তৰুণ ৰাম ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মৃত্যু: তাৰিখ শুদ্ধ কৰিলো
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
1 নং শাৰী:
{{refimprove}}
{{Infobox person
| name = দেশভক্ত তৰুণ ৰাম ফুকন
| image = Tarunram_phukan.jpg
| image_size = 200px
| alt =
| caption =
| pseudonym = দেশভক্ত
| birth_date = ১৮৭৭ চন
| birth_place = [[ভৰলুমুখ]], [[গুৱাহাটী]], [[অসম]]
| death_date = ১৯৩৯ চন
| death_place =
| occupation = ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা
| language = [[অসমীয়া]]
| notableworks =
| spouse = বিদ্যুৎপ্ৰভা
| partner =
| children =
| relatives =
| influences =
| influenced =
| awards =
| signature =
}}
'''দেশভক্ত তৰুণ ৰাম ফুকন''' ({{Lang-en|Tarun Ram Phookun)'''Phukan}}; (১৮৭৭ - ১৯৩৯) ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা আছিল। তেখেত এগৰাকী সুদক্ষ বক্তা আছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক '''দেশভক্ত''' উপাধিৰে বিভূষিত কৰা হয়।
 
==জন্ম আৰু শিক্ষা==
[[গুৱাহাটী]]ৰ [[ভৰলুমুখ]]ত ১৮৭৭ চনৰ ২২ জানুৱাৰীত তৰুণৰামতৰুণ ৰাম ফুকনৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম বলৰাম ফুকন আৰু মাতৃ ভাগিৰথী।ভাগীৰথী। দেউতাক বলৰাম ফুকন এজন নিপুণ চিকাৰী আছিল। পেছাগতভাৱে তেওঁ বিজনীৰ ৰজাৰ দেৱান আছিল। তদুপৰি তেওঁৰ হাতীৰ মহল আৰু ব্যৱসায় আছিল। জীৱনৰ প্ৰথমছোৱাত তেখেতে ঘৰতেই গুৰুৰ অধীনত [[সংস্কৃত ভাষা|সংস্কৃত]] শিক্ষা গ্ৰহণ কৰিছিল। পাছত গুৱাহাটীৰ [[কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়|কলেজিয়েট স্কুল]]ত (Collegiate School) নাম লগাই, সেই স্কুলৰপৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ১৮৯২ চনত। [[কলিকতা]]ৰ [[প্ৰেছিডেন্সী কলেজ]]ৰপৰা তেওঁ এফ এ পাছ কৰি বি এ উত্তীৰ্ণ নোহোৱাকৈয়ে, তেখেতে [[লণ্ডন]]ত ওকালতি স্নাতকৰ (Barrister-at-Law) অধ্যয়নৰ বাবে যায়। তেখেত আছিল অসমৰ তৃতীয় জনতৃতীয়জন বেৰিষ্টাৰ।<ref>অসম সাহিত্য সভাৰ সভাপতি সকল, লিখক-সমীন কলিতা, পৃষ্ঠা নং-৪২ </ref>
 
==কৰ্মজীৱন==
লণ্ডনৰপৰা উভতি আহি তেখেতে কিছুদিন [[কলিকতা]]ত ওকালতি কৰিবলৈ লয়। পাছত গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে। ১৯১৪ চনৰ পৰা গুৱাহাটীৰ '[[আৰ্ল ল কলেজ]]'ত (Earle Law College) কিছুদিন শিক্ষকতা কৰে। [[ডিব্ৰুগড়]]ৰ পৰশুৰাম খাউণ্ডৰ জীয়ৰী বিদ্যুৎপ্ৰভাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।
 
১৯১৪ চনত তৰুণৰামতৰুণ ৰাম ফুকনে [[ভাৰতৰ স্বাধীনতা সংগ্ৰাম]]ত যোগ দিয়ে।
 
১৯১৭ চনত মণ্টেগু সংস্কাৰ সমিতিৰ ওচৰলৈ যোৱা প্ৰতিনিধি দলটোৰ এগৰাকী সদস্য আছিল তৰুণৰামতৰুণ ৰাম ফুকন। তেওঁলোকে অসমৰ বাবে স্বায়ত্ত্ব শাসনৰ দাবী তুলিছিল।
 
[[মহাত্মা গান্ধী]]য়ে আৰম্ভ কৰা [[অসহযোগ আন্দোলন]]লৈ তেখেতে সমৰ্থন আগবঢ়ায়। ১৯২২ চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে তেখেতৰ ভৰলুমুখৰ ঘৰতে আলহী হৈছিল। ১৯২২ চনত প্ৰথমবাৰৰ তৰুণৰামতৰুণ ৰাম ফুকনক স্বাধীনতা সংগ্ৰামত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।
 
১৯২৩ চনত তৰুণৰামতৰুণ ৰাম ফুকনে [[দেশবন্ধু [[চিত্তৰঞ্জন দাস]] আৰু [[মতিলাল নেহৰু]]ৱে গঠন কৰা [[স্বৰাজ দল]]ত যোগদান কৰে। স্বৰাজ দলে ব্ৰিটিছ শাসনৰপৰা অধিক স্বায়ত্ত-শাসন আৰু ৰাজনৈতিক স্বাধীনতা বিচাৰিছিল। কংগ্ৰেছৰ লগত আদৰ্শমূলক সংঘাতৰ বাবে এই দল কংগ্ৰেছৰপৰা আঁতৰি আহে। তৰুণৰামতৰুণ ৰাম ফুকনে অসমত এই দলৰ গুৰি ধৰিছিল। স্বৰাজ দলে ব্ৰিটিছে প্ৰণয়ন কৰা 'আঞ্চলিক আৰু কেন্দ্ৰীয় শাসন পৰিষদ'ৰ (Provincial and Central Legislative Council) ধাৰণা মানি লৈছিল। তৰুণৰামতৰুণ ৰাম ফুকন কেন্দ্ৰীয় পৰিষদৰ সভ্য হিচাপে পোন্ধৰ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। (বাৰ্তা চাওক) মহাত্মা গান্ধীৰ অনুৰোধ মৰ্মে আদৰ্শগত মতবিৰোধ সত্ত্বেও 'স্বৰাজ দল' কংগ্ৰেছৰে এটা শাখা হিচাপে আছিল।
 
১৯২৬ চনত অসমত হোৱা [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ মহাসভাক সফল কৰিবলৈ অন্যন্য নেতাৰ সতে তৰুণৰামতৰুণ ৰাম ফুকনেও দেহে-কেহে কষ্ট কৰিছিল।
 
১৯২৭ চনৰ [[অসম সাহিত্য সভা]]ৰ [[গোৱালপাৰা]] অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিলকৰিছিল।<ref>[http://www.asamsahityasabha.com/index.php?option=com_content&view=article&id=46&Itemid=56 ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা] [[অসম সাহিত্য সভা]]ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২। </ref> পাছলৈ তেখেতে অসম সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লয় আৰু সভাৰ কাৰ্য্যপন্থাক নৰম-পন্থাৰপৰা চৰম-পন্থালৈ ৰূপান্তৰিত কৰে।
 
১৯৩২ চনত [[মদন মোহন মালব্যমালৱীয়]]ৰ নেতৃত্বত গঢ় লৈ উঠে 'ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল' (Congress Nationalist Party)। তৰুণৰামতৰুণ ৰাম ফুকন আৰু [[ৰোহিনী কুমাৰ চৌধুৰী]]য়ে এই দলত যোগদান কৰে।
 
১৯৩৬ চনত 'ভাৰত চৰকাৰ আইন'ৰ (Government of India Act, 1935) অধীনত হোৱা 'সাধাৰণ নিৰ্বাচন'ৰ সময়ত তৰুণৰামতৰুণ ৰাম ফুকনে 'ইউনাইটেড পিপুলছ পাৰ্টি' (United People's Party) গঠন কৰে। অসমৰ কেবাগৰাকী নেতাই তেখেতক সমৰ্থন আগবঢ়াইছিল।
 
১৯৩৮ চনত [[চৈয়দ মহম্মদ ছাদুল্লা|ছাদুল্লা]] চৰকাৰে পদত্যাগ কৰাৰ পাছত [[গোপীনাথ বৰদলৈ]]ৰ নেতৃত্বত [[সন্মিলিত চৰকাৰ]] (Coalition Government) গঠন কৰাত তৰুণৰামতৰুণ ৰাম ফুকনে বিশেষ কূটনৈতিক ভূমিকা গ্ৰহণ কৰিছিল।
 
==অন্যান্য অৱদান==
তৰুণৰামতৰুণ ৰাম ফুকনক অসমৰ মানুহে দেশবন্ধু বুলি সন্মান দিছিল। ডেকা সকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। ডেকা নেতাসকলত তৈয়াৰ কৰাতো তেখেতে যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়াৰ বাহিৰেও তেখেতে উড়িয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্ছী আৰু উৰ্দু ভাষাত লিখা-মেলা কৰিব পাৰিছিল। সুদক্ষ বক্তা তৰুণৰামতৰুণ ৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্য দোৱানত সাৱলীল ভাষণ দিব পাৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তৰুণৰামতৰুণ ৰাম ফুকনৰ বিৰোধ চলি আহিছিল যদিও, দেশপ্ৰেমৰ কামত তেওঁ কেতিয়াও পিছ হুঁহকি অহা নাছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক ''দেশভক্ত'' উপাধিৰে বিভূষিত কৰা হয়।
 
তৰুণৰামতৰুণ ৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত কলিকতাৰ ৰাজ পথত চাইকেল চলোৱা প্ৰথম গৰাকী অসমীয়া আছিল।<ref name="সাহিত্য মাধুৰী">{{cite book | title=সাহিত্য মাধুৰী অষ্টম ভাগ | publisher=চি এণ্ড পি এণ্টাৰপ্ৰাইজেচ্ | author=চন্দ্ৰমা বৰকটকী | authorlinkchapter=জীৱনৰ গতি | pages=১৩}}</ref>
 
==সাহিত্য==
তৰুণৰামতৰুণ ৰাম ফুকনে সেইসময়ৰ বিভিন্ন কাকত-আলোচনীত কবিতা-প্ৰবন্ধ আদি প্ৰকাশৰ মাধ্যমেৰে সাহিত্য সাধনা কৰিছিল। ''স্ততিমালা'' তেওঁৰ একমাত্ৰ কবিতা পুথি, ইয়াৰোপৰি তেওঁ যৌনতত্ত্ব মূলক গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ কিছুমান কবিতা [[অতুলচন্দ্ৰ হাজৰিকা]]ই সম্পাদনা কৰা ''মৰহা ফুলৰ পাপৰি'' কাব্য সংকলন খনত প্ৰকাশ হৈছে।
 
==মৃত্যু==
61 নং শাৰী:
 
==তথ্য সংগ্ৰহ==
*{{Reflist|<ref>Acharya, (Dr.) N.N., ''Glories of Assam'', Bina Library, Guwahati</ref>}}
{{Reflist}}
*Acharya, (Dr.)N.N., ''Glories of Assam'', Bina Library, Guwahati
 
 
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:অসমৰ স্বাধীনতা সংগ্ৰামী]]
[[শ্ৰেণী:অসম সাহিত্য সভাৰ সভাপতি]]