দালাই লামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: দালাই লামা (Dalai Lama) তিব্বতৰ বৌদ্ধসকলৰ এটা প্ৰধান সম্প্ৰদায় ডে...
(কোনো পাৰ্থক্য নাই)

20:01, 18 December 2013ৰ সংস্কৰণ

দালাই লামা (Dalai Lama) তিব্বতৰ বৌদ্ধসকলৰ এটা প্ৰধান সম্প্ৰদায় ডেগ-লুগছ-পাৰ (Dge-Lugs-Pa) মুখ্য ব্যক্তি । অতি প্ৰভাৱশালী এই সম্প্ৰদায়টোৰ নেতা হিচাপে দালাই লামাও যথেষ্ট ক্ষমতাসম্পন্ন আছিল । ১৯৫৯ চনলৈকে দালাই লামা আছিল তিব্বতীসকলৰ প্ৰধান শাসনকর্তা আৰু ধর্মযাজক ।

বৌদ্ধশাস্ত্ৰৰ বিদগ্ধ পণ্ডিত ছং-খা-পাক (Tsong-Kha-Pa, ১৩৫৭-১৪১৯) এই সম্প্ৰদায়ৰ জন্মদাতা বুলি কোৱা হয় । ছং-খা-পাৰ কেইজনমান শ্ৰেষ্ঠ শিষ্যৰ সহযোগত ডেগ-লুগছ-পা সম্প্ৰদায়টো ক্ৰমাত্‍ আন সম্প্ৰদায়বোৰতকৈ অধিক শক্তিশালী হৈ উঠে । সেই সময়ত এই সম্প্ৰদায়টোৱে অন্যান্য সম্প্ৰদায়ৰ লগত যুদ্ধত লিপ্ত হ'বলগীয়া হৈছিল । সেয়েহে তেওঁলোকে এজন স্থাযী নেতাৰ অভাৱ অনুভৱ কৰে । ১৫৪৬ চনত তেওঁলোকে ছদ-নাম-ৰিগ্যা-মাটশ্ব' (Bsod-Nam-Rgya-Mastsho) নামৰ তিনিবছৰীয়া শিশু এটিক 'জীৱিত বুদ্ধ' (Living Buddha) বুলি গ্ৰহণ কৰে আৰু তেওঁলোকৰ নেতা পাতে । এই সম্প্ৰদায়টোৰ ভিক্ষুসকলে নিজ স্বার্থৰ বাবেই এই কাম কৰিছিল যদিও এনেকৈয়ে বুদ্ধৰ পুনৰাৱির্ভাৱ হোৱাৰ কথাটো প্ৰচলিত হয় ।

১৫৭৭ চনত মংগোলিয়াৰ টিউমেট উপজাতিৰ ৰজা অল-থানখানৰ (Al-Than Khan) আমন্ত্ৰণক্ৰমে ছদ-নাম-ৰিগ্যা-মাষ্টশ্ব' সেই দেশলৈ যায় । তাত দুয়ো নেতাৰ মাজত বিভিন্ন বিষয়ত আলোচনা হয় । ছদ-নাম-ৰিগ্যাৰ ধর্মতত্ত্ব সম্পর্কীয় বক্তব্যত সন্তুষ্ট হৈ মংগোলীয় ৰজাই তেওঁক দালাই লামা উপাধি প্ৰদান কৰে । 'দালাই' শব্দৰ অর্থ হ'ল- সাগৰ আৰু 'লামা' শব্দৰ অর্থ হ'ল- শ্ৰেষ্ঠ ব্যক্তি । শেষলৈ ইয়াৰ অর্থ হয়গৈ সর্বশক্তিমান আৰু উচ্চক্ষমতা সম্পন্ন ব্যক্তি ।

পোনপ্ৰথমে ছদ-নাম-ৰিগ্যা-মাষ্টশ্ব'লৈহে 'দালাই লামা' উপাধি আগবঢ়োৱা হৈছিল যদিও, সম্প্ৰদায়টোৰ বৌদ্ধ ভিক্ষুসকলে তেওঁৰ আগৰ আন দুজন ভিক্ষুকো এই উপাধি দিয়ে । অৱশ্যে তেতিয়ালৈ সেই ভিক্ষু দুজন জীয়াই থকা নাছিল । এই ভিক্ষু দুজনৰ প্ৰথমজন আছিল ছং-খা-পাৰ শিষ্য ডিগ-ডুন-গ্ৰাব-পা (Deg-Dun-Grab-Pa) আৰু আনজন আছিল ডিগ-ডুন-ৰিগ্যা-মাটশ্ব' (Deg-Dun-Rgya-Matcho) । ডিগ-ডুন-গ্ৰাব-পাকে (১৩৯১-১৪৭৫) প্ৰথম দালাই লামা বুলি কোৱা হয় । বুৰঞ্জীত এতিয়ালৈকে চৈধ্যজন দালাই লামাৰ নাম পোৱা গৈছে । চতুর্দশ তথা বর্তমানৰ দালাই লামা গৰাকীৰ নাম হ'ল বিষ্টেন-ডিজিন-ৰিগ্যা-মেটশ্বো (Bstan-Dzin-Rgya-Mtsho), সংক্ষেপে, টেনজিং গিয়াত্‍ ছো (Tenzing Gyatso), জন্মঃ ১৯৩৫ চন ।