কনফুচিয়াছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
22 নং শাৰী:
 
 
=='''প্ৰাৰম্ভিক জীৱন'''==
ভবা হয়, ৫৫১ খ্ৰীষ্টপূৰ্বৰ ২৮ ছেপ্টেম্বৰত কনফুচিয়াছৰ জন্ম হৈছিল ৷ <ref name=birth>{{cite book |last1=Hugan |first1=Yong |title=Confucius: A Guide for the Perplexed |date=2013 |publisher=A&C Black |page=3 |url=https://books.google.com/books?id=1R9MAQAAQBAJ&pg=PA4 |url-status=live |archiveurl=https://web.archive.org/web/20170416224536/https://books.google.com/books?id=1R9MAQAAQBAJ&pg=PA4 |archivedate=2017-04-16 |df= |isbn=978-1-4411-9653-8 }}</ref><ref name=creel49-25>{{Harvnb|Creel|1949|loc=25}}.</ref> তেওঁৰ জন্ম হৈছিল ঝাউ জিলাত, যিখন ঠাইক এতিয়া চীন দেশত কুফু বুলি জনা যায় ৷ <ref name=creel49-25 /><ref>{{Harvnb|Rainey|2010|loc=16}}.</ref> তেওঁৰ দেউতাক কংগ হে (নাইবা ছুলিয়াং হে) স্থানীয় লু সেনানীৰ এজন বৰ্ষীয়ান সেনানায়ক আছিল ৷ {{sfnp|Legge|1887|p=260}} কনফুচিয়াছৰ পৰম্পৰাগত জীৱনৰ পৰা অনুমান কৰিব পাৰি যে, কংগ হেৰ ককাদেউতাকে তেওঁলোকক ছঙৰ পৰা লুলৈ প্ৰব্ৰজন কৰাই আনিছিল ৷ <ref name=creel49-26>{{Harvnb|Creel|1949|loc=26}}.</ref>
 
31 নং শাৰী:
যৌৱনাৱস্থাৰ প্ৰাক্-ক্ষণত কনফুচিয়াছে কেইবাটাও চৰকাৰী বিভাগত কাম কৰিছিল বুলি ধাৰণা কৰা হয় ৷ তাৰলগতে হিচাপৰক্ষক হিচাপে, ভেড়া আৰু ঘোঁৰাৰ যত্নলওঁতা হিচাপেও তেওঁ কৰ্মত নিয়োজিত হৈছিল৷ মাতৃক সমাধিস্থ কৰাৰ পূৰ্বে পালন কৰিবলগীয়া কিছুমান ৰীতি মানি তেওঁ এইসমূহ কাম কৰিবলগা হৈছিল ৷ উল্লেখনীয় যে, মাতৃক হেৰুউৱাৰ তিনি বছৰ পাছলৈকে তেওঁ সামাজিক প্ৰথা মানি মৌনতা অৱলম্বন কৰিছিল৷ মাতৃৰ মৃত্যুৰ সময়ত কনফুচিয়াছৰ বয়স আছিল তেইশ ৷<ref name=buryl>{{cite book|last1=Burgan|first1=Michael|title=Confucius: Chinese Philosopher and Teacher|date=2008|publisher=Capstone|page=23|url=https://books.google.com/books?id=vM8GCpBncjEC&pg=PT12|accessdate=August 12, 2015|url-status=live|archiveurl=https://web.archive.org/web/20170416230252/https://books.google.com/books?id=vM8GCpBncjEC&pg=PT12|archivedate=April 16, 2017|df=|isbn=978-0-7565-3832-3}}</ref>
 
=='''ৰাজনৈতিক জীৱন'''==
কনফুচিয়াছৰ ৰাজনৈতিক জীৱন বৰ দীঘলীয়া নাছিল ৷ চল্লিছ আৰু পঞ্চাছ বছৰৰ সময়ছোৱাত কনফুচিয়াছে প্ৰথমে হাকিম হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তাৰপিছত ৰাজহুৱা কৰ্মৰ এজন সহকাৰী মন্ত্ৰী হিচাপে আৰু শেষত ন্যায় মন্ত্ৰী হিচাপে লু ৰাজ্যত কাৰ্যনিৰ্বাহ কৰিছিল ৷ কিছুমান কূটনীতিগত অভিযানতো মুখ্য মন্ত্ৰীৰ ৰূপত কনফুচিয়াছে ৰজা কিং লুক সহায় কৰিছিল বুলি ভাবিব পাৰি ৷ কিন্তু এসময়ত ৰাজন্যবৰ্গই কনফুচিয়াছৰ ৰাজনৈতিক মত আৰু বিচাৰধাৰাসমূহত গুৰুত্ব নিদিয়া যেন তেওঁ অনুভৱ কৰিলে৷ তেতিয়া তেওঁৰ বয়স আছিল ৫৬ ৷ সেয়েহে তেওঁ দেশ ত্যাগ কৰি ওলাই গ'ল ৷ স্ব-নিৰ্বাসনৰ সেই বাৰটা বছৰত কনফুচিয়াছক সংগ দিছিল তেওঁৰ ছাত্ৰসকলে ৷ শিক্ষক হিচাপে তেওঁৰ প্ৰভাৱ আৰু প্ৰতিভা সেইখিনি সময়তে প্ৰচাৰ ঘটিল ৷ <ref>http://www.britannica.com/biography/Confucius</ref>
 
=='''তথ্যসূত্ৰ'''==