অসমীয়া লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

29 নং শাৰী:
 
লিপিবিদসকল অসমীয়া লিপিৰ উৎপত্তি সম্পৰ্কে দুটা মতত বিভক্ত। প্ৰথম মত অনুসৰি ব্ৰাহ্মী লিপিৰ পৰা গুপ্ত লিপি, কুটিল লিপি আৰু পুৰণি অসমীয়া লিপিৰ মাজেৰে বৰ্তমানৰ ৰূপ পাইছে<ref name=neog1></ref>। দ্বিতীয় মত অনুসৰি ব্ৰাহ্মী লিপিৰ পৰা প্ৰাচীন কামৰূপী লিপি আৰু পুৰণি অসমীয়া লিপি হৈ বৰ্তমানৰ ৰূপ পাইছে<ref name=goswami></ref>। ৫ম শতিকাৰ '''উমাচলৰ শিলালিপি''' আৰু '''নগাজৰী-খনিকৰ গাওঁৰ প্ৰস্তৰখণ্ডৰ লিপি'''য়েই এই অঞ্চলত অসমীয়া লিপিৰ ব্যৱহাৰৰ প্ৰথম প্ৰমাণ<ref name=gov></ref><ref name=bora></ref>। তাৰ পিছৰ কালৰ শিলালিপি, তামৰ ফলিৰ লিপি আৰু [[সাঁচিপাত]]ৰ পুথিসমূহে ১৮-১৯ শতিকা মানলৈকে অসমীয়া লিপিৰ বিকাশ সূচায়। কানাই বৰশীবোৱা শিলালিপিয়ে ইয়াকো প্ৰমাণ কৰে যে ১২ শতিকামানতে প্ৰাক্‌-অসমীয়া ৰূপ বা মধ্যযুগীয় বা '''কামৰূপী লিপি'''ৰ বিকাশ ঘটে<ref>goswami, Upendrantha; An introduction to Assamese(1978), Mani Manik publications</ref>। মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা শৈলী দেখিবলৈ পোৱা যায়: ''কাইথেলী/লহকৰি লিপি'' (কায়স্থসকলৰ দ্বাৰা পুথি ৰচনা, নকল কৰাৰ বাবে ব্যৱহৃত লিপি), ''গড়গঞা লিপি'' (আহোমসকলৰ দ্বাৰা প্ৰথমে বুৰঞ্জীৰ নকলৰ বাবে ব্যৱহৃত হৈছিল) আৰু ''বামুণীয়া লিপি'' (সংস্কৃত ভাষাৰ পৰা পুথি নকল কৰিবৰ বাবে [[ব্ৰাহ্মণ]] সকলৰ দ্বাৰা ব্যৱহৃত)। ১৯ শতিকাৰ প্ৰথম ভাগত [[আত্মাৰাম শৰ্মা]]ই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা 'ধৰ্মপুস্তক' ([[বাইবেল]]ৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায়<ref name=gov>[http://online.assam.gov.in/web/guest/historyofassam?webContentId=109386]History of Assam#Social and literacy consciousness in Assam, আহৰণ ১৩.১০.২০১১</ref>। উল্লেখযোগ্য যে, এই পুথিত ব্যৱহাৰ কৰিবৰ বাবে সাজি লোৱা আখৰৰ গঢ় পূৰ্বে উল্লেখ কৰা বামুণীয়া শৈলীৰ আছিল। বৰ্তমান পুথিখনি পুনৰ মুদ্ৰিত হৈছে। পুনৰ মুদ্ৰণত লিপিৰ পূৰ্বৰ ৰূপ অক্ষুন্ন ৰাখি ফটোগ্ৰাফিক ৰূপত প্ৰকাশ কৰা হৈছে।
 
== ইউনিক’ডত অসমীয়া লিপি ==
{{Main|বাংলা (ইউনিক’ড ব্লক)}}
অসমীয়া লিপিক ইউনিক’ডত [[বঙালী লিপি]]ৰ সৈতে একেলগে নাম দিয়া হৈছে "Bengali"। ইয়াৰ ব্লকটো হ’ল U+0980&ndash;U+09FF:
{{Unicode chart Bengali}}
 
==অসমীয়া আখৰ==