো নিঃসন্দেহে ৱিকিপিডিয়াত লিখিবলগীয়া এটা বিষয়। কিন্তু আপুনি IPL চাবলৈ আই পি এলযোৱাৰযোৱাৰ অভিজ্ঞতা, কোনটো দল জিকিব তাৰ ওপৰত আপোনাৰ বিশ্লেষণ সেয়া কিন্তু লিখিবলগীয়া কথা নহয়!!
 
> বিষয়টো উল্লেখযোগ্য হোৱা ভাল। যেনে- আপুনি কোনোবা ভেকুলীচুক নামৰ গাঁও এখনৰ ওপৰত প্ৰবন্ধ লিখিব খুজিছে। তেতিয়া আনে আপত্তি কৰিব পাৰে, গাঁওখনতনো এনে কি আছে যে মানুহে তাৰ বিষয়ে জানিব লাগে? তাতকৈ এনে এটা বিষয় বাছি লওক যাৰ কথা মানুহে জনাটো আৱশ্যক।
83 নং শাৰী:
'''
তথ্যসূত্ৰ দিয়াৰ নিয়ম''': ৱিকিপিডিয়াৰ প্ৰবন্ধত এই তথ্যসূত্ৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কেইবাটাও উপায় আছে। তাৰে কেইটামান তলত আলোচনা কৰা হ’ল।
 
 
১) নশিকাৰুৰ বাবে সহজ উপায় হৈছে ref টেগৰ ব্যৱহাৰ। যিঠাইত তথ্যসূত্ৰ উল্লেখ কৰিব খুজিছে সেই ঠাইত <nowiki><ref></nowiki> লিখি ওপৰত কোৱা ধৰণে উৎ‍সটো লিখক আৰু লিখা হ’লে <nowiki></ref></nowiki> বুলি মোখনি মাৰক।
Line 94 ⟶ 95:
বুলি লিখি থ’ব পাৰে। ওপৰত দিয়া জ্যোতি প্ৰকাশ নাথৰ ৰেফাৰেন্স বাৰে বাৰে দিবলগীয়া হ’লে প্ৰথমবাৰ < ref name=জ্যোতি>”অসমত গঁড়ৰ পিয়ল”,
জ্যোতি প্ৰকাশ নাথ, দৈনিক অসম, পৃষ্ঠা ৩, ১০ অক্টোবৰ ২০১২ </ref> লিখি পিছৰকেইবাৰ < ref name=জ্যোতি/> বুলি চমুৱাই থ’ব পাৰি।
 
 
২) কেইবাবাৰো একেটা উৎ‍সৰ উল্লেখ কৰিবলগীয়া হ’লে আন এটা উপায় আছে। প্ৰবন্ধটোৰ মাজত সেইবোৰৰ নাম চুটিকৈ লিখিব পাৰি। যেনে ধৰক গোপীনাথ বৰদলৈৰ বিষয়ে লিখোঁতে কেইবাবাৰো হেমন্ত কুমাৰ ভৰালীৰ “এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া” কিতাপখন উল্লেখ কৰিবলগীয়া হ’ল। তেতিয়া আমি যথাস্থানসমূহত <nowiki><ref>“এশগৰাকী অসমীয়া”, ভৰালী, পৃ-১০৭ </ref></nowiki> আৰু <nowiki><ref>“এশগৰাকী অসমীয়া”, ভৰালী, পৃ-১০৯</ref></nowiki> আদি লিখিব পাৰোঁ। তলত ==তথ্যসূত্ৰ== বুলি অনুচ্ছেদ কৰি ওপৰত কোৱা দৰে <nowiki>{{reflist}}</nowiki> বুলি লিখিম। তাৰ পিছত ==গ্ৰন্থপঞ্জী== বুলি অনুচ্ছেদ এটা কৰি এনেকৈ তথ্যসূত্ৰবোৰৰ সবিশেষ লিখিম-