ক'ল'ছিয়াম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: কলোছিয়াম (Collosseum) ৰোমান সভ্যতাত নির্মিত এক বিশেষ ধৰণৰ প্ৰেক্ষা...
(কোনো পাৰ্থক্য নাই)

20:35, 18 December 2013ৰ সংস্কৰণ

কলোছিয়াম (Collosseum) ৰোমান সভ্যতাত নির্মিত এক বিশেষ ধৰণৰ প্ৰেক্ষাগৃহ । ৬৯ খ্ৰীষ্টাব্দৰ ৰোম চহৰত এই প্ৰেক্ষাগৃহ নির্মাণ কৰা হৈছিল । সুদীর্ঘ ১৩ বছৰ ধৰি নির্মাণ কার্য চলা কলোছিয়ামৰ নির্মাণ সম্পূর্ণ হয় ৮২ খ্ৰীষ্টাব্দত । এনে ধৰণৰ ৰোমান সৌধক ইংৰাজীত এম্ফিথিয়েটাৰ (Amphitheatre) বোলে । আধুনিক কালৰ অলিম্পিক তথা ক্ৰিকেট ষ্টেডিয়ামৰ লগত ইয়াৰ আকাৰ আৰু ব্যৱহাৰৰ ভালেখিনি সাদৃশ্য আছে । কলোছিয়ামৰ আকৃতি অর্ধ বৃত্তাকাৰ, ওপৰত কোনো ছাদ নাই, মুকলি আকাশ । সোঁমাজত অৱস্থিত ৰংগমঞ্চৰ কেউকাষে আজিকালিৰ ষ্টেডিয়ামৰ দৰে ঢাপে ঢাপে শাৰী শাৰী দর্শকৰ আসন । শিল, কংক্ৰিট আদিৰে নির্মিত কলোছিয়ামৰ দৈর্ঘ্য ১৯০ মিটাৰ (প্ৰায় ৬২৩ ফুট) আৰু প্ৰস্থ ১৫৫ মিটাৰ (প্ৰায় ৫০৯ ফুট) ।

কলোছিয়ামৰ কেন্দ্ৰস্থলত থকা ৰংগমঞ্চ বা ৰংগভূমিৰ নাম এৰিনা (Arena) । ই এটা লেটিন শব্দ । ইয়াৰ অর্থ বালি বা বালিময় ভূমি । ৰংগভূমি বালিময় হোৱাৰ কাৰণে ইয়াক এৰিনা বোলা হৈছিল । প্ৰেক্ষাগৃহৰ দৰে এৰিনাও উপ-বৃত্তাকাৰ । ইয়াৰ দীঘ প্ৰায় ৮৭ মিটাৰ (২৮৭ ফুট) আৰু বহল প্ৰায় ৬০ মিটাৰ (১৮০ ফুট) । এৰিনাৰ কাষৰ পৰা ক্ৰমে ওপৰলৈকে গেলেৰিৰ দৰে দর্শকৰ আসনসমূহ বিস্তৃত । কলোছিয়ামত একেলগে ৫০ হাজাৰ দর্শক বহাৰ ব্যৱস্থা আছিল । বাহিৰৰ পৰা দেখিলে চাৰিমহলীয়া যেন লাগে যদিও ভিতৰত ই তিনিমহলীয়া ।