শেলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:উদ্ভিদজগত যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
18 নং শাৰী:
==ৰঞ্জক পদাৰ্থ==
 
বিভিন্নধৰণৰ ৰঞ্জক [[পদাৰ্থ]] (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়৷ ৰঞ্জক [[পদাৰ্থ]]বোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম৷ কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে৷ এইবিলাক [[প্ৰটিন]]ৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে৷<ref name="গ্ৰন্থ ১">উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷ পৃষ্ঠা ৩৪৪ </ref>৷
 
 
==সঞ্চিত খাদ্য==
 
শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে [[কাৰ্ব'হাইড্ৰেট]] থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত [[কাৰ্ব'হাইড্ৰেট]]ৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি৷ বিভিন্ন ধৰণৰ [[কাৰ্ব'হাইড্ৰেট]]ৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ [[কোষ]]ত সঞ্চিত খাদ্যৰূপে থাকে৷
 
==প্ৰজনন==
 
শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-
 
#অংগজ প্ৰজনন (Vegetative reproduction) : এককোষী শেলাইবিলাকে কোষবিভাজনৰ দ্বাৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰে৷ বহুকোষী সূত্ৰকাৰ অথবা উপনিবেশ [[প্ৰকৃতি]]ৰ শেলাইবিলাকে খণ্ডিতকৰণ (fragmentation) ৰ দ্বাৰা অংগজ প্ৰজনন সম্পন্ন কৰে৷
#অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ [[ৰেণু]]ৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে৷ এই [[ৰেণু]]বিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি৷,
#যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে৷ মিলিত হোৱা জননকোষ দুটা একে [[উদ্ভিদ]] সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে৷ শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
*সমজননকোষী বা আইছ'গেমাছ (Isogamous) :দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে৷ সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে৷
*অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে৷ অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে৷
*উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে৷ এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg) টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়৷<ref name="গ্ৰন্থ ১" />
 
 
"https://as.wikipedia.org/wiki/শেলাই"ৰ পৰা অনা হৈছে