মূল মেনু খোলক

ৰঙিয়া ৰাইজমেল (ইংৰাজী: Rangia Raijmel) ৰঙিয়া তহচিলৰ কৃষকসকলে বৃটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে গঢ়ি তোলা এটা কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ সংঘটিত হৈছিল ১৮৯৪ চনৰ ১০ জানুৱাৰীত। সেইদিনা প্ৰায় তিনিহাজাৰ খেতিয়কে লাঠি-টোকানসহ ৰঙিয়া থানাৰ সন্মুখত অৱস্থান কৰিছিল। বিদ্ৰোহীসকলৰ আক্ৰমণত কামৰূপৰ ডেপুটি কমিচনাৰ মেকাবি (R.B. Mecabe) চাহেবৰ মৃত্যু হয়। তেতিয়া পুলিছে গুলি চলায়। চৰকাৰীভাবে সেই গুলীচালনাত এজনো লোকৰ মৃত্যু হোৱা নাই বুলি কোৱা হৈছিল যদিও জনশ্ৰুতিমতে সোতৰজন লোকৰ মৃত্যু হৈছিল।[1][2]

১৮৯৪ ৰঙিয়া ৰাইজমেল
RAIJMEL BHAVAN.jpg
ৰাইজমেলৰ স্মৃতিত নিৰ্মাণ কৰা ৰাইজমেল কৃষক ছহিদ ভৱন আৰু স্তম্ভ
তাৰিখ ডিচেম্বৰ ১৮৯৩-জানুৱাৰী ১৯৯৪
স্থান
ৰঙিয়া, অসম বৃটিছ ভাৰত
কাৰণ খাজনা বৃদ্ধি

ঐতিহাসিক প্ৰেক্ষাপটসম্পাদনা কৰক

মোগলৰ দিনত নামনি অসমক অৰ্থাৎ চৰকাৰ-কামৰূপক কিছুমান পৰগণাত ভাগ কৰি লৈছিল। চৰকাৰ-কামৰূপৰ শাসনভাৰ মোগলৰ পৰা আহোমৰ হাতলৈ অহাৰ পিচতো কেইটামান পৰগণা বিভাজন কৰি সৰু কৰি লোৱাৰ বাদে এই ব্যৱস্থাটোৰ বিশেষ সাল-সলনি কৰা নাছিল। ১৮২৬ত ইয়াণ্ডাবু সন্ধিৰ যোগে অসমৰ শাসনভাৰ বৃটিছলৈ হস্তান্তৰ হ’ল। ১৮৩৩-৩৪ চনত কামৰুপৰ শাসক কেপ্তেইন বগলচে প্ৰথমবাৰৰ বাবে বাৰ্ষিকভিত্তিত ভূমি পট্টনৰ ব্যৱস্থা আনিলে আৰু পুৰ্বৰ পৰগণাবোৰক সৰু কৰি ললে। এই পৰগণাবোৰক মৌজা বা মহলো (Circle) বোলা হৈছিল। এই পৰগণাবোৰৰ পৰা ৰাজহ আদায় কৰাৰ বাবে চৌধুৰী নামেৰে বিষয়া আৰু তেওঁক সহায় কৰিবলৈ পাটোৱাৰী, ঠাকুৰীয়া, কাকতি আৰু পিয়াদা পদৱীৰ সৃষ্টি কৰিলে।[3][4]

ঊনবিংশ শতাব্দীৰ চতুৰ্থ, পঞ্চম দশকমানতে ৰঙিয়াক প্ৰশাসনীয় আৰু ৰাজহ সংগ্ৰহৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। তেতিয়াই ইয়াত এজন দাৰোগাৰ অধীনত এখন থানা স্থাপন কৰিছিল। ১৮৫৩ চনৰ এ জে মোফাট মিলচৰ প্ৰতিবেদনত উল্লেখ আছিল যে সেই সময়ত কামৰুপত সেইসময়ত মুঠতে ৬খন থানা আছিল। ৰঙিয়া থানাৰ কৰ্মচাৰী আছিল এনে ধৰণৰ- দাৰোগা- ১, মহৰী- ১, জামাদাৰ-১, কাকতি- ১, বৰকান্দাজ-৯, টেকেলা-৭।[3]

১৮৭০ চনত ভুমি বন্দোৱস্তী নিয়মাৱলী প্ৰস্তুত আৰু ৰাজহ নিৰ্দ্ধাৰণ আৰু ভুমি পট্টনৰ সুসংহত ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। মৌজাদাৰ, মণ্ডল আদি বিভিন্ন ৰাজহ বিষয়াৰ পদৱী সৃষ্টি কৰা হয়। কামৰূপ জিলাৰ ভূমি জৰীপ আৰু ভুমি শ্ৰেণীকৰণৰ কামো আৰম্ভ হয়। এই সময়তে ৰঙিয়াত ৮খন মৌজা বা পৰগণাক সামৰি এটা তহচিল গঠন কৰা হয়। তহচিলদাৰ হিচাপে নিযুক্তি দিছিল ৰাধানাথ বৰুৱাক। তেওঁ ১৮৮২ৰ পৰা ৰঙিয়াৰ তহচিলদাৰ আছিল।[3] ৰঙিয়া তহচিলৰ অন্তৰ্গত পৰগণাকেইটা হ’ল- ১) পাণ্ডুৰী, ২) পাণ্ডুৰী খেৰাজ, ৩) কাউৰবাহা ৪) কাউৰবাহা খেৰাজ, ৫) বড়িগোগ, ৬) পূব বনভাগ, ৭) পশ্চিম বনভাগ আৰু ৮) ধমধমা।[1]

১৮৮৩ৰ এপ্ৰিল মাহৰ পৰা অসমৰ মূল জিলাকেইখনত (Assam proper) দহবছৰীয়া পট্টা দিয়াৰ বাবে আৰু খাজনাৰ হাৰ বৃদ্ধি কৰাৰ বাবে নতুনকৈ মাটিৰ শ্ৰেণী বিভাজন কৰি চৰকাৰে পুনৰ বন্দোৱস্তীৰ কাম আৰম্ভ কৰে। এই লৈ অসমৰ কৃষকসকলৰ মাজত অসন্তোষে গা কৰি উঠে।[3] ১৮৬১ চনত অসমত আফু খেতি নিষিদ্ধ কৰাৰ লগতে পান-তামোল আদিৰ ওপৰতো কৰ আৰোপ কৰিবলৈ যো-যা চলায়। চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বাবে ১৮৬১ত ফুলগুৰি আৰু পাৰ্শ্বৱৰ্তী এলেকাত বিদ্ৰোহে গা কৰি উঠে। এয়ে বিখ্যাত ফুলগুৰি ধেৱা- বৃটিছৰ বিৰুদ্ধে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ।[1]

বিদ্ৰোহৰ উকমুকনিসম্পাদনা কৰক

১৮৯৩ চনৰ কামৰুপৰ জিলাধিপতি আৰ.বি.মেকাবিয়ে (R.B. Macabe) কৃষকসকলক বৰ্দ্ধিত খাজানা দিবলৈ আদেশ দিয়ে। ইয়াৰ বিৰুদ্ধে পাতিদৰং, নলবাৰী, বৰমা, বজালী, উপৰ বৰভাগ আদি ঠাইত প্ৰবল প্ৰতিবাদ হয়। ১৮৮৩ৰ ডিচেম্বৰত বৰ্তমানৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বৰলীয়া নৈৰ পাৰৰ বাহাৰঘাট অঞ্চলৰ চৌমুখা গাঁওত বৰ্দ্ধিত খাজানাৰ বিৰুদ্ধে বৰবাৰী সত্ৰৰ কণ গোঁসাই ওৰফে জয়চন্দ্ৰ গোস্বামী নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত এখন ৰাইজমেল অনুষ্ঠিত হয়। কণ গোঁসাইক সহযোগিতা কৰে বাৰাংহাটী গাঁওৰ মতিফল দাস আৰু সানেকুছি গাঁওৰ অভয় চৌধুৰীয়ে। ৰাইজমেলত চৰকাৰক বৰ্দ্ধিত খাজানা নিদিবলৈ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্তৰ কথা ৰঙিয়া তহচিলৰ গাঁওসমূহত জনাই দিবলৈ কীৰ্তিৰাম লহকৰ (গুৰুকুছি), কৃষ্ণ কাকতি (মুৰাৰা), ৰহমত খলিফা, শনিৰাম বায়ন (সীতাৰা), জলটি কলিতা (বটাকুছি), পৰশুৰাম বড়ো আদি কেইজনমান ব্যক্তিক দায়িত্ব দিয়া হয়।[1]

১৮৮৩ৰ ২০ ডিচেম্বৰৰ দিনা তহচিলদাৰ ৰাধানাথ বৰুৱা তামুলপুৰৰ পৰা উভতি অহাৰ বাটত কেইজনমান কৃষকে আগচি ধৰি মাৰধৰ কৰে। চাৰে চাৰিদিন পিছত ২৪ ডিচেম্বৰৰ দিনা ৰঙিয়া থানাৰ ওচৰৰ হাটখোলাত কৃষকসকলৰ এখন প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত হয়। তাতেই কিছু বিক্ষুব্ধ লোকে হাটখোলাৰ ঘৰবোৰ লণ্ডভণ্ড কৰে সুদখোৰ মাৰোৱাৰী মহাজনৰ পৰা মাটি বন্ধকীৰ নথি-পত্ৰ লুটপাত কৰি আনে।[1]

১৮৯৩ৰ ৩০ ডিচেম্বৰৰ দিনা ৰঙিয়াৰ ডাকবঙলাত জিলা উপায়ুক্ত আৰ.বি.মেকাবি উপস্থিত আছিল। তালৈ কণ গোস্বামী, জলটি লহকৰ আদি কেইজনমান কৃষক নেতাই আহি বৰ্দ্ধিত খাজানা প্ৰত্যাহাৰ কৰিবলৈ এখন আবেদন দিয়ে। খঙতে উপাযুক্তগৰাকীয়ে আবেদন লৈ যোৱা লোকসকলক অস্থায়ী ফাটেকত আবদ্ধ কৰি থয়। ডাকবঙলাৰ বাহিৰত থিয় হৈ থকা ছত্ৰপতি কলিতা, কৃষ্ণ কাকতি, শনিৰাম বায়ন আদি আন কেইজনমান কৃষকে এই ঘটনা দেখি পলাই আহি ৰাইজক ঘটনাৰ সবিশেষ জনায়। মেকাবিয়ে বন্দীসকলক শাৰীৰিক নিৰ্যাতন দিয়ে। কৃষক নেতা কণ গোস্বামী আৰু অভয় চৌধুৰীক কান্ধত নাঙল-যুঁৱলি লগাই হাল টানিবলৈ লগাই দিছিল।[1]

১৮৯৪ৰ জানুৱাৰী মাহত বৰ্তমানৰ নলবাৰী জিলাৰ কদমতলত উত্তৰ কামৰূপৰ মুখীয়াল লোকসকলৰ এখন প্ৰতিনিধিত্বমূলক সভা হয়। তেওঁলোকে প্ৰস্থাৱ ল'লে যে ৰঙিয়ালৈ আহি চৰকাৰক আবেদন জনাব যাতে ফাটেকিয়ালসকলক মুক্তি দিয়ে।[1]

বিদ্ৰোহসম্পাদনা কৰক

১৮৯৪ৰ ১০ জানুৱাৰীত তিনিহাজাৰতকৈয়ো অধিক বিদ্ৰোহী কৃষক টাঠি-টাঙোনসহ ৰঙিয়া থানাত উপস্থিত হয়। তেওঁলোকে বলপূৰ্বক ফাটেকিয়ালসকলক মুকলি কৰি আনিবলৈ চেষ্টা চলায় আৰু উপায়ুক্তক আক্ৰমণ কৰে। ৰাইজৰ প্ৰহাৰত আৰ.বি.মেকাবিৰ মূত্যু হয়। ৰাইজক ছত্ৰভঙ্গ দিয়াবলৈ পুলিচে গুলি বৰ্ষণ কৰে। চৰকাৰী তথ্যমতে গুলীবৰ্ষণত এজনো লোকৰ মৃত্যু হোৱা নাছিল; কিন্তু জনশ্ৰুতিমতে ১৭জন লোকৰ মৃত্যু হৈছিল। আনহাতে বিদ্ৰোহীৰ হাততো চৰকাৰী বাহিনীৰ মৃত্যু হয়।[1]

চৰকাৰী নিৰ্যাতন ক্ৰমশঃ বাঢ়ি আহিল। ৰাইজ অসহায় হৈ পৰিল। ৰাইজৰ উদ্যোমো হ্ৰাস পালে। মণ্ডল জলটিৰাম কলিতাক বিদ্ৰোহত অংশ লোৱা বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে।[2] বিদ্ৰোহৰ নেতা কণ গোস্বামীয়ে তহচিলদাৰক বৰ্দ্ধিত খাজানা আদায় দিয়াৰ প্ৰতিশ্ৰুতি দি ফাটেকৰ পৰা মুকলি হৈ আহিল।[1]

স্মাৰকসম্পাদনা কৰক

১৯৪২ চনত স্বাধীনতা সংগ্ৰামীসকলে ৰঙিয়াৰ তহচিলদাৰৰ কাৰ্যালয়টো পুৰি পেলাইছিল। ১৯৯৪ চনত ৰঙিয়াৰ ৰাইজে ৰাইজমেলৰ শতবৰ্ষ পালন কৰে। ১৯৯৬ চনত সেই মাটিতে সাংসদ পূঁজিৰ ধনেৰে তাত ৰাইজমেলৰ সোঁৱৰণত কৃষক ছহিদ ভৱন আৰু স্তম্ভ নিৰ্মাণ কৰিবলৈ প্ৰৰ্স্তুতি আৰম্ভ আৰু ২০০৪ৰ ১৫ ডিচেম্বৰৰ দিনা ভৱনটো উদ্বোধন কৰা হয়।[2]

তথ্য উৎসসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 "ৰাইজমেল: গগণ ডেকা". বল্লভা প্ৰবাহ: ৰঙিয়া আলোচনী সভাৰ স্মৃতিগ্ৰন্থ, পৃঃ ১০০-১০৫. ২০১৬. 
  2. 2.0 2.1 2.2 "ৰঙিয়া থানাৰ কথা: ইলা দেৱী অধিকাৰী". বল্লভা প্ৰবাহ: ৰঙিয়া আলোচনী সভাৰ স্মৃতিগ্ৰন্থ, পৃঃ ১১১-১১৩. ২০১৬. 
  3. 3.0 3.1 3.2 3.3 "ৰঙিয়াৰ পুৰণি তথ্য বিচাৰি: কণক শৰ্মা". বল্লভা প্ৰবাহ: ৰঙিয়া আলোচনী সভাৰ স্মৃতিগ্ৰন্থ, পৃঃ ১০৬-১১০. ২০১৬. 
  4. "Report on Assam by A. J. Moffatt Mills". https://books.google.co.in/books/about/Report_on_Assam.html?id=wN4dAAAAMAAJ&redir_esc=y। আহৰণ কৰা হৈছে: 14-10-2019. 

লগতে পঢ়কসম্পাদনা কৰক