কাৰ্ল মাৰ্ক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
39 নং শাৰী:
 
==উচ্চশিক্ষা==
বনত এবছৰ থকাৰ পাছত ১৮৩৬ চনত মাৰ্ক্সে বাৰ্লিন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে। প্ৰথমতে তেওঁ আইনী শিক্ষাৰ কথাই ভাবিছিল যদিও লাহে লাহে দৰ্শনৰ প্ৰতি তেওঁৰ মন ঢাল খাবলৈ ধৰিলে। প্ৰেমৰ কবিতা এৰি মাৰ্ক্সে এইবাৰ ভালকৈ পঢ়াশুনাত মনোযোগ দিলে। আইনৰ দৰ্শনৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে তেওঁ দৰ্শনৰ গূঢ় জগতখনত নিমগ্ন হৈ পৰিল। অৱশেষত তেওঁ মুখামুখি হলহ’ল সেই সময়ৰ শ্ৰেষ্ঠ দাৰ্শনিক ফ্ৰেডৰিক হেগেলৰ দৰ্শনৰ সৈতে। হেগেলেৰ ৰচনাৱলীয়ে মাৰ্ক্সৰ হৃদয়ত তীব্ৰ মানসিক তথা বৌদ্ধিক অন্তৰ্দ্বন্দ্ব সৃষ্টি কৰিলে। বন্ধু এজনলৈ লিখা চিঠি এখনত মাৰ্ক্সে ঘোষণা কৰিলে- ‘হেগেলৰ“হেগেলৰ ৰচনাসমূহ ৰুগ্ন, বীভৎস গদ্যৰ চূড়ান্ত নিদৰ্শন’।নিদৰ্শন”। কিন্তু তথাপিও শেহলৈশেষলৈ তেওঁ হেগেলৰ অনুগামী হিচাপেই পৰিচিত হ’ল।
 
মাৰ্ক্সৰ এই বৌদ্ধিক পৰিবৰ্তনপৰিৱৰ্তন কোনো আকস্মিক ঘটনা নাছিল। ১৮৩০ তথা ৪০ৰ দশকত জাৰ্মান-দৰ্শনৰ জগতখন সমকালীন ৰাজনীতিৰ সৈতে উতঃপ্ৰোতভাৱেওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। ৰাজনৈতিক ভাৱেৰাজনৈতিকভাৱে সেইসময়ত জাৰ্মানীখন বহুধাবিভক্ত আছিল; আৰ্থিক তথা সামাজিকভাৱে পিছপৰা তথা বহুতো ক্ষুদ্ৰ ৰজা মহাৰজাৰে ভৰা। সিবিলাকৰ ওপৰত আকৌ অষ্ট্ৰিয়া, প্ৰুছিয়া তথা ৰাছিয়াৰ প্ৰতিক্ৰিয়াশীল ‘পবিত্ৰ জোট’ৰ প্ৰতিপত্তি চলিছিল। কিন্তু বৌদ্ধিক দিশৰপৰা দেশখন যথেষ্ট আগুৱাই গৈছিল। ১৯ শতিকাৰ প্ৰথমছোৱা সময় জাৰ্মান দৰ্শনৰ সোণালী কাল বুলিয়েই ক’ব পাৰি; যেন সামাজিক-ৰাজনৈতিক অনগ্ৰসৰতাৰ ক্ষতিপূৰণ জাৰ্মানীয়ে বৌদ্ধিক উপলব্ধিৰ দ্বাৰাই কৰিব খুজিছিল। মাৰ্ক্সৰ ভাষাত- ‘আন আন দেশসমূহে ৰাজনৈতিক ভাৱেৰাজনৈতিকভাৱে যি উপলব্ধি লাভ কৰিছিল, সেইখিনি জাৰ্মানীয়ে কেৱল বিমূৰ্ত তত্ত্বৰ সহায়ত ভবা চিন্তাহে কৰিছিল’ (Collected Works, Vol. iii, পৃষ্ঠা ১৮১)
 
জাৰ্মান সমাজৰ এই অন্তৰ্বিৰোধসমূহ প্ৰতিফলিত হৈছিল দাৰ্শনিক হেগেলৰ চিন্তাধাৰাৰ মাজত। প্ৰথমতে হেগেল ফৰাচী বিপ্লৱৰ উগ্ৰ সমৰ্থক আছিল, পাছলৈ নেপোলিয়নপন্থী হৈ পৰিছিল আৰু শেহান্তৰত তেওঁ প্ৰতিক্ৰিয়াশীল প্ৰুছিয়ান ৰাষ্ট্ৰৰ পদলেহনকাৰীলৈ পৰিণত হৈছিল। হেগেলে মতপোষণ কৰিছিল যে প্ৰুছিয়ান ৰাষ্ট্ৰই হৈছে মানৱ বুদ্ধি (reason) -ৰ পৰম মূৰ্ত ৰূপ (embodiment) । ১৮৩০ৰ পৰা ১৮৪০ৰ দশকলৈকে তেওঁক প্ৰুছিয়ান ৰাষ্ট্ৰৰ চৰকাৰী দাৰ্শনিক বুলিয়েই ক’ব পৰা যায়। এই সময়ছোৱাত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সকলো বিশ্ববিদ্যালয়তে হেগেল অনুগামী দাৰ্শনিক-অধ্যাপকসকলে বিশেষ স্বীকৃতি লাভ কৰিছিল।
 
অৱশ্যে এই অৱস্থা বেছিপৰলৈকে একেই নাথাকিল। হেগেলৰ কেতবোৰ তৰুণ অনুগামীয়ে তেওঁৰ দাৰ্শনিক সূত্ৰসমূহৰ বৈপ্লৱিক ৰূপ দিবলৈ আৰম্ভ কৰিলে। হেগেলৰ মতে, বুদ্ধিৰ আন এটা নাম হৈছে ভগবান বা পৰমাত্মা (absolute spirit) । ইতিহাস হৈছে এই পৰমাত্মাৰ ক্ৰমান্বয়ে চেতন লাভ কৰাৰ যাত্ৰা, যাৰ ফলাফল হৈছে প্ৰটেষ্টাণ্ট ৰিফৰমেছন (Protestant Reformation) । তৰুণ হেগেলবাদীসকলে এই পৰমাত্মাক ‘মানব’ বুলি পুনঃসূত্ৰায়িত কৰিলে। অৰ্থাৎ এই নতুন সূত্ৰ মতে- ইতিহাস হৈছে মানুহে ক্ৰমান্বয়ে চেতনা লাভ কৰাৰ এক যাত্ৰা মাথো।মাথোঁ। এই তৰুণ হেগেলবাদীসকল বাওঁ হেগেলবাদী ৰূপেও জনাজাত হ’ল। তেওঁলোকৰ পুনঃসূত্ৰায়ণৰ ফলত হেগেলবাদী দৰ্শনৰ পৰা ভগবানৰ ধাৰণাটোৱে পলাই ফাট মেলিলে। অৱশ্যে হেগেলৰ দৰেই তেওঁলোকেও মানি ললেল’লে যে ৰাষ্ট্ৰ (State) বুদ্ধিৰ মূৰ্তমান ৰূপ হোৱা উচিত। কিন্তু লগতে তেওঁলোকে এইবুলিওএই বুলিও কলেক’লে যে প্ৰুছিয়ান ৰাজতন্ত্ৰই এই ভূমিকা পালন কৰিব পৰা নাই। এই তৰুণ হেগেলবাদীসকল নাস্তিক, উদাৰবাদী তথা যুক্তিবাদী আছিল। প্ৰথমতে তেওঁলোকে আশা কৰিছিল যে, যুবৰাজ ফ্ৰেডৰিক ৰজা হোৱাৰ পাছত প্ৰুছিয়ান ৰাষ্ট্ৰ ব্যৱস্থাৰ কেতবোৰ গণতান্ত্ৰিক সংস্কাৰ সাধন হব।হ’ব। পিছে ১৮৪০ চনত যুবৰাজে ৰজা হৈ পুনৰ একেই প্ৰতিক্ৰিয়াশীল নীতিসমূহ পালন কৰি যোৱাত তেওঁলোক ক্ৰমান্বয়ে যথাস্থিতি বিৰোধী তথা উগ্ৰ হৈ পৰিল।
 
এনে সময়তে মাৰ্ক্সে হেগেলৰ দৰ্শন গ্ৰহণ কৰিলে। সেইসময়ত বাৰ্লিন ডক্টৰছ ক্লাবত প্ৰায়ে তৰুণ হেগেলবাদীসকলৰ নিয়মীয়া বৈঠক অনুষ্ঠিত হৈছিল। মাৰ্ক্সে ততালিকে ক্লাবত যোগদান কৰিলে আৰু অতি সোনকালেই মহাশয় ক্লাবৰ এজন নিয়মীয়া সদস্য হৈ পৰিল। ক্লাবৰ সভ্যসকলৰ জীৱন ধাৰণৰ একো ঠিকনা নাছিল। প্ৰায়ে মদ খাই, তৰ্ক, বাক-বিতণ্ডাত মত্ত হৈ তেওঁলোকে জীৱন কটাইছিল। মাৰ্ক্সৰ দেউতাকৰ অভিযোগ মতে, ‘মোৰ“মোৰ লৰাটিয়ে সকলো প্ৰতিশ্ৰুতি আওকাণ কৰি কোনো ধনীৰ দুলালৰ দৰেই এবছৰতে প্ৰায় ৭০০ থেলাৰ মুদ্ৰা খৰচ কৰি পেলালে। অথচ ধনীতকৈ ধনী মানুহেও বছৰত ৫০০ থেলাৰমানহে খৰচ কৰে। ’কৰে।” ১৮৩৮ চনত দেউতাকৰ মৃত্যুৰ পাছত ঘৰৰ সৈতে মাৰ্ক্সৰ প্ৰায় সকলো সম্পৰ্কই ছিন্ন হৈ পৰিল। অৱশ্যে মাকৰ কৃপাত লৰাটিলৈ ধনৰ যোগাৰ ঠিকেই অব্যাহত থাকিল। সেই সময়ত মাৰ্ক্সৰ বন্ধু (ব্ৰুন’ বয়াৰৰ ভাতৃ) এদগাৰ বয়াৰ তথা এংগেলছে তেওঁৰ বেপৰোৱা জীৱন সম্পৰ্কে এটি ধেমেলীয়া কবিতা ৰচনা কৰিছিলঃকৰিছিল :
 
‘মানব“মানব নহয় ই জানিবা অসুৰ/ ত্ৰায়াৰ চহৰ মুখী ৰঙা বকাসুৰ/ খোজত নবহে হিয়া জাপতহে মন/ উৰ্ধ মুষ্টি বাহু পিশাচ আচৰণ/ অবিন্যস্ত কেশ সজ্জা বিকট বচন/ অশান্ত দেহা মন অসুৰ বিচৰণ’বিচৰণ”!!
 
এই সময়ছোৱাত মাৰ্ক্সৰ সপোন আছিল এজন প্ৰফেচনেল দাৰ্শনিক হোৱাৰ। তেওঁ ধ্ৰুপদী গ্ৰীক দাৰ্শনিকসকলৰ ৰচনাৱলীত মনোনিবেশ কৰিলে আৰু ১৮৪১ চনত ‘Difference Between the Democritean and Epicurean Philosophy of Nature’ শীৰ্ষক গৱেষণা পত্ৰ লিখি ডক্টৰেট ডিগ্ৰী লাভ কৰিলে। হেগেলৰ সুস্পষ্ট চাপ থকা সত্ত্বেও এই ৰচনাখনিতেই ভাববাদী দৰ্শনৰ প্ৰতি মাৰ্ক্সৰ লাহে লাহে মোহভংগ ঘটাৰ উমান পোৱা যায়। স্মৰ্তব্য যে মাৰ্ক্সৰ সেইকালৰ হেগেলবাদী বন্ধু ব্ৰুন’ বয়াৰৰ ৰচনাসমূহত ইতিমধ্যেই সকলো প্ৰক্ৰিয়াকে মানৱ চেতনালৈ পৰ্যৱসিত কৰি পেলোৱাৰ প্ৰৱণতা সুস্পষ্ট হৈ পৰিছিল। সিবিলাকৰ সৈতে মাৰ্ক্সৰ অসহমতি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে। আনফালে একে সময়তে প্ৰুছিয়ান সম্ৰাট ফ্ৰেদৰিক উইলিয়াম চতুৰ্থৰ দ্বাৰা উগ্ৰ তৰুণ হেগেলবাদীসকলৰ দমন প্ৰক্ৰিয়া আৰম্ভ হ’ল। ফ্ৰেদৰিকে তৰুণ হেগেলবাদীসকলৰ আলোচনী Hallische JahrbücherৰJahrbücher -ৰ প্ৰকাশন নিষিদ্ধ ঘোষণা কৰিলে আৰু হেগেলৰ পুৰণা শত্ৰু চেলিঙক ‘হেগেলবাদৰ শিপা উঘালিবলৈ’ বাৰ্লিন বিশ্ববিদ্যালয়ত দৰ্শনৰ অধ্যাপক ৰূপে নিযুক্তি দিলে। শেহত ১৮৪২ চনৰ মাৰ্চ মাহত বন বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদৰ পৰা ব্ৰুন’ বয়াৰকো বৰ্খাস্ত কৰা হ’ল। এইবোৰ ধাম-খুমিয়াৰ মাজতেই মাৰ্ক্সৰ প্ৰফেচনেল দাৰ্শনিক হোৱাৰ সপোনৰো অন্ত পৰিল।
 
==সাংবাদিকতা==