কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

262 নং শাৰী:
১৮৮১ চন: স্বামীৰ সৈতে জেনী পেৰিছলৈ গুচি গল। জীয়েক কেইজনীৰ অবিহনে মার্ক্সে ভীষণ অকলশৰীয়া অনুভৱ কৰিলে। এনেতে এটা বেয়া খবৰ আহিলঃ জেনী মার্ক্সৰ পৃত্ত কেঞ্চাৰ হৈছে। ইফালে মার্ক্সৰ নিজৰেই ব্রংকাইটিছত যোৱা থোৱা অৱস্থা। এলেনৰৰ ভাষাত,
 
"সেইছোৱা বৰ দুর্বিষহ সময় আছিল। সমুখৰ কোঠাটোত মা শুই থাকে, ভিতৰত আন এটা কোঠাত মূৰ [মূৰ – মার্ক্সৰ ঘৰত মতা নাম]। সমগ্র জীৱনটো তেওঁলোকে সদায়েই একেলগে কটালে, ইজনে সিজনক এৰি এখন্তেকো থাকিব নোৱাৰে, কিন্তু আজি দুয়োকে বেলেগে বেলেগে ৰাখিব লগা হৈছে। ...মই সেই ৰাতিপুৱাটোৰ কথা কেতিয়াও নেপাহৰোঁ। দেউতাই গাটো অকণমান ভাল পাইছিল। তেওঁ মাৰ ৰূমলৈ আহিল আৰু ইজনে সিজনক পাই দুয়ো যেন পুণৰ তৰুণ হৈ পৰিল। যেন মৰমত মগন এহাল ধুনীয়া ডেকা লৰা ছোৱালী। কোনেও কব নোৱাৰে তেওঁলোক ৰোগে কাবু কৰি পেলোৱা, চিৰবিদায় জনাবলৈ অগ্রসৰ এজন বুঢ়া-বুঢ়ী বুলি। বৰঞ্চ এই যেন তেওঁলোকে যৌবনত ভৰিহে দিছে।..."
 
১৮৮১ চনৰ ২ ডিচেম্বৰত জেনী মার্ক্সৰ মৃত্যু হল। এংগেলছে এলেনৰলৈ লিখিলে –‘Moor is dead too’। পৰিবেশ সলনি কৰিবৰ বাবে মার্ক্সক ফুৰাবলৈ নিয়া হল – অলপ দিন এলজিয়াৰত থকাৰ পাছত জীয়েক জেনীৰ পেৰিছৰ ঘৰত মার্ক্স কিছু দিন থাকিল। নাতি-নাতিনীহঁতৰ সৈতে মার্ক্সে কিছুদিন অতি সন্তোষেৰে কটালে। জীয়েক লৌৰাৰ সৈতে তেওঁ কিছুদিন চুইজাৰলেণ্ডলৈকো ফুৰিবলৈ গল। ইংলেণ্ডলৈ ঘূৰি অহাৰ পথত মার্ক্সে সামান্য পানী-লগা জ্বৰ অনুভৱ কৰিলে। ঘৰ পায়েই পুণৰ এটা দুঃসংবাদ - মার্ক্সৰ মৰমৰ জীয়েক জেনী ঢুকাল। ১৮৮৩ চনৰ ১৪ নবেম্বৰ: খবৰ লবলৈ এংগেলছ মার্ক্সৰ ঘৰলৈ আহিল। জেনেৰেল চাহাবে মন কৰিলে - ‘সমগ্র ঘৰখনতে কান্দোনৰ ৰোল। হয়তো বেছি পৰ নাই।’ ওপৰ মহলাৰ কোঠালৈ যাওঁতেই দেখা গল - আকৌ কেতিয়াও সাৰ নোপোৱাকৈ মার্ক্স শান্তিৰে টোপনি গৈছে। দুহাতেৰে চকুপানী মছি এংগেলছে সেইদিনা লিখিলে: ‘Mankind is shorter by a head, and that was the greatest head of our time.’