শেষনাগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox deity | type = হিন্দু | name = শেষনাগ<br>শেষ<br>অনন্ত শেষ | image = File:Ananta Shesha.jpg | alt = | caption = অনন্ত শেষ | affiliation = বিষ্ণুৰ ভক্ত, নাগ | father = ঋষি কাশ্যপ | mother = কদ্ৰু | abode = ক্ষীৰ সাগৰ | deity_of = নাগসকলৰ ৰজা{{Sfn|Handa|2004|p=91}} | other_name...
 
20 নং শাৰী:
বিষ্ণুক সততে শেষনাগৰ ওপৰত শয়ন কৰা অৱস্থাত চিত্ৰিত কৰা হয়। শেষনাগ বিষ্ণুৰ পৰম ভক্ত। ত্ৰেতা যুগত বিষ্ণুৱে [[ৰাম]]ৰ অৱতাৰ লওঁতে শেষনাগে [[লক্ষ্মণ]] ৰূপে আৰু দ্বাপৰ যুগত [[কৃষ্ণ]] অৱতাৰ লওঁতে [[বলৰাম]] ৰূপে অৱতাৰ গ্ৰহণ কৰিছিল। [[মহাভাৰত]]ৰ আদি পৰ্বৰ মতে শেষনাগৰ পিতৃ-মাতৃ হৈছে ঋষি কাশ্যপ আৰু কদ্ৰু।
==ৰূপবৰ্ণনা==
[[File:Sheshashayi - Laxminarayan by DHURANDHAR MV.jpg|alt=|thumb|250x250px|সহধৰ্মিণী [[লক্ষ্মী]]ৰ সৈতে শেষনাগৰ দেহত শায়িত অৱস্থাত বিষ্ণু। ]]
শেষনাগক সাধাৰণতে এক বিশাল ৰূপৰে দেখুওৱা হয় যি মহাকাশত বা ক্ষীৰ সাগৰত কুণ্ডলী পকাই ভাসমান অৱস্থাত থাকে। তেওঁ নুজ দেহত শায়িত অৱস্থাত বিষ্ণুক ধাৰণ কৰে। কেতিয়াবা তেওঁক পাঁচ বা সাত বা দহটা শিৰযুক্ত সৰ্প হিচাপে দেখুওৱা হয়। কিন্তু সচৰাচৰ তেওঁ এক হাজাৰ, পাঁচ হাজাৰ বা আনকি দহ হাজাৰ শিৰৰ সৰ্প হিচাপে (কেতিয়াবা প্ৰতিটো শিৰতে মুকুট পৰিহিত ৰূপত) চিত্ৰায়িত কৰা হয়।
 
সংস্কৃত মূলৰ পৰা উদ্ভৱ হোৱা তেওঁৰ নামৰ অৰ্থ হৈছে "যি বাকী আছে"; কিয়নো যেতিয়া কল্পৰ শেষত পৃথিৱী ধ্বংস হয় শেষনাগ একেদৰেই অপৰিৱৰ্তিত ৰূপত বিৰাজ কৰে।
 
ভাগৱত গীতাৰ দশম অধ্যায়ৰ ২৯-তম শ্লোকত [[কৃষ্ণ]]ই তেওঁৰ ৭৫টা স্বৰূপৰ বৰ্ণনা কৰি ঘোষণা কৰিছে, "অনন্তচ্ চ অস্মি নাগনম" অৰ্থাৎ "নাগসকলৰ ভিতৰত মই অনন্ত।"
 
মহাভাৰতৰ মতে শেষনাগৰ জন্ম হৈছিল ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী কদ্ৰুৰ পৰা। কদ্ৰুৱে এহেজাৰ সৰ্প বা নাগৰ জন্ম দিছিল যাৰ ভিতৰত শেষনাগ আছিল জ্যেষ্ঠতম। শেষনাগৰ পিছত ক্ৰমান্বয়ে বাসুকী, ঐৰাৱত আৰু তক্ষকৰ জন্ম হয়। তেওঁৰ বহুতো ভ্ৰাতৃ নিষ্ঠুৰ আছিল আৰু আনৰ ক্ষতি সাধনো কৰিছিল। আনকি তেওঁলোক নিজৰ সতীয়া ভ্ৰাতৃ তথা বিনতাৰ পুত্ৰ [[গৰুড়]]ৰ প্ৰতিও দয়ালু নাছিল (কদ্ৰু আৰু বিনতা দক্ষৰ কন্যা আছিল)।
 
সহোদৰসকলৰ নিষ্ঠুৰ কাৰ্য্যত বিৰক্ত হৈ শেষনাগে তেওঁৰ মাতৃ আৰু আত্মীয়সকলক এৰি কঠোৰ তপস্যাত বহে। তেওঁ বতাহ খায়েই জীৱন ধাৰণ কৰিছিল আৰু গন্ধমাদন, বদ্ৰিকাশ্ৰম, গোকৰ্ণ, পুষ্কৰ আৰু হিমালয়ক আদি স্থানত ধ্যান কৰিছিল। তেওঁৰ তপস্যা ইমানেই কঠোৰ আছিল যে তেওঁৰ মাংস, ছাল আৰু পেশীসমূহ শুকাই যায় আৰু তেওঁ হাড়ে-ছালে লাগে। [[ব্ৰহ্মা]]ই তেওঁৰ শেষনাগৰ ইচ্ছাৰ বিষয়ে নিশ্চিত হৈ তেওঁক এটা বৰ বিচাৰিবলৈ কয়। তেতিয়া শেষনাগে তপস্যা অব্যাহত ৰাখিবৰ বাবে নিজৰ মনটো নিয়ন্ত্ৰণত ৰাখিবলৈ বৰ বিচাৰে। ব্ৰহ্মাই আনন্দেৰে এই বৰ প্ৰদান কৰে। ইয়াৰ লগতে ব্ৰহ্মাই অস্থিৰ ভূমিৰ নিম্নভাগলৈ গৈ ইয়াক স্থিৰ কৰি ৰাখিবলৈ শেষনাগৰ সহায় বিচাৰে। এই কথাত সন্মত হৈ শেষনাগ পাতাললৈ যায় আৰু ভূমিক তেওঁৰ ফণাৰে স্থিৰ কৰি ৰাখে। তেওঁ আজিও ভূমিক ধাৰণ কৰি আছে বিশ্বাস কৰা হয়। সেয়ে পাতাল তেওঁৰ তেওঁৰ চিৰস্থায়ী বাসস্থান বুলি কোৱা হয়।<ref>''Mbh'', Adi Parva</ref>
 
===মহাবিষ্ণু আৰু সংকৰ্ষণ===
 
==অৱতাৰ==
==উদ্ধৃতি==
"https://as.wikipedia.org/wiki/শেষনাগ"ৰ পৰা অনা হৈছে