দুৰ্গা পূজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
18 নং শাৰী:
[[হিন্দু]] দেৱী [[দুৰ্গা|দুৰ্গাৰ]] আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ '''দুৰ্গা পূজা''' বা '''দুৰ্গোৎসৱ'''। শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে। ভাৰতৰ [[পশ্চিমবংগ]], [[অসম]] [[ত্ৰিপুৰা]] [[বিহাৰ]] [[ঝাৰখাণ্ড]] আৰু [[উৰিষ্যা]]ত [[দুৰ্গাপূজা]] সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষনা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দু সকলেও দুৰ্গা পূজা পালন কৰে।
 
সাধাৰনতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই '''দুৰ্গোৎসৱ'''। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানবমীমহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষ টোক দেৱী পক্ষদেৱীপক্ষ নামেৰেও জনা যায় । পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱী পক্ষৰদেৱীপক্ষৰ সুচনা হয় আৰু ইয়াক [[মহালয়া]] বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় ।
 
==পৌৰাণিক উপাখ্যান==
26 নং শাৰী:
===ব্ৰহ্মবৈবৰ্ত পুৰাণ===
 
ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গা পূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰী[[কৃষ্ণ]]। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক ইতিহাসতথ্য নাই । <ref>প্ৰবন্ধ ''শব্দাঞ্জলিত দুৰ্গা পূজা'', হৰিপদ ভৌমিক, ''নতুন বাংলাৰ মুখ'' পত্ৰিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩ দ্ৰঃ</ref>
 
===দেৱী ভাগৱত পুৰাণ===
 
দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তী নিৰ্মান কৰি আৰাধনা কৰে। আৰু এই সময় খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে লগতে আহাৰ আৰু শ্বাস গ্ৰহন পৰিত্যাগ কৰি বছৰ বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে। আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুমনুক বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওঁক। মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছো। বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা।” <ref>প্ৰবন্ধ ''শব্দাঞ্জলিতে দুৰ্গাপূজা'', হৰিপদ ভৌমিক, ''নতুন বাংলাৰ মুখ'' পত্ৰিকা, আহিন ১৪১৪, অক্টোবৰ ২০০৭, পৃ. ১৬৩-৬৪ দ্ৰঃ</ref>
 
[[File:Durga 1.jpg|thumb|250px|এটা দুৰ্গা প্ৰতিমা,২০০৯]]
41 নং শাৰী:
 
‘দ’-আখৰে দৈত্য নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা।<ref> ''শব্দকল্পদ্ৰুম'' ৩।১৬৬৬; ''পূজা-বিজ্ঞান'', স্বামী প্ৰমেয়ানন্দ, উদ্বোধন কাৰ্যালয়, কলকাতা, ১৯৯৯, পৃষ্ঠা ৪৪ পৰা উদ্ধৃত</ref>
দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ স্ৰজন, পালন-পোষণ আৰু সংহাৰ কৰে। আই দুৰ্গা দেৱীৰ ৰূপ ন –বিধ।বিধ। শাস্ত্ৰত বৰ্ণনা কৰা মতে সেই বোৰৰ নাম আৰু বৈশিষ্ট হ’ল-
 
১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী।
47 নং শাৰী:
১.“শৈলপুত্ৰী” :
 
মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্ব্বত ৰাজ হিমালয়ৰ তাত পুত্ৰী ৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত এখেত হ’ল প্ৰথম দুৰ্গা । ইয়াৰ পূৰ্ব জন্মত এখেতে প্ৰজা পতিপ্ৰজাপতি দক্ষৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া এখেতৰ নাম আছিল “সতী”। ভগৱান শংকৰৰ সৈতে এখেতৰ বিবাহ হৈছিল। কিন্তু প্ৰজা পতিপ্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজা পতি দক্ষই বৰ ডাঙৰকৈ এটা যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে। পিছে সতীৰ প্ৰৱল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে। পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল। তেওঁ তৎক্ষনাৎ তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰী ৰূপে পৰবৰ্তী জন্ম গ্ৰহণ কৰিলে। তেওঁ তেতিয়া “শৈলপুত্ৰী”নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’, ‘হৈমৱতী’ ও‘হৈমৱতী’ও তেখেতৰে নাম। উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতা সকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহ ওবিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল।নহৈছিল। ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয় ।
 
২.“ব্ৰহ্মচাৰিণী” :
 
মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “বেদস্তত্ত্ব'''বেদস্তত্ত্ব তপো ব্ৰহ্ম।’’ব্ৰহ্ম।''' এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য। এখেতৰ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। হিমালয়ৰ তাত পুত্ৰী ৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেখেতে অতি প্ৰচণ্ড তপস্যা কৰিছিল। তেনে দুষ্কৰ তপস্যা কৰা বাবেহে তেখেতক “তপশ্চাৰিণী”“তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী”নামেৰে“ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল। মা-দুৰ্গাৰ এই দ্বিতীয় স্বৰূপটো ভক্ত আৰু সিদ্ধ সকলৰ অনন্ত ফলপ্ৰদ। ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায় । জীৱনৰ কঠিন সংঘাত বোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয় ।
 
৩.“চন্দ্ৰঘন্টা”:
69 নং শাৰী:
মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যয়নী”। এখেতৰ নাম ‘কাত্যায়নী’ হোৱাৰ আখ্যান টো হ’ল এনে ধৰণৰ— ‘কত’ নামৰ এজন প্ৰসিদ্ধ মহৰ্ষি আছিল। তেওঁৰ পুত্ৰ হ’ল,ঋষি কাত্য। এই কাত্য গোত্ৰত বিশ্বপ্ৰসিদ্ধ মহৰ্ষি কাত্যায়ন উৎপন্ন হৈছিল। ভগৱতৰ উপাসনাত বহু বছৰ ব্যাপী তেওঁ বৰ কঠিন তপস্যা কৰিছিল। “আই ভগৱতী তেওঁৰ কোলাত পুত্ৰী ৰূপে জন্ম লওক”-তেওঁৰ মনোকামনা এয়ে আছিল। আই ভগৱতীয়ে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল। কিছু কালৰ পিছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত, ভগৱান বিষ্ণু, ব্ৰহ্মা আৰু মহেশ্বৰ এই তিনিও গৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্ৰদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্ব প্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল। তাৰ বাবে এখেতে ‘কাত্যায়নী’ আখ্যা পালে। মহৰ্ষি কাত্যায়নৰ তাত পুত্ৰী ৰূপেও এখেত উপজিল বুলি আখ্যানো আছে। আহিন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত জন্ম গ্ৰহণ কৰি, শুক্ল পক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমী লৈ তিনিদিন তেখেতে কাত্যায়ন ঋষিৰ পূজা গ্ৰহণ কৰি দশমী তিথিৰ দিনা মহিষাসুৰক বধ কৰিছিল। দুৰ্গাপূজাৰ ষষ্ঠ দিনা খন এখেতৰ স্বৰূপৰ উপাসনা কৰা হয় ।
 
৭.“কালৰাত্ৰি”:
৭.“কাল ৰাত্ৰি”:
 
মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্ৰি’ ৰূপে জনাজাত। এখেতৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা। মূৰৰ চুলিবোৰ অবিন্যস্ত। গলত বিদ্যুতৰ দৰে জিলিকি থাকে মালা ধাৰি। এখেত ত্ৰিনেত্ৰা, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া। সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকিৰিত হৈ থাকে। এখেতৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা ভয়ংকৰ প্ৰচণ্ড অগ্নি শিখা বোৰ ওলাই থাকে। এখেতৰ বাহন হ’ল গৰ্দভ অৰ্থাৎ গাধ। আই ‘কাল ৰাত্ৰি’ৰ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু তেখেতে সদায় শুভ ফল হে প্ৰদান কৰে। তাৰ কাৰণে এখেতৰ এটা নাম হ’ল ‘শুভঙ্কৰী’ । গতিকে ভক্ত সকলে মাতৃ কালৰাত্ৰিৰ স্বৰূপ দেখি ভয়ভীত বা আতংকিত হব নালাগে। দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্ৰিৰ উপাসনাৰ বিধান আছে ।
 
৮.“মহাগৌৰী”:
94 নং শাৰী:
'''মহিষাসুৰ'''
 
মহিষাসুৰ এটা অসুৰ ।অসুৰ। তেওঁ দেৱী প্ৰতিমাৰ ভৰিৰ তলত থাকে । মহিষাসুৰ অসুৰ হলেও দুৰ্গোৎসৱৰ সময়ত তেওঁক পূজা কৰাৰ থল আছে । আছে।<ref>''মহিষাসুৰ'', সঞ্জয় ভুঁইয়া, বৰ্তমান পত্ৰিকা (বৰ্তমান দেওবাৰ), ২৮ ছেপ্তেম্বৰ, ২০০৮ দ্ৰঃ</ref>
 
'''গণেশ'''
 
গণেশ সিদ্ধিৰ দেৱতা ।দেৱতা। গণেশ পূজা নকৰাকে অন্য কোনো পূজা কৰাৰ কোনো বিধান নাই ।নাই।
 
'''লক্ষ্মী'''
 
লক্ষ্মী হৈছে শ্ৰী, সমৃদ্ধি আৰু বিকাশৰ প্ৰতীক ।প্ৰতীক।
 
'''সৰস্বতী'''
 
সৰস্বতী জ্ঞানৰ প্ৰতীক ।প্ৰতীক।
 
'''কাৰ্তিক'''
 
কাৰ্তিক সৌন্দৰ্য্যৰ প্ৰতীক ।প্ৰতীক।
 
==তথ্য সংগ্ৰহ==