তুলসীদাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
18 নং শাৰী:
== তুলসীদাসৰ ৰচনা ==
গোস্বামী তুলসীদাসে হিন্দী ৰামকাৱ্য ৰচনাৰ ক্ষেত্ৰত মহত্ত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। হিন্দী ৰামভক্তিধাৰাত বহুকেইজন কবি আছে যদিও তুলসীদাসৰ বাবে ৰাম ভক্তিধাৰাই সাহিত্যিক মহত্ত্ব লাভ কৰিছে।
তুলসীদাসৰ ৰচনাৰ ভিতৰত ৰামচৰিত-মানস, বৰৱৈ ৰামায়ণ, ৰামগীতাৱলী, বিনয়পত্ৰিকা, কবিতাৱলী, ৰামাজ্ঞাপ্ৰশ্ন, জানকীমংগল আৰু দোহাৱলী আদি অন্য়তম। এইবিলাকৰ ভিতৰত অধিক প্ৰসিদ্ধ আৰু জনপ্ৰিয় ৰামচৰিতমানসেই এখন পূৰ্ণাংগ কাব্য। বাকীবিলাকত ৰামকথাৰ অংশবিশেষহে বৰ্ণনা কৰা আছে। ধৰ্মীয় আৰু সাহিত্যিক উভয় দৃষ্টিতেই ‘ৰামচৰিত- মানস মহত্ত্বপূৰ্ণ। ৰামভক্তিৰ বিকাশতো এই গ্ৰন্থৰ অৱদান অনন্য। তুলসী-ৰামচৰিতমানসত নানা ঠাইৰপৰা ৰামকথাৰ বিভিন্ন সম্ভাৰ প্ৰয়োগ কৰিছে। ৰাম-চৰিতমানসত তুলসীদাসে স্বকীয় কৱিসুলভ কলা-কৌশল খটুৱাই ৰাম- ভক্তিৰ এক সুন্দৰ ৰূপ সৃষ্টি কৰিছে। বাণ্মীকীয় ৰামায়ৰ বাহিৰেও অন্য ৰামায়ণ সাহিত্যৰ দ্বাৰা কবিজন প্ৰভৱিত হোৱা কাৰণে তেওঁৰ বিভিন্ন ৰচনাত একেটা কাহিনীকে বিভিন্ন ধৰণে পোৱা যায়। ৰামচৰিত-মানসৰ কাহিনী ভাগত ঘাইকৈ সংস্কৃত অধ্যাত্ম ৰামায়ণ আৰু জয়দেৱৰ প্ৰসন্নৰাঘৱ নাটকৰ প্ৰভাৱ পৰিছে।<ref>{{cite book |last1=মহন্ত |first1=কেশদা |title=অসমীয়া ৰাময়ণী সাহিত্য কথাবস্তুৰ আঁতিগুৰি |date=২০১১ |publisher=বেদকণ্ঠ |page=৩৮}}</ref> ছাৰ জৰ্জ গ্ৰিয়েৰছনে তুলসীদাসৰ ৰামচৰিত মানসৰ বিষয়ে কৈছে যে গোটেই ইংলেণ্ডখনত বাইবেলখনৰ যিমান প্ৰভাৱ, বেংগল, পাঞ্জাবপঞ্জাব, হিমালয়, বিন্ধ্য আৰু মধ্য প্ৰদেশত এই ৰামায়ণখনৰ প্ৰভাৱ ততোধিক। একে মতামত গ্ৰিফিথ নামৰ এজন বিদ্বানৰ মতেও ভাৰতৰ উত্তৰ-পশ্চিম অঞ্চলবিলাকত তুলসীদাসৰ ৰামায়ণৰ প্ৰভাৱ, জনপ্ৰিয়তা আৰু সন্মান ইংলেণ্ডত বাইবেলৰ জনপ্ৰিয়তা আৰু প্ৰভাৱতকৈও বেছি। পৃথিৱীৰ বিভিন্ন ভাষালৈ ৰামচৰিত মানসৰ অনুবাদ হৈছে।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:কবিভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় কবি]]
"https://as.wikipedia.org/wiki/তুলসীদাস"ৰ পৰা অনা হৈছে