গৱেষণা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
10 নং শাৰী:
গৱেষণাৰ প্ৰাথমিক উদ্দেশ্যবোৰ হৈছে মানৱ জ্ঞানৰ উন্নতিৰ বাবে পদ্ধতি আৰু প্ৰণালীৰ নথিপত্ৰ, আৱিষ্কাৰ, ব্যাখ্যা, আৰু বিকাশ। বহুতো গৱেষক সন্মত যে বৈজ্ঞানিক গৱেষণাৰ লক্ষ্যবোৰ হৈছে: বিৱৰণ, পূৰ্বানুমান, ব্যাখ্যা, আৰু প্ৰয়োগ। <ref>MANUAL ON GOOD PRACTICES IN EXTENSION RESEARCH & EVALUATION, file:///Users/Jonali/Downloads/MANUAL-GoodPracticesinExtnResEvln-L.pdf</ref>কিছুমান ব্যক্তিয়ে লক্ষ্যৰ তালিকাত নিয়ন্ত্ৰণ আৰু প্ৰয়োগো যোগ দিয়ে।<ref>https://psychcentral.com/blog/understanding-research-methodology-3-goals-of-scientific-research#1</ref>
 
==গৱেষণাৰ প্ৰকাৰ==
 
'''মূল গৱেষণা''', যাক প্ৰাথমিক গৱেষণা বুলিও কোৱা হয়, হৈছে গৱেষণা যি কেৱল গৱেষণাৰ বিষয়ত আগৰ প্ৰকাশনৰ সাৰাংশ, সমীক্ষা বা সংশ্লেষণৰ ওপৰত আধাৰিত নহয়। এই সামগ্ৰীটো প্ৰাথমিক-উৎস চৰিত্ৰৰ। মূল গৱেষণাৰ উদ্দেশ্য হৈছে চলিত জ্ঞানক এক নতুন ৰূপত উপস্থাপন কৰাৰ সলনি নতুন জ্ঞান প্ৰস্তুত কৰা। <ref>{{cite web|title=What is Original Research? Original research is considered a primary source |url=http://www.unf.edu/library/guides/originalresearch.html|publisher=Thomas G. Carpenter Library, University of North Florida|access-date=9 August 2014|archive-url=https://web.archive.org/web/20110709085129/http://www.unf.edu/library/guides/originalresearch.html|archive-date=9 July 2011}}</ref><ref>{{Cite book|url=https://books.google.com/books?id=XlIH4R9Z_k8C&pg=PT75|title=Schaum's Quick Guide to Writing Great Research Papers|first=Laurie|last=Rozakis|date=2007|publisher=McGraw Hill Professional|via=Google Books|isbn=978-0071511223}}</ref>
মূল গৱেষণাই কেইবাটাও ৰূপ ল'ব পাৰে, ই বিষয় বা ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰে। পৰীক্ষামূলক কামত সাধাৰণতে প্ৰত্যক্ষ বা পৰোক্ষ পৰ্যৱেক্ষণ অন্তৰ্ভুক্ত কৰা হয়। যেনে পৰীক্ষাগাৰত পৰীক্ষা বা পৰীক্ষাৰ সংহতিৰ পদ্ধতি, ফলাফল, আৰু উপসংহাৰ নথিভুক্ত কৰে, বা পূৰ্বৱৰ্তী ফলাফলবোৰৰ এক নতুন ব্যাখ্যা প্ৰদান কৰে। বিশ্লেষণাত্মক কামত, সাধাৰণতে কিছুমান নতুন (উদাহৰণ স্বৰূপে) গাণিতিক ফলাফল উৎপন্ন হয়, বা চলিত সমস্যা এটাৰ সমাধান বিছাৰিবলৈ এক নতুন উপায় ওলিওৱা হয়।। কিছুমান বিষয়ত যʼত এনে ধৰণৰ পৰীক্ষা-নিৰীক্ষা বা বিশ্লেষণ নাথাকে,এজন গৱেষকৰ কামৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি সাম্প্ৰতিক পৰিস্থিতিক পুনৰ ব্যাখ্যা কৰা হয়।<ref>{{cite web |url=http://www.aare.edu.au/09pap/li091380.pdf |title=Early career researcher originality: Engaging Richard Florida's international competition for creative workers |first=Michael |last=Singh |author2=Li, Bingyi |date=6 October 2009 |publisher=Centre for Educational Research, University of Western Sydney |page=2 |archive-url=https://web.archive.org/web/20110410083715/http://aare.edu.au/09pap/li091380.pdf |archive-date=10 April 2011 |url-status=live |access-date=12 January 2012 |df=dmy-all }}</ref> এটা গৱেষণাৰ মৌলিকতাৰ পৰিমাণ আৰু সাধাৰণতে সহকৰ্মী সমীক্ষাৰ (peer review) জৰিয়তে বৈজ্ঞানিক আলোচনীত প্ৰবন্ধবোৰৰ প্ৰকাশ হয়।<ref>{{Cite journal |last1=Callaham |first1=Michael |last2=Wears|first2= Robert|last3=Weber|first3=Ellen L. |title=Journal Prestige, Publication Bias, and Other Characteristics Associated With Citation of Published Studies in Peer-Reviewed Journals |journal=JAMA |volume=287 |issue=21 |pages=2847–50 |year=2002 |doi=10.1001/jama.287.21.2847|pmid=12038930 |doi-access=free }}</ref>
 
'''বৈজ্ঞানিক গৱেষণা''' হৈছে তথ্য সংগ্ৰহ কৰা আৰু কৌতূহল গুছোৱাৰ এক প্ৰণালীবদ্ধ উপায়। এই গৱেষণাই পৃথিৱীত ঘটি থকাকিছু প্ৰকৃতি আৰু গুণাগুণৰ ব্যাখ্যাৰ বাবে বৈজ্ঞানিক তথ্য আৰু তত্ত্ব প্ৰদান কৰে। বৈজ্ঞানিক গৱেষণা ৰাজহুৱা কৰ্তৃপক্ষ বা সংগঠন বা আৰু ব্যক্তিগত গোটৰ দ্বাৰা পুঁজি যোগান ধৰা হয়, যাৰ ভিতৰত আছে বহুতো কোম্পানী। বৈজ্ঞানিক গৱেষণাক তেওঁলোকৰ শৈক্ষিক আৰু প্ৰয়োগ শাখা অনুসৰি বিভিন্ন শ্ৰেণীবিভাজনত বিভক্ত কৰিব পাৰি।
 
==গৱেষণাৰ বৈশিষ্ট্য==
"https://as.wikipedia.org/wiki/গৱেষণা"ৰ পৰা অনা হৈছে