বাগ্‌ধ্বনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
→‎বৰ্ণ, অক্ষৰ আৰু আখৰ: বিষয়টো অধিক স্পষ্ট কৰি তুলিবলৈ হিন্দী আখৰৰ সহায় লোৱা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
242 নং শাৰী:
 
==বৰ্ণ, অক্ষৰ আৰু আখৰ==
বৰ্ণমালাৰ বৰ্ণবোৰ একো একোটা চিহ্ন বিশেষ; এই বৰ্ণবোৰক আখৰ কোৱা হয়। শ্ৰৱণেন্দ্ৰিয়ৰে শুনা স্তৰত যিটো শ্ৰূয়মাণ বৰ্ণ, চাক্ষুষ অৰ্থাৎ দৃশ্যমান স্তৰত সেইটোৱেই আখৰ। বৰ্ণই প্ৰকাৰান্তৰে আখৰ, আৰু আখৰে প্ৰকাৰান্তৰে বৰ্ণ।<ref group="টোকা" name="footnoteA">বৰ্ণবিজ্ঞানৰ মতে বৰ্ণ উচ্চাৰিত হ’ব নোৱাৰে। বৰ্ণ এটা অমূৰ্ত ৰূপ (abstraction); বৰ্ণৰ অন্তৰ্গত ধ্বনিহে (allophone) মানুহৰ মুখত উচ্চাৰিত হয়। সেই কাৰণে, বৰ্ণৰ শ্ৰূয়মাণ গুণ বা তেনে কথা ওলালে বৰ্ণৰ উচ্চাৰণাত্মক গুণৰ কথা কোৱা হৈছে বুলি বুজিব লাগে। </ref><ref name="abmb">{{cite book|title=অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ | author=গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ | year=2017 | pages=57-83 | accessdate=10 june 2020}}</ref>
 
অসমীয়া আখৰ শব্দটো সংস্কৃত অক্ষৰ শব্দৰ পৰা ওলাইছে যদিও দুয়োটা শব্দৰ অৰ্থ একে নহয়। অক্ষৰ শব্দই syllable বুজায়। এটা মাথোন হৃদস্পন্দন উচ্চাৰিত ধ্বনি বা ধ্বনিসমষ্টিকে অক্ষৰ বোলে।<ref name="abmb"/>
 
'বৰ্ণ', 'অক্ষৰ' আৰু 'আখৰ' এই তিনিওটা প্ৰকৃতপক্ষে বেলেগ। সংস্কৃত ভাষাত বৰ্ণসূচক আখৰবোৰে একোটা একোটা অক্ষৰৰো প্ৰতিনিধিত্ব কৰে; অৰ্থাৎ সংস্কৃতৰ আখৰবোৰ অক্ষৰো। উদাহৰণস্বৰূপে, স্বৰ বৰ্ণমালাৰ , , , আদি প্ৰত্যেকটোৱেই একো একোটা বৰ্ণ আৰু একো একোটা অক্ষৰ; অসমীয়া মতে ইহঁতৰ প্ৰত্যেকেই একো একোটা আখৰ; ইহঁত অৱশ্যে অক্ষৰো। ব্যঞ্জন বৰ্ণমালাৰ ক্ষেত্ৰত সুকীয়া। যেনে-
(क), খ (ख), গ (ग), ঘ (घ) আদি প্ৰত্যেকেই একো একোটা অক্ষৰহে; কিয়নো ইহঁতৰ প্ৰত্যেকতে 'অ' -স্বৰ যুক্ত হৈ থাকে। যেনে- ক=ক্‌অ (क=क्अ), খ=খ্‌অ (ख=ख्अ), গ=গ্‌অ (ग=ग्अ), ঘ=ঘ্‌অ (घ=घ्अ) ইত্যাদি। ব্যঞ্জন বৰ্ণৰ আখৰবোৰত দুটাকৈ বৰ্ণ নিহিত হৈ থাকে। এটা হ’ল ব্যঞ্জন বৰ্ণ আৰু আনটো অ -স্বৰ বৰ্ণ।<ref name="abmb"/>
 
হলন্ত আখৰবোৰহে প্ৰকৃতপক্ষে সংস্কৃত ভাষাত একাকী বৰ্ণ; অৰ্থাৎ क এটা অক্ষৰ আৰু क् এটা বৰ্ণ।<ref name="abmb"/>