অশোক স্তম্ভ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৰিষ্কাৰকৰণ
 
1 নং শাৰী:
'''অশোক স্তম্ভ''' ({{lang-en|Emblem of India}}) সম্ৰাট [[অশোক|অশোকে]] [[উত্তৰ প্ৰদেশ]]ৰ সাৰনাথত নিৰ্মাণ কৰোৱা প্ৰসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীৰ্ষত থকা যৌথ 'সিংহমূৰ্ত্তি'। স্তম্ভটোৰ শীৰ্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূৰ্ত্তি আছে। এই শিলৰ মূৰ্ত্তিটোকে [[ভাৰত]]ৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে।<ref name=ki>http://www.india.gov.in/knowindia/national_symbols.php?id=9 State Emblem, Know India india.gov.in</ref>
[[Fileচিত্ৰ:India 1947 Ashoka Lions 1 and half annas.jpg|thumb|right|200px|ডাক টিকটত অশোক স্তম্ভ]]
== অবয়ৱ ==
অশোক স্তম্ভত চাৰিটা সিংহ পিঠিয়া-পিঠিকৈ আছে যদিও এটা সিংহ পিছফালে থকা বাবে যিকোনো ফালৰ পৰা তিনিটা সিংহহে চকুত পৰে। একেডোখৰ শিলতে কাটি উলিওৱা অশোক স্তম্ভৰ শীৰ্ষত সিংহ চাৰিটা এখন বেদীৰ ওপৰত পিঠিয়া-পিঠিকৈ থিয় হৈ আছে।<ref>{{ cite web | url = http://mha.nic.in/pdfs/STATE_EMBLEM_ACT2005.pdf | format=PDF |title = The State Emblem Of India (Prohibition Of Improper Use) Act, 2005 | date = 2005-12-20 | accessdate = 2012-04-15 | page = 4}}</ref> এপাহ ঘণ্টাকৃতি পদুম ফুলৰ ওপৰত প্ৰতিষ্ঠিত স্তম্ভটোৰ বেদীৰ গাত খোদিত কৰা আছে এটা হাতী, এটা দৌৰি থকা ঘোঁৰা, এটা ষাঁড় গৰু আৰু এটা সিংহ। চাৰিটা চক্ৰই জন্তুকেইটাক পৰস্পৰৰ লগত পৃথক কৰি ৰাখিছে। এই চক্ৰৰ নাম ''[[অশোক চক্ৰ]]'' বা ''ধৰ্ম চক্ৰ''। ২৪ ডাল দাণ্ডি থকা অশোক চক্ৰই [[ভাৰতৰ জাতীয় পতাকা]]তো ঠাই পাইছে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বগা অংশত নীলাৰে অংকিত এই অশোক চক্ৰৰ ২৪ ডাল দাণ্ডিয়ে [[বৌদ্ধ ধৰ্ম|বৌদ্ধ]] দৰ্শনৰ ২৪টা আদৰ্শক বুজায়।
 
== ইতিহাস ==
সম্ৰাট অশোকে নিজৰ বৌদ্ধ ধৰ্মাৱলম্বী পত্নী সম্ৰাজ্ঞী বিদিশা দেৱীৰ পৰামৰ্শক্ৰমে সাৰনাথৰ যিখন ঠাইত [[গৌতম বুদ্ধ]]ই প্ৰথম দীক্ষা দিছিল তাক যুগমীয়া কৰা তথা চিহ্নিত কৰাৰ উদ্দ্যেশ্যৰে ঠাইডোখৰত স্তম্ভ স্থাপন কৰাৰ লগতে বৌদ্ধ সংঘ প্ৰতিষ্ঠা কৰিছিল।
 
১৯০৫ চনত পুৰাতত্ব বিভাগৰ খননত এই অশোক স্তম্ভটো উদ্ধাৰ হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰে।<ref name=ki /> প্ৰতীকটোত সিংহ তিনিটাৰ উপৰিও তলৰ সোমাজত অশোক চক্ৰ; চক্ৰটোৰ সোঁফালে এটা ষাঁড়আৰু বাওঁফালে এটা ঘোঁৰা দেখা যায় । ৰাষ্ট্ৰীয় প্ৰতীকটোত মূল স্তম্ভৰ তলত থকা পদুম পাহ বাদদি তাৰ ঠাইত [[মুণ্ডক উপনিষদ]]ৰ পৰা লোৱা "সত্যমেৱ জয়তে" (সত্যৰ সদায় জয় )<ref>{{ cite web | url = http://rajyasabha.nic.in/book2/reports/home_aff/116threport.htm | title = Rajya Sabha Parliamentary Standing Committee On Home Affairs: 116th Report on The State Emblem Of India (Prohibition Of Improper Use) Bill, 2004}}{{404|date = April 2012}}</ref> কথাফাঁকি দেৱনাগৰী লিপিত লিখা হৈছে।<ref>{{cite court|litigants=Kamal Dey v. Union of India and State of West Bengal| court= Calcutta High Court | url = http://mha.nic.in/pdfs/WP-No.32027W.pdf| format = PDF | date = 2011-07-14 | page = 1 | accessdate = 2012-04-16 }}</ref>
 
মূল অশোক স্তম্ভটোক সাৰনাথৰ যাদুঘৰত সংৰক্ষণ কৰা হৈছে । ইয়াৰ উচ্চতা ২ মিটাৰৰো অধিক ।
17 নং শাৰী:
 
* [ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ ]
 
 
[[শ্ৰেণী:ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক]]