কথা কবিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
{{Stub}}
'''কথা কবিতা''' হৈছে কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, ঘাইকৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাক '''কথা-কবিতা''' আখ্যা দিয়া হয়।ৰচনা। এনে ৰচনাৰ বাবে লেখকৰ মননশীলতা, অনুভূতিশীলতা আৰু ভাষাৰ ওপৰত দখল থকা প্ৰয়োজন। ড॰ বাণীকান্ত কাকতিৰ মতে, 'কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন।মাথোঁন। ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্ত কৰি তোলাটো। কথা-কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা। কথা-কবিতাত এটি মাথোঁ কেন্দ্ৰস্থ ভাৱভাব থাকে আৰু সেই ভাৱকভাবক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনকৰিবলগীয়া কথা যে কথা-কবিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কবিতা এবিধ কবিতাই। কিন্তু কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোন। ' <!--(যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা'ৰ পাতনি‍)। --> বাণীকান্তই কথা-কবিতাৰ 'প্ৰাথমিক উদ্দেশ্য চিত্ৰ'বুলি কোৱা কথাকথাৰ সমৰ্থন কৰিও, এই কথা উল্লেখ কৰিব লাগিব যেলগতে চিত্ৰৰ ভাবানুষংগ আৰু তাৰ প্ৰগাঢ়তাও কথা-কবিতাত সমানেই গুৰুত্বপূৰ্ণ। যিকোনো সাহিত্যতে কথা-কবিতা সংখ্যাত অতি তাকৰীয়া। ৰুচ লেখক টুৰ্গেনিভৰ কথা-কবিতাৰ সংকলনে ইংৰাজী অনুবাদত ব্যাপক সমাদৰ লাভ কৰিছিল। আলেকজেণ্ডাৰ ছলঝ‍েনিৎছিনেও কথা-কবিতা লিখিছে। লেবাননৰ কবি খলিল জিব্ৰানৰ কথা-কবিতা কিছুমান ইংৰাজীলৈ অনূদিত হৈছে। সেইবোৰৰ ভাব আৰু অনুভূতিৰ প্ৰগাঢ়তা, ভাষাৰ স্নিগ্ধতা আৰু কোমলতাই পাঠকৰ অন্তৰ স্পৰ্শ কৰে। অসমীয়া সাহিত্যত যতীন্দ্ৰনাথ দুৱৰাৰ 'কথা-কবিতা' এই ভাষাৰ এক অমৰ কীৰ্তি আৰু যিকোনো মানদণ্ডৰেই এক বিশিষ্ট সাহিতি‍্যকসাহিত্যিক সৃষ্টি। ফৰাচী কবি বডলেয়াৰৰ (Baudelair,১৯২১-৬৭) Petit poems on fore কথা কবিতাৰ আন এক সুন্দৰ নিদৰ্শন। <ref>ড॰ প্ৰফুল্ল কটকী সম্পাদিত '''সাহিত্য আৰু সংজ্ঞা''' গ্ৰন্থৰ পৰা উদ্ধৃত</ref>
==তথ্য সংগ্ৰহ==
 
==তথ্য  সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:সাহিত্য]]
"https://as.wikipedia.org/wiki/কথা_কবিতা"ৰ পৰা অনা হৈছে