বাবুল ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
29 নং শাৰী:
১৯৮৮ চনত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI) দলৰ হৈ তেওঁ গুৱাহাটী আৰু ছিলঙত ছোভিয়েট জুনিয়ৰ একাদশৰ বিৰুদ্ধে দূৰ্দান্ত প্ৰদৰ্শ কৰিছিল। <ref name="দৈনিক জনমভূমি" /> ১৯৮৫-১৯৮৮ চনলৈ মহাৰাণা ক্লাৱত, ১৯৮৯ চনত এবছৰৰ বাবে কলকাতাৰ মহমেডান ক্লাৱত খেলাৰ পিছত ১৯৯০ চনত গুৱাহাটী টাউন ক্লাৱত যোগদান কৰে। ১৯৯৩ চনত তেওঁ এবছৰ গুৱাহাটীৰ প্ৰথম ডিভিজন ইয়ং এমেচাৰ ক্লাৱত খেলি ১৯৯৪ চনৰ পৰা ১৯৯৮ চনলৈ মহাৰাণা ক্লাৱত খেলে। ১৯৯৯ চনত তেওঁ ডায়নাম' ক্লাৱৰ হৈ গুৱাহাটী ছুপাৰ ডিভিজন লীগৰ খেলত শেষবাৰৰ বাবে ভাগ লয়। <ref name="দৈনিক অসম" />
 
ভাৰতীয় ষ্টেট বেংকৰ নাহৰলগুণ শাখাত কাৰ্যনিৰ্বাহ কৰা বাবুল ফুকনে ২০০০ চনত প্ৰথম শ্ৰেণীৰ ফুটবলৰ পৰা অৱসৰ লয়। ইয়াৰ পিছৰে পৰা তেওঁ কেৱল বিভাগীয় ফুটবল প্ৰতিযোগিতা সমূহতহে অংশ লৈছিল।
 
 
==মৃত্যু==
বহুদিন যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন চিকিৎসাধীন হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বাবুল ফুকনৰ মৃত্যু হয়। <ref name="দৈনিক অসম" /> <ref name="দৈনিক জনমভূমি" /> মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যা সন্তানক এৰি গৈছে।
 
==তথ্যসূত্ৰ==