নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Anshuman.jrt (আলোচনা | বৰঙণি) |
|||
6 নং শাৰী:
{{gap}}ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
{{gap}}ভজো হেন দেৱ যদুপতি।।"<poem>
তাৰ পিছতে মাধৱদেৱে লিখি গৈছিল এনেকৈ-
<poem>"যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
{{gap}}পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
{{gap}}উপাসা কৰোহো হৃদয়ত।। "</poem>
মহাপুৰুষ মাধৱদেৱে এই পুথিখন ৰচনাৰ সম্পৰ্কত আগবঢ়োৱা এটি মন্তব্য গুৰুচৰিতত উল্লেখ আছে। মন্তব্যটি এনেধৰণৰ- মই গুৰুসেৱকে যি পালো তাকো ঘোষাতে থৈছো, অনেক শাস্ত্ৰ বিচাৰি যি ৰসতত্ত্ব পালো তাকো ঘোষাতে থৈছো, আৰু পৰমাত্মা ইষ্টে হৃদিত থাকি যি বুদ্ধি দিলে তাকো মই ঘোষাতে থৈছো।
ঘোষা শাস্ত্ৰ ভাৰতীয় দৰ্শনৰ ব্ৰহ্মবাদী ভাৱধাৰাকে সমৰ্থন কৰিছে। ঘোষাত উপস্থাপিত হোৱা ব্ৰহ্ম চৈতন্যময় আৰু হৃদিস্থিত। অবিদ্যাজনিত মূঢ়তাৰ বাবে মানুহে ব্ৰহ্ম উপলব্ধি কৰিব নোৱাৰে। নামঘোষাই অবিদ্যাক মায়াৰূপে অভিহিত কৰিছে। ভাৰতীয় বেদান্ত দৰ্শনত মায়াৰ যি ধাৰণা সেই ধাৰণাকে নামঘোষাতো বিচাৰি পোৱা যায়।
==বৈশিষ্ট==
|