মিনীমাতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
tag
1 নং শাৰী:
{{unreferenced}}
[[চিত্ৰ:মিনীমাতা.jpg|thumb|মিনীমাতা]]
[[মিনীমাতা]]:(ইংৰাজী '''Minimata''', ১৯১৩-১৯৭২) : সৎনামী সমাজৰ গুৰুমাতা।
== জন্ম ==
[[সৎনামী]] সমাজৰ ত্ৰানকৰ্তা, গুৰুমাতাৰ পদ অলংকৃত কৰা [[অসম]] গৌৰৱ মমতাময়ী [[মিনীমাতা]]ৰ জন্ম ১৩ মাৰ্চ ১৯১৩ চনত দৌল উৎসৱৰ দিনা [[অসম]] ৰাজ‍্যৰ [[নগাঁও]] জিলাৰ [[কলিয়াবৰ]] মহকুমাৰ অন্তৰ্গত '''দলগাঁও (বামুণভেটি)'''গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম '''অজেংগ''' আৰু মাতৃৰ নাম আছিল '''মতীবাই'''। পিতৃ অজেংগ [[চীন]] দেশৰ মংগোলীয় গোষ্ঠীৰ লোক আছিল। বানপানীৰ কবলত পৰি তেওঁ ব্ৰহ্মপুত্ৰ‌ই দি আহি চিকনী চাহ বাগিচাত কৰ্মৰত আছিল। [[মিনীমাতা]]ৰ পূৰ্বপুৰুষ [[ছতীশগঢ়]] ৰাজ‍্যৰ বাসিন্দা আছিল। ১৮৫৩, ১৮৫৬, ১৮৬৬ আৰু ১৮৬৭ চনত ছতীশগঢ়ত অকাল-দুৰ্ভিক্ষ‌ই দেখা দিছিল। ফলস্বৰূপে মিনীমাতাৰ ককা '''আধাৰী সৎনামী''' আৰু আইতাক '''বুধিয়াৰীনে''' তিনিগৰাকী কন‍্যা সন্তান সহ বাগানৰ ঠিকাদাৰ এজনৰ তলত কৰ্মসূত্ৰে অসমলৈ আহে। কিছুদিন পাছত মিনীমাতাৰ মাতৃ মতীবাইৰ অজেংগৰ লগত বিয়া হয় আৰু তিনিগৰাকী সন্তানৰ জন্ম দিয়ে। কিন্তু তিনিওগৰাকী সন্তান পাৰিবাৰিক কন্দলৰ বলি হৈ মৃত্যুক সাৱটিব লগা হোৱাত মতীবাই দুখত ভাগি পৰে। পুনৰ চতুৰ্থবাৰ গৰ্ভৱতী হোৱাত তেওঁ পাৰিবাৰিক অশান্তিৰ ফলত চিকনী বাগানৰ পৰা পোনে পোনে [[কলিয়াবৰ]]ৰ মধ‍্যস্থল '''দলগাঁও (বামুণভেটি)''' গাঁৱলৈ সম্বন্ধীয় মাহীয়েকৰ ঘৰত আশ্ৰয় লয় আৰু তাতেই [[মিনীমাতা]]ৰ জন্ম হয়।
== বাল‍্যকাল আৰু শিক্ষা ==
[[মিনীমাতা]]ৰ বাল‍্যকালৰ নাম '''মিনী''' তথা '''মিনাক্ষী''' আছিল। জন্মৰ কিছুদিন পিছতেই দেউতাক অজেংগ নিজ গৃহভূমি [[চীন]] দেশলৈ যাবলগীয়া হোৱাত মাক মতীবাই আৰু মিনীক মাহীয়েকৰ ঘৰতেই থাকিব লগা হয়। ১৯১৪ চনত হোৱা '''প্ৰথম বিশ্বযুদ্ধ'''ৰ কাৰণে তেওঁৰ পিতৃ অজেংগ নিজ গৃহভূমিতেই থাকিব লগা হয় আৰু তেওঁ পিছলৈ উভতি নাহিল। কিছুদিন পাছত [[সৎনামী]] সমাজৰ '''ৰাজ মাহান্ত''' বুধাৰী সৎনামী যমুনামুখৰ ওচৰৰ খটখটি গাঁৱৰ পৰা সামাজিক সংগঠনৰ কামত ১৯১৭ চনত দলগাঁৱলৈ আহে। সভাত মিনীমাতাৰ মাতৃ মতীবাইৰ লগত তেওঁৰ সাক্ষাৎ হয়। মতীবাইৰ দুখৰ কথা শুনি তেওঁ দুয়োকে নিজৰ ঘৰলৈ লৈ যায় আৰু আশ্ৰয় দিয়ে। তাতেই ১৯২০ চনত '''যমুনামুখ প্ৰাইমেৰী স্কুল'''ত '''মিনাক্ষী'''ৰ নামভৰ্তি হয়। প্ৰাথমিক শিক্ষা শেষ কৰি '''নগাঁও বালিকা বিদ‍্যালয়'''ৰ পৰা নৱম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিলে।
"https://as.wikipedia.org/wiki/মিনীমাতা"ৰ পৰা অনা হৈছে