অতি পৰিবাহিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3 নং শাৰী:
[[File:Meissner effect p1390048.jpg|thumb|upright|300px|জুলীয়া নাইট্ৰ'জেনৰে শীতলীকৰণ কৰাৰ পাছত, এডাল চুম্বকক উচ্চ উষ্ণতাৰ অতিপৰিবাহীৰ ওপৰত ওপঙি উঠা দেখা গৈছে ৷ অতিপৰিবাহীৰ পৃষ্ঠত চালিত হোৱা অপৰিৱৰ্তনীয় বৈদ্যুতিক প্ৰৱাহে চুম্বকৰ চুম্বকীয় শক্তি বিচ্যুত কৰিছে ৷]]
 
==মূল ধাৰণা==
 
[[File:Meissner effect.ogv|thumb|এডাল ধাতৱীয় NdFeB চুম্বক আৰু উচ্চ উষ্ণতাৰ অতিপৰিবাহীৰ(ক'লাবৰণীয়া) মাজত দেখিবলৈ পোৱা মেইছনাৰ প্ৰভাৱ]]
পদাৰ্থ বিজ্ঞানী হেইকে কেমাৰলিঙ্ঘে দেখিছিল যে, যেতিয়া পাৰাৰ তাঁৰ এডালক ৪ কেলভিন অৰ্থাৎ,(-২৬৯ ডিগ্ৰী ছেলছিয়াছ)লৈ নি শীতলীকৰণ কৰা হয়,তেতিয়া তাঁৰডালত থকা বৈদ্যুতিক ৰোধ সম্পূৰ্ণ অদৃশ্য হৈ পৰে ৷ তাৰ পিছত তেওঁ পুনৰ আৱিষ্কাৰ কৰিলে যে, অতিপৰিবাহী পদাৰ্থক সাধাৰণ অৱস্থালৈও লৈ যাব পৰা যায় ৷ তাৰ বাবে সেই পদাৰ্থৰ মাজেৰে উচ্চপৰিমাণৰ বৈদ্যুতিক প্ৰৱাহ চালিত কৰিব লাগিব অথবা উচ্চ পৰিমাণৰ চুম্বকক্ষেত্ৰৰ সংস্পৰ্ষত সেই পদাৰ্থক ৰাখিব লাগিব ৷ উল্লেখযোগ্য যে,১৯১৩ চনত পদাৰ্থ বিজ্ঞানীজনক নিম্ন উষ্ণতাত কৰা আৱিষ্কাৰৰ বাবে ন'বেল বঁটা প্ৰদান কৰা হৈছিল ৷ <ref name="মেইছনাৰ">{{cite web | url=http://www.britannica.com/science/superconductivity | title=https://www.britannica.com/science/superconductivity | publisher=ব্ৰিটানিকা | accessdate=23 July 2019 | author=গিনচবাৰ্গ, ডনাল্ড এম.}}</ref>
 
====মেইছনাৰ প্ৰভাৱ====
সেই আৱিষ্কাৰটো হোৱাৰ বহু বছৰ পাছলৈকে ভবা হৈছিল যে, ''শূন্য ৰোধ'' আৰু ''অসীম বৈদ্যুতিক প্ৰৱাহ''ৰ বাহিৰে অতিপৰিবাহী পদাৰ্থৰ অইন কোনো বৈশিষ্ট্য নাই ৷ কিন্তু ১৯৩৩ চনত এই ধাৰণা বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হ'ল ৷ তাৰ পৰিৱৰ্তে গম পোৱা গ'ল যে, এই অতিপৰিবাহী পদাৰ্থবোৰে '''দ্বিচুম্বকত্ব বা অপচুম্বকত্ব'''(Diamagnetism)ৰ ধৰ্ম প্ৰদৰ্শন কৰে ৷ অৰ্থাৎ ইহঁত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা গভীৰভাৱে বিকৰ্ষিত হয় ৷ অতিপৰিবাহী পদাৰ্থৰ এই বিশেষ গুণটোক '''মেইছনাৰ প্ৰভাৱ'''(Meissner effect) বুলি কোৱা হয় ৷ মেইছনাৰ প্ৰভাৱ আৱিষ্কাৰ হোৱাৰ পাছত,১৯৩৪ চনত, অতিপৰিবাহী পদাৰ্থৰ বিদ্যুৎ-চুম্বকীয় ধৰ্মসমূহক সাঙুৰি এক বিশেষ তত্ব সৃষ্টি কৰা হয় ৷ এই তত্ত্বই অতিপৰিবাহী পদাৰ্থত ''বিদ্যুৎ-চুম্বকীয় ভেদন গভীৰতা'' থকাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ ১৯৩৯ চনত সেই সম্ভাৱনাটোক পৰীক্ষাগৃহত সত্য বুলি প্ৰমাণিত কৰা হয় ৷ ১৯৬২ চনত ব্ৰিটেইনৰ পদাৰ্থ বিজ্ঞানী ব্ৰায়ান ডি. জোছেফছনে ধাৰণা কৰে যে, যদি দুটা অতিপৰিবাহী বস্তুক বৈদ্যুতিক সংস্পৰ্শত ৰখা হয়, তেনেহ'লে সিহঁতে কেতবোৰ বিদ্যুৎ-চুম্বকীয় ধৰ্ম দেখুৱাব পাৰে ৷ <ref name="মেইছনাৰ" />
 
==শেহতীয়া গৱেষণা==