অণুবীক্ষণ যন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
পৰিষ্কাৰকৰণ
8 নং শাৰী:
|related = [[আলোক অণুবীক্ষণ যন্ত্ৰ]] [[ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰ]]
}}
[[Fileচিত্ৰ:Old-microscopes.jpg|thumb|18th century microscopes from the [[Musée des Arts et Métiers]], [[Paris]]]]
[[Imageচিত্ৰ:MicroscopesOverview.svg|thumb|অণুবীক্ষণ যন্ত্ৰৰ প্ৰকাৰ]]
'''অণুবীক্ষণ যন্ত্ৰ''' ({{Lang-en|Microscope}}) [[জীৱবিজ্ঞান]] অধ্যয়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ যন্ত্ৰ। অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰ হোৱাৰ পিছতহে জীৱদেহ সৃষ্টিকাৰী [[কোষ]]বোৰৰ বিষয়ে জানিব পৰা গৈছে। অণুবীক্ষণ যন্ত্ৰসমূহত ব্যৱহাৰ কৰা [[পোহৰ]]ৰ উৎসৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগাব পাৰি: আলোক অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|Light microscope}}), ৰঞ্জন ৰশ্মি অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|X-ray microscope}}) আৰু ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|Electron microscope}})।<ref name="গ্ৰন্থ ১"> "উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে, বীণা লাইব্ৰেৰী, কলেজ হোষ্টেল ৰোড, পানবজাৰ, গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ৪৪। </ref>
 
== আলোক অণুবীক্ষণ যন্ত্ৰ ==
[[চিত্ৰ:Bacteria photomicrograph.jpg|right|thumb|আলোক অণুবীক্ষণযন্ত্ৰত দেখা পোৱা বেক্টেৰিয়াৰ চিত্ৰ]]
যিবোৰ অণুবীক্ষণ যন্ত্ৰত সাধাৰণ পোহৰ ৰশ্মি ব্যৱহাৰ কৰি লক্ষ্যবস্তু পোহৰান্বিত ({{Lang|en|illuminate}}) কৰা হয় সেইবোৰক আলোক অণুবীক্ষণ যন্ত্ৰ বোলে। কেইটামান আলোক অণুবীক্ষণ যন্ত্ৰ:
40 নং শাৰী:
এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত দুটা পোহৰ ৰশ্মি ব্যৱহাৰ কৰা হয়। এটা পোহৰ ৰশ্মি লক্ষ্যবস্তুৰ মাজেৰে আৰু আনটো লক্ষ্যবস্তুৰ কাষেৰে গতি কৰে। এই দুয়োটা পোহৰ ৰশ্মি লক্ষ্যবস্তুৰ ওপৰৰ ফালে আহি মিলিত হয়। ফলত লক্ষ্যবস্তুৰ প্ৰতিসৰণাংক ({{Lang|en|refractiv index}}) ৰ ওপৰত নিৰ্ভৰ কৰি বিপৰ্যাস্য ({{Lang|en|contrast}}) প্ৰতিবিম্ব এটাৰ সৃষ্টি হয়। গতিকে লক্ষ্যবস্তুৰ সঠিক আকাৰ এই অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰ্ণয় কৰিব পাৰি।
 
== ৰঞ্জন ৰশ্মি অণুবীক্ষণ যন্ত্ৰ ==
এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত তৰংগ দৈৰ্ঘ্যৰ [[ৰঞ্জন ৰশ্মি]] ব্যৱহাৰ কৰা হয়। ৰঞ্জন ৰশ্মিৰ প্ৰৱেশ ক্ষমতা ({{Lang|en|penetration}}) সাধাৰণ পোহৰতকৈ অধিক। সেয়েহে এই ৰশ্মি ব্যৱহাৰ কৰি অতি ক্ষুদ্ৰ জৈৱিক পদাৰ্থবোৰৰ গঠনো নিৰ্ণয় কৰিব পাৰি। কোষৰ সূক্ষ্ম তথা বৃহৎ অণুবোৰৰ ত্ৰি-মাত্ৰিক ({{Lang|en|three dimensional}}) আকৃতি পৰ্যৱেক্ষণৰ বাবে এনেধৰণৰ অণুবীক্ষণ যন্ত্ৰ অতি উপযোগী। এই যন্ত্ৰৰ সহায়ত [[লাইছ'জ'ম]] ({{Lang|en|lysosome}}), [[হিম’গ্ল’বিন]], [[ডি এন এ]] আদিৰ আকৃতি নিৰ্ণয় কৰিব পাৰি।<ref name="গ্ৰন্থ ১"/>
 
== ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ ==
ইলেকট্ৰেন অণুবীক্ষণ যন্ত্ৰত লক্ষ্যবস্তু উদ্ভাসিত কৰিবলৈ ইলেকট্ৰন ৰশ্মি ব্যৱহাৰ কৰা হয়। এই ইলেকট্ৰনৰ উৎস হ'ল বিদ্যুত শক্তিৰদ্বাৰা উত্তপ্ত কৰা টাংষ্টেন ধাতুৰ তন্তু ({{Lang|en|tungsten}})। ইলেকট্ৰনবোৰ হ'ল আধানিত কণা ({{Lang|en|charged particle}}), গতিকে সিহঁতে চৌম্বিক ক্ষেত্ৰৰ প্ৰতি বিশেষ সঁহাৰি জনায়। ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰত কাঁচৰ সংঘনক ({{Lang|en|condenser}}) ৰ পৰিৱৰ্তে শক্তিশালী [[চুম্বক]] ব্যৱহাৰ কৰা হয়।
 
50 নং শাৰী:
ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ দুইধৰণৰ: সংচাৰণ ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|transmission electron microscope}}) আৰু স্কেনিং ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ ({{Lang|en|scanning electron microscope}})। স্কেনিং ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰ হ'ল ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰৰ উন্নত ৰূপ।
 
== তথ্য সংগ্ৰহ ==
{{Reflist}}
 
== বাহ্যিক সংযোগ ==
{{commons category|Microscopes|অণুবীক্ষণ যন্ত্ৰ}}
* [[b:Botany/Microscopy laboratory|Microscopy laboratory]] in: ''A Study Guide to the Science of Botany'' at Wikibooks
* [http://www.nature.com/milestones/milelight/index.html Milestones in Light Microscopy], ''Nature Publishing''
* [http://www.micro.magnet.fsu.edu/primer/faq.html FAQ on Optical Microscopes]
* [http://www.microscopyu.com Nikon MicroscopyU, tutorials from Nikon]
* [http://micro.magnet.fsu.edu/index.html Molecular Expressions : ''Exploring the World of Optics and Microscopy'', Florida State University.]
* [http://www.nature.com/nm/journal/v13/n10/full/nm1007-1128a.html ''Microscopes made from bamboo''] at Nature.com
* [http://www.histology-world.com/microscope/audiomicroscope/audiomicroscope.htm Audio microscope glossary]
* [http://nmhm.washingtondc.museum/microscope/index.html ''Billings Microscope Collection Catalogue, National Museum of Health and Medicine.'']
 
[[শ্ৰেণী:সঁজুলি‎সঁজুলি]]