ৰঙিয়া ৰাইজমেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
36 নং শাৰী:
১৮৮৩ৰ এপ্ৰিল মাহৰ পৰা অসমৰ মূল জিলাকেইখনত (Assam proper) দহবছৰীয়া পট্টা দিয়াৰ বাবে আৰু খাজনাৰ হাৰ বৃদ্ধি কৰাৰ বাবে নতুনকৈ মাটিৰ শ্ৰেণী বিভাজন কৰি চৰকাৰে পুনৰ বন্দোৱস্তীৰ কাম আৰম্ভ কৰে। এই লৈ অসমৰ কৃষকসকলৰ মাজত অসন্তোষে গা কৰি উঠে।<ref name="kanak" /> ১৮৬১ চনত অসমত আফু খেতি নিষিদ্ধ কৰাৰ লগতে পান-তামোল আদিৰ ওপৰতো কৰ আৰোপ কৰিবলৈ যো-যা চলায়। চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বাবে ১৮৬১ত ফুলগুৰি আৰু পাৰ্শ্বৱৰ্তী এলেকাত বিদ্ৰোহে গা কৰি উঠে। এয়ে বিখ্যাত ফুলগুৰি ধেৱা- বৃটিছৰ বিৰুদ্ধে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ।<ref name="gagan" />
 
==ৰঙিয়াৰৰঙিয়াত কৃষক বিদ্ৰোহবিদ্ৰোহৰ উকমুকনি==
১৮৯৩ চনৰ কামৰুপৰ জিলাধিপতি আৰ.বি.মেকবিয়ে (R.B. Macabe) কৃষকসকলক বৰ্দ্ধিত খাজানা দিবলৈ আদেশ দিয়ে। ইয়াৰ বিৰুদ্ধে পাতিদৰং, নলবাৰী, বৰমা, বজালী, উপৰ বৰভাগ আদি ঠাইত প্ৰবল প্ৰতিবাদ হয়। ১৮৮৩ৰ ডিচেম্বৰত বৰ্তমানৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বৰলীয়া নৈৰ পাৰৰ বাহাৰঘাট অঞ্চলৰ চৌমুখা গাঁওত বৰ্দ্ধিত খাজানাৰ বিৰুদ্ধে বৰবাৰী সত্ৰৰ কণ গোঁসাই ওৰফে জয়চন্দ্ৰ গোস্বামী নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত এখন ৰাইজমেল অনুষ্ঠিত হয়। কণ গোঁসাইক সহযোগিতা কৰে বাৰাংহাটী গাঁওৰ মতিফল দাস আৰু সানেকুছি গাঁওৰ অভয় চৌধুৰীয়ে। ৰাইজমেলত চৰকাৰক বৰ্দ্ধিত খাজানা নিদিবলৈ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্তৰ কথা ৰঙিয়া তহচিলৰ গাঁওসমূহত জনাই দিবলৈ কীৰ্তিৰাম লহকৰ (গুৰুকুছি), কৃষ্ণ কাকতি (মুৰাৰা), ৰহমত খলিফা, শনিৰাম বায়ন (সীতাৰা), জলটি কলিতা (বটাকুছি), পৰশুৰাম বড়ো আদি কেইজনমান ব্যক্তিক দায়িত্ব দিয়া হয়।<ref name="gagan" />
 
==স্মাৰক==