ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Group photo during TTT2020.jpg|thumb|right|210px|TTT2020ৰ অংশগ্ৰহণকাৰীসকল]]
[[File:Uttan village1.jpg|thumb|right|210px|উত্তন গাঁৱৰ এটা ব্যস্ত মুহূৰ্ত]]
টিটিটি (Train the Trainer Program) হ’ল ইংৰাজীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ ৱিকি প্ৰজেক্টসমূহত কাম কৰি থকা অভি়জ্ঞ সম্পাদকসকলক উচ্চস্তৰৰ প্ৰশিক্ষণ দিয়া এক কাৰ্যসূচী। এই কাৰ্যসূচীৰ উদ্দেশ্য হ’ল, টিটিটিত শিকি-বুজি অহা কথাখিনি তেওঁলোকৰ নিজৰ কমিউনিটিৰ অন্যান্য সম্পাদকসকলক আৰু আগ্ৰহী ব্যক্তিসকলক শিকাই-বুজাই বা প্ৰচাৰ-প্ৰশিক্ষণ আদিৰ যোগে নিজা-নিজা ৱিকি প্ৰকল্পসমূহৰ বিকাশ সাধন কৰা; সহজ ভাষাত ৱিকি প্ৰকল্পসমূহ নেতৃত্ব দিব পৰা কিছুমান ব্যক্তিৰ সৃষ্টি কৰা। Centre for Internet and Society - Access to Knowledge বা চমুকৈ CIS-A2K য়ে আয়োজন কৰা কৰা এই প্ৰশিক্ষণ কাৰ্যসুচী ২০১৩ চনৰ পৰা, মাজতে ২০১৪ চনটোক বাদ দি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে। এইবেলি ২৮ ফেব্ৰুৱাৰী ২০২০ৰ পৰা ১ মাৰ্চৰ পৰা অনুষ্ঠিত TTT2020ত (সপ্তম টিটিটি) মোকে ধৰি [[User:অজয় দাস|অজয় দাস]] আৰু [[User:নয়ন জ্যোতি নাথ|নয়ন জ্যোতি দাসনাথ]]- অসমীয়া ৱিকি প্ৰকল্পৰ মুঠ তিনিজনে অংশগ্ৰহণ কৰাৰ সুযোগ পালো। অসমীয়া ৱিকি প্ৰকল্পৰ ফালৰ পৰা আমাৰ এই তিনিজনীয়া দলটোৱে প্ৰথম TTTত অংশগ্ৰহণ কৰিছো। ইয়াৰ আগতে TTT2016লৈ [[User:SlowPhoton|অম্নান বসুমতাৰী]] নিৰ্বাচিত হৈছিল যদিও তেওঁ অংশগ্ৰহণ নকৰিলে।
 
এইবেলি অসমীয়া, [[ইংৰাজী ভাষা|ইংৰাজী]], [[হিন্দী ভাষা|হিন্দী]], [[মাৰাঠী ভাষা| মাৰাঠী]], পাঞ্জাৱী, গুজৰাটী, চাওতালী, সংস্কৃত, তামিল, তেলেগু, কানাড়ী আৰু টুলু ভাষাৰ ৱিকি প্ৰকল্পৰ লগতে ৱিকিভয়েজ আৰু ৱিকিডাটাৰ পৰা মুঠ ২৩জন সদস্যই অংশগ্ৰহণ কৰিছিল। TTTলৈ অহাৰ আগতে ৱিকিডাটা কি, তাৰ বিষয়ে মোৰ সামান্যতমো ধাৰণা নাছিল। এটা অতি ভাল লগা কথা হ’ল যে অম্নান বসুমতাৰীয়ে অসমীয়া ৱিকিৰ পৃষ্ঠাসমূহ ৱিকিডাটাৰ সৈতে সংযোগ কৰি উক্ত প্ৰকল্পটোলৈ বিশিষ্ট বৰঙনি আগবঢ়াই আছে।